ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰাজ্যজুৰি এক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহত অধ্যয়ন কৰা নৱম শ্ৰেণীৰ তিনি লাখৰো অধিক শিক্ষাৰ্থীক চাইকেল বিতৰণৰ বাবে ৰাজ্যব্যাপী আঁচনি আৰম্ভ কৰিছে।
এই কাৰ্যসূচীৰ অধীনত ৰাজ্যজুৰি ৩,১০,০৩১গৰাকী শিক্ষাৰ্থীক চাইকেল প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু আদৰ্শ বিদ্যালয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলো অন্তৰ্ভুক্ত। মুঠ হিতাধিকাৰীৰ ভিতৰত ১,৩৪,৪৩২গৰাকী ল’ৰা আৰু ১,৭৫,৬০৮গৰাকী ছোৱালী। এই পদক্ষেপে ছাত্ৰী শিক্ষাক উদগনি যোগোৱাৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ গুৰুত্বকো প্ৰতিফলিত কৰে।
ডিব্ৰুগড়ৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই আঁচনিৰ পটভূমি ব্যাখ্যা কৰে। তেখেতে উল্লেখ কৰে যে পৰিবহণ সমস্যা ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় ত্যাগৰ এক মুখ্য কাৰণ।
তেখেতে কয়, “আমাৰ মূল্যায়নৰ মতে, প্ৰায় পাঁচ বছৰৰ বিদ্যালয় শিক্ষাৰ পাছত প্ৰায় ৬ শতাংশ শিক্ষাৰ্থীয়ে বিদ্যালয় ত্যাগ কৰে, যাৰ মুখ্য কাৰণ হৈছে যাতায়াতৰ অসুবিধা। এই চাইকেল বিতৰণ আঁচনিখনে বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত বিদ্যালয়লৈ সহজ আৰু দ্ৰুত প্ৰৱেশ নিশ্চিত কৰি বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰাত সহায় কৰিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নত যাতায়াত আৰু শিক্ষাগত ফলাফলৰ মাজত থকা সৰল সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেখেতে কয়, “ভাল যাতায়াত ব্যৱস্থাৰ অৰ্থ হ’ল নিয়মিত উপস্থিতি, অধিক নামভৰ্তি আৰু বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস।”
শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ চৰকাৰে কেইবাটাও শৈক্ষিক সহায়মূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলক এতিয়া মাহিলি ৩০০ টকা প্ৰদান কৰা হ’ব, যিয়ে গুৰুত্বপূর্ণ শিক্ষাগত পৰ্যায়ত আৰ্থিক সহায় আগবঢ়াব।
তেখেতে লগতে জনায় যে, দশম শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে ১০,০০০ টকাৰ পৰা ১২,০০০ টকা পৰ্যন্ত নামভৰ্তি ব্যয় চৰকাৰে বহন কৰিব। এই ব্যৱস্থাই পৰিয়ালসমূহৰ ওপৰত পৰা আৰ্থিক চাপ হ্ৰাস কৰি মাধ্যমিক শিক্ষাৰ পাছতো অধ্যয়ন অব্যাহত ৰাখিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে।
লিংগ সমতা আৰু অন্তৰ্ভুক্তিৰ দিশটো স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰী শিক্ষাৰ্থীসকলৰ বাবে চলি থকা ‘নিযুত মইনা’ আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে এক গুৰুত্বপূর্ণ ঘোষণা কৰে। তেখেতে কয়, “ছাত্ৰ শিক্ষাৰ্থীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি ‘বাবু আঁচনি’ আৰম্ভ কৰিছোঁ, যাৰ জৰিয়তে ল’ৰাসকলকো একেধৰণৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।” ডিব্ৰুগড়ৰ পৰা আৰম্ভ হোৱা চাইকেল বিতৰণ কাৰ্যসূচী অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যৰ সকলো জিলালৈ পৰ্যায়ক্রমে বিস্তাৰ কৰা হ’ব বুলিও তেখেতে জনায়।
শিক্ষাৰ্থীৰ বাবে আশাৰ পোহৰ
শিৱসাগৰৰ শিক্ষাৰ্থী ৰাকেশ গগৈৰ দৰে বহুজনৰ বাবে এই চাইকেলখন জীৱনৰ এক গুৰুত্বপূর্ণ অংশ হৈ উঠিব পাৰে। তেখেতে কয়, “মোৰ ঘৰ আৰু বিদ্যালয়ৰ দূৰত্ব প্ৰায় ছয় কিলোমিটাৰ। বৰষুণৰ সময়ত খোজ কাঢ়ি অহা-যোৱা কৰাটো বহুত কঠিন হৈ পৰে আৰু বহু সময়ত ক্লাছলৈ যাব নোৱাৰোঁ। এতিয়া চাইকেলখন পালে মই নিয়মিতভাৱে সময়মতে বিদ্যালয়লৈ যাব পাৰিম।”
একেদৰে ছোৱালী শিক্ষাৰ্থীসকলৰ মাজতো এই আঁচনিখনে নতুন আশাৰ সঞ্চাৰ কৰিছে, কিয়নো দূৰত্বৰ লগতে সুৰক্ষা আৰু সময়ৰ সমস্যাই তেওঁলোকৰ বাবে অধিক জটিলতা সৃষ্টি কৰে। শ্ৰীভূমিৰ শ্যামসুন্দৰ বিদ্যালয়ৰ শিক্ষাৰ্থী চামিম চুলতানাই কয়, “মই গাঁও অঞ্চলৰ বাসিন্দা। বহু সময়ত অকলে বিদ্যালয়লৈ যোৱাত মোৰ পৰিয়াল চিন্তিত হৈ থাকে। চাইকেলখন পালে মই দ্ৰুত আৰু সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰিম। ইয়াৰ ফলত মই বিদ্যালয়ত থাকি কলেজলৈ যোৱাৰ সপোন দেখিব পাৰিম।”
চাইকেল বিতৰণ কাৰ্যসূচীখন হৈছে বিদ্যালয় ত্যাগ হ্ৰাস কৰাৰ বাবে অসম চৰকাৰৰ এক বৃহৎ কৌশলৰ অংশ। বিগত বছৰসমূহত চৰকাৰে বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আৰু মধ্যাহ্ন ভোজনৰ দৰে ব্যৱস্থাৰ জৰিয়তে পৰিয়ালসমূহৰ ব্যয় হ্ৰাস কৰিছে। সাম্প্ৰতিক বিনামূলীয়া মহাবিদ্যালয় নামভৰ্তিৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে যাতে শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ে। ৰাজ্যজুৰি বিদ্যালয়সমূহত চাইকেল লাভৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে এই সৰল কিন্তু ফলপ্ৰসূ পদক্ষেপে হাজাৰ হাজাৰ শিক্ষাৰ্থীক শ্ৰেণীকোঠালৈ অহাত সহায় কৰিব আৰু এক সুৰক্ষিত ভৱিষ্যতৰ দিশে আগুৱাই নিব।










