ৰাজ্যখনত চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত অভূতপূৰ্ব পৰিৱৰ্তন আনি নৱেম্বৰ মাহত শিক্ষা বিভাগত কেইবাহাজাৰ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়।
৯ নৱেম্বৰ তাৰিখে ৫,৫০০গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত নিম্ন প্ৰাথমিক বিদ্যালয়ত ৩,৮০০গৰাকী শিক্ষক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত ১,৭৫০গৰাকী শিক্ষকক নিযুক্তি দিয়া হয়।
ইয়াৰ সমান্তৰালকৈ ১৩ নৱেম্বৰ তাৰিখে ৮,৮০০ প্ৰাৰ্থীলৈ নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়। উচ্চ শিক্ষা সঞ্চালকালয়ত সহকাৰী অধ্যাপক ২৬৩গৰাকী আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰী ১১০গৰাকী নিযুক্তি দিয়াৰ লগতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ত স্নাতক শিক্ষক ৬,৫২২গৰাকী আৰু স্নাতকোত্তৰ শিক্ষক ১,২৭৫গৰাকীক নিযুক্তি দিয়া হয়।
আনহাতে, ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ সঞ্চালকালয়ত ৩৬গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়।
ইয়াৰ লগতে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ৩৭৭গৰাকী টেট তথা নিযুক্তি পৰীক্ষা উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰা হয়।
ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ নিযুক্তিৰ সংখ্যা ১,৩৫,৩৭৬লৈ বৃদ্ধি পায়।
নতুনকৈ নিযুক্তি লাভ কৰা তেজপুৰৰ অলিম্পিয়া কলিতাই কয়, “স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াই আমাক সাহস দিছে। এটকাও নিদিয়াকৈ আমি নিযুক্তি লাভ কৰিছোঁ। এই মনোবল দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।”
স্নাতক শিক্ষকৰ নিযুক্তি লাভ কৰা সাগৰিকা শইকীয়াই কয়, “সম্পূৰ্ণ মেধা আৰু যোগ্যতাৰ ভিত্তিত আমি এই চাকৰি লাভ কৰিছোঁ। এতিয়া আমাৰ চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি আস্থা আৰু বিশ্বাস দুগুণ বৃদ্ধি পাইছে।”
উল্লেখযোগ্য যে চাহ জনগোষ্ঠীয় লোকৰ বাবে চাকৰিত ৩% সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰা বিশ্বনাথ জিলাৰ ৰাজীৱ গোৱালাই আনন্দ প্ৰকাশ কৰি কয়, “চাহ জনগোষ্ঠীৰ লোকসকলক শিক্ষাৰ বাবে অনুপ্ৰাণিত কৰি তেওঁলোকক আগবঢ়াই অনাৰ বাবে ধন্যবাদ জনাইছোঁ।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, “চাহ বাগিচা সম্প্ৰদায়ৰ নিযুক্তিৰ সময়ত কিছুসংখ্যকে ভুৱা প্ৰমাণপত্ৰৰ আশ্ৰয় লোৱা দেখা যায়, এইক্ষেত্ৰত আমি এক বিশেষ নীতি গ্ৰহণৰ সিদ্ধান্ত লৈছোঁ, যাতে চাহ বাগিচাৰ প্ৰকৃত যুৱক-যুৱতীসকলেহে এই সুবিধা গ্ৰহণ কৰিব পাৰে৷”










