ডিব্ৰুগড় জিলাৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰি কেইবাটাও প্ৰকল্পৰ শিলান্যাস তথা উদ্বোধন কৰা হয়। আধুনিক প্ৰশাসনিক সুবিধাৰে সজ্জিত টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শিলান্যাস আৰু বহুমুখী প্ৰকল্পসমূহৰ শুভ উদ্বোধনে জিলাখনৰ প্ৰশাসনিক ব্যৱস্থা অধিক দক্ষ, জনমুখী আৰু গতিশীল কৰিব। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ মহিলাসকলক ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰৰো অধিক অৰ্হতাসম্পন্ন মহিলাক ১০,০০০ টকাৰ বীজ মূলধন প্ৰদান কৰা হয়।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মহিলাক কেৱল গৃহিণী হিচাপে গণ্য কৰাৰ মানসিকতাক আঁতৰাই নতুন অসমৰ আত্মনিৰ্ভশীলতাৰ যাত্ৰাৰ সহযাত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ।”
ইয়াৰ লগতে অসম মালা ৩.০-ৰ অধীনত ৯.৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ মৰাণ-নিতাই পথৰ এটি অংশৰ উন্নীতকৰণ আৰু বহলীকৰণ প্ৰকল্পৰ শিলান্যাস কৰা হয়। ৩৬.৯২ কোটি টকা ব্যয় সাপেক্ষে এই পথৰ নিৰ্মাণকাৰ্য কৰা হ’ব। ইয়াৰ লগতে ১৯.৫০ কোটি টকা ব্যয় সাপেক্ষে টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। তদুপৰি মৈত্ৰী আঁচনিৰ অধীনত ২.১৫ কোটি টকা ব্যয় সাপেক্ষে মৰাণ আৰক্ষী থানা ভৱন নিৰ্মাণ কৰা হ’ব।
এই অনুষ্ঠানতে ১২.৩২ কোটি টকা ব্যয়ৰ মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া কমপ্লেক্সৰো উদ্বোধন কৰা হয়।
টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “এই সকলো উন্নয়নমূলক পদক্ষেপে টিংখাং তথা সমগ্ৰ অঞ্চলটোৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সামাজিক, অৰ্থনৈতিক আৰু প্ৰশাসনিক বিকাশত নতুন গতি প্ৰদান কৰিব। ৰাজ্য চৰকাৰৰ এই দৃষ্টিভংগীপূর্ণ উদ্যোগসমূহে উন্নত অসম গঢ়াৰ যাত্ৰাত এক সুদৃঢ় ভেটি স্থাপন কৰিলে।”










