সাহিত্যিক প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম চৰকাৰে ‘কিতাপৰ বৰ্ষ’ উদ্যোগৰ অধীনত ৮১৮গৰাকী যুৱ লেখকলৈ শেহতীয়াকৈ আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ অধীনত নিৰ্বাচিত প্ৰতিগৰাকী লেখকক সৃজনশীল আৰু সাহিত্যিক কৰ্মত সহায় হোৱাকৈ ২৫ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হৈছে।
অসম গ্ৰন্থমেলা ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে যুৱ লেখকসকলৰ হাতত এই আৰ্থিক অনুদান প্ৰদান কৰে। অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, “গ্ৰন্থমেলা এতিয়া কেৱল গুৱাহাটীতেই সীমাবদ্ধ হৈ থকা নাই। বঙাইগাঁও, লখিমপুৰ, নলবাৰী, যোৰহাট, তিনিচুকীয়া, শিলচৰ আৰু মঙলদৈ আদি জিলাতো গ্ৰন্থমেলা আয়োজন কৰা হৈছে, যাৰ উদ্দেশ্য ৰাজ্যজুৰি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা।”
তেখেতে জনায় যে ৪০ বছৰৰ অনূৰ্ধ্বৰ অসমীয়া আৰু অসমত প্ৰচলিত অন্যান্য জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা লেখকসকলক উৎসাহিত কৰাৰ বাবে ‘যুৱ লেখক সন্মান’ প্ৰৱৰ্তন কৰা হৈছে। প্ৰায় ২,৩০০খন আবেদন লাভ কৰা হৈছিল যদিও সেইসমূহৰ ভিতৰত ৮১৮গৰাকী যুৱ লেখকক নিৰ্বাচন কৰা হয়।
অসমৰ সমৃদ্ধ সাহিত্যিক ঐতিহ্যৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষাৰ বিকাশ, ধ্ৰুপদী ভাষাৰ স্বীকৃতি আৰু মহান সাহিত্যিকসকলৰ অৱদানক স্মৰণ কৰে। তেখেতে কয় যে ভাষাটোৰ শক্তি আৰু মৌলিকতাক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিয়া হৈছে।
যুৱ লেখকসকলক মৌলিক সৃষ্টিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত অধিক নিৰ্ভৰশীল নহ’বলৈ আহ্বান জনায়। “প্ৰযুক্তিয়ে সৃষ্টিশীলতাত সহায় কৰিব পাৰে, কিন্তু মানৱীয় অনুভৱ আৰু জীৱনৰ অভিজ্ঞতা কোনো যন্ত্ৰই সলনি কৰিব নোৱাৰে,” তেখেতে কয়।
লেখকসকল সমাজৰ প্ৰতি দায়বদ্ধ হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰতিবাদী বা বিপ্লৱী লেখায়ো শেষত সমাজত ইতিবাচক পৰিৱৰ্তন আনিব লাগিব, অস্থিৰতা নহয়।”
অনুদানপ্ৰাপকসকলৰ বহুজনৰ বাবে এই ঘোষণা হৈছে স্বীকৃতি আৰু আশ্বাস। ‘যুৱ লেখক সন্মান ২০২৫’ৰ অন্যতম স্বীকৃতিপ্ৰাপক প্ৰণৱ জ্যোতি মহন্তই এই মুহূৰ্তটোক গভীৰভাৱে অনুপ্ৰেৰণাদায়ক বুলি বৰ্ণনা কৰে। অসম বাৰ্তাৰ প্ৰতিবেদকৰ সৈতে হোৱা বাৰ্তালাপত তেখেতে কয় যে ২০২৫ৰ শেষভাগত এই সুখবৰ লাভ কৰি তেখেত অতিশয় আনন্দিত হৈছিল আৰু দায়বদ্ধতা বৃদ্ধিৰ অনুভৱো কৰিছিল।
“শৈশৱৰ পৰা সাহিত্য চৰ্চা কৰি আহিছোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এদিন চৰকাৰৰ পৰা এনেদৰে মোৰ সাহিত্যক স্বীকৃতি দিয়া হ’ব,” তেখেতে কয়। এই স্বীকৃতিয়ে অধিক দায়িত্বশীলতাৰে লিখি যোৱাৰ প্ৰেৰণা যোগাইছে বুলিও মহন্তই উল্লেখ কৰে।
তেখেতে লগতে আন যুৱ লেখকসকলকো অভিনন্দন জনোৱাৰ লগতে প্ৰকাশন পৰিষদ, অসম আৰু ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।
“ভৱিষ্যতেও এনে উদ্যোগ অব্যাহত থাকক বুলি আশা কৰিছোঁ। এই উৎসাহে নিশ্চয় যুৱ লেখকসকলক নিজৰ সৃজনশীল যাত্ৰাত অটল থাকিবলৈ প্ৰেৰণা যোগাব,” এই কথা উল্লেখ কৰি তেখেতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জনায়।
একেই অনুভৱ প্ৰকাশ কৰি আন এগৰাকী লেখক ৰংমন দাসে কয় যে বহু লেখকে আৰ্থিক দায়বদ্ধতাৰ বাবে নিজৰ লেখাসমূহ নিয়মিতভাৱে আগবঢ়াবলৈ অসুবিধাৰ সন্মুখীন হৈছিল। “মই বহু প্ৰতিভাশালী উদীয়মান লেখকক চিনি পাওঁ, যিসকলে পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে শেষত সাহিত্য চৰ্চা কৰাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছিল,” তেখেতে কয়।
২৫ হাজাৰ টকাৰ অনুদান আৰু ‘যুৱ লেখক সন্মান’ৰ স্বীকৃতিয়ে তেওঁলোকলৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি দাসে কয়, “আৰ্থিক চাপৰ বাবে যিসকলৰ কলম থমকি গৈছিল, এই সন্মানে পুনৰ লিখিবলৈ সাহস দিছে। আমি এতিয়া অধিক দৃঢ়তা আৰু নিৰ্ভীকতাৰে পুনৰ কলম ধৰিছোঁ।”
‘কিতাপৰ বৰ্ষ’ৰ অধীনত পঢ়ুৱৈ, লেখক আৰু প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি বিভিন্ন উদ্যোগৰ মাজতে গ্ৰহণ কৰা এই ঘোষণা অসমত সাহিত্যিক পৰিৱেশ সুদৃঢ় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে; যাৰ ফলত ৰাজ্যখনৰ সাহিত্যিক প্ৰতিভাসমূহে ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰেৰণা যোগাই যাব।










