ৰাজ্যখনৰ চিকিৎসা সেৱাক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰি এই নৱেম্বৰত ৰাজ্য চৰকাৰৰ লগতে দেশৰ এক আগশাৰীৰ কৰ্প’ৰেট খণ্ডই কৰ্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনত বিশেষ সহযোগিতা প্ৰদানৰ বিষয়ে ঘোষণা কৰে৷
অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩০০ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰে৷ এই পদক্ষেপৰ জৰিয়তে নতুন স্বাস্থ্যজনিত সমস্যাসমূহৰ মোকাবিলা কৰিব পৰাকৈ চিকিৎসা মহাবিদ্যালয়খনক এক অত্যাধুনিক গৱেষণা প্ৰতিষ্ঠান হিচাপে গঢ় দিয়াৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷
এই মহাৰজত জয়ন্তী উদযাপন উদ্বোধন কৰি তেওঁ কয় যে আবণ্টিত ধনৰ অধিকাংশই চিকিৎসকৰ বাবে আৱাস আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব৷
এই ঘোষণাৰ পাছৰ দিনাই ৰাজ্য চৰকাৰে গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক শাখাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷
অসম চৰকাৰৰ আয়ুক্ত তথা সচিব (চিকিৎসা শিক্ষা আৰু গৱেষণা) সিদ্ধাৰ্থ সিং আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক ৰাধাকিষাণ ডামানীয়ে বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানটোক ঐতিহাসিক বুলি অভিহিত কৰি কয় যে এই পদক্ষেপে অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব৷ উল্লেখ্য যে পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যৰ এখন চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ব্যক্তিগত খণ্ডৰ সৈতে বুজাবুজি কৰিছে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ত ১০০০খন বিছনাযুক্ত চিকিৎসালয় আৰু শৈক্ষিক শাখাৰ লগতে বছৰি ১০০গৰাকী এমবিবিএছ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা থাকিব৷ চিকিৎসা মহাবিদ্যালয়খনৰ একাডেমিক ব্লক, ইউ জি আৰু ইণ্টাৰ্ন হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে কৰ্প’ৰেট সামাজিক দ্বায়বদ্ধতা আঁচনিৰ অধীনত অসম চৰকাৰলৈ ১৫০ কোটি টকাৰ পুঁজি আগবঢ়াইছে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লগতে কয় যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ৰাজ্য চৰকাৰে বৰ্তমানৰ ৯খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি ১৫খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে পদক্ষেপ হাতত লৈছে৷ নতুনকৈ নিৰ্মাণ হ’বলগীয়া এই ১৫খন চিকিৎসা মহাবিদ্যালয়ৰ এখন গুৱাহাটীত স্থাপন কৰাৰ পৰিকল্পনা কৰাৰ লগতে নলবাৰী, নগাঁও, কোকৰাঝাৰ, তিনিচুকীয়া, চৰাইদেউ আৰু বিশ্বনাথ চাৰিআলিত ৭খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে৷
“আমি এই মাহৰ ভিতৰত গোলাঘাট, বঙাইগাঁও, মৰিগাঁও, তামুলপুৰ আৰু ধেমাজিত নতুনকৈ পাঁচখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ আৰু শিৱসাগৰ, কৰিমগঞ্জ আৰু গোৱালপাৰাত প্ৰস্তাৱিত আন তিনিখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম শীঘ্ৰে হাতত লোৱা হ’ব৷ অহা পাঁচ বছৰত অসমত মুঠ ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব যাৰ ফলত ৰাজ্যত চিকিৎসা সেৱা আৰু চিকিৎসকৰ উপলভ্যতা যথেষ্ট উন্নত হ’ব,” তেওঁ কয়৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ লগে লগে এমবিবিএছৰ আসনৰ সংখ্যাও বৃদ্ধি হৈ আহিছে৷ ২০১৪ চনত থকা ৭২৬খন আসনৰ পৰা ২০২২ চনত ১২০০লৈ বৃদ্ধি পাইছে৷
অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ডামানী ফাউণ্ডেশ্যনৰ চি এছ আৰ মুৰব্বী মধু চন্দক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ আয়ুক্ত আৰু সচিবো উপস্থিত আছিল৷
১৫ নৱেম্বৰত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কেইবাটাও নতুন আন্তঃগাঁথনিৰ উদ্বোধন কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠানখনক চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ বিশ্বমানৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যৰে এই পৰিকল্পনাসমূহ হাতত লোৱা হৈছে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উদ্বোধন কৰা ৫টা নতুন অট্টালিকাৰ ভিতৰত পাৱাৰগ্ৰিড কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডৰ পৰা চি এছ আৰ পুঁজিৰ অধীনত ১৩.৫ কোটি টকা ব্যয়েৰে বিশ্ৰাম সদন নামেৰে ১৫৬খন বিছনাযুক্ত অতিথিশালা নিৰ্মাণ কৰা হৈছে৷ ইয়াত পুৰুষ আৰু মহিলাৰ বাবে পৃথক আবাসৰ ব্যৱস্থা কৰা হৈছে৷ জিএমচিএইচত চিকিৎসাৰ বাবে অহা ৰোগীৰ পৰিচাৰকসকলৰ সুবিধাৰ্থে এই অতিথিশালাসমূহ নিৰ্মাণ কৰা হৈছে৷
তদুপৰি অইল ইণ্ডিয়া লিমিটেডৰ আংশিক আৰ্থিক সাহায্যৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৪৫০খন আসনযুক্ত এক অত্যাধুনিক কলেজ প্ৰেক্ষাগৃহ উদ্বোধন কৰে৷
ভাষণ প্ৰসংগত তেওঁ কয় যে এই সংযোজনে ৰাজ্য চৰকাৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাত যথেষ্ট সহায় কৰিব৷