১৯৭৯-১৯৮৫ চনৰ ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধা জনাই ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। পাহাৰীয়া অঞ্চলৰ পৰা নদী উপত্যকালৈকে ৰাজ্যৰ বিভিন্ন জিলা আৰু সমজিলাসমূহৰ মুখ্য কাৰ্যালয়সমূহত সকলো স্তৰৰ লোকে একত্ৰিত হৈ আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া ৮৬০গৰাকী শ্বহীদক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে। এই আন্দোলনে ৰাজ্যৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰক নতুন ৰূপ দিছিল।
গোলাঘাটত জিলা পৰ্যায়ৰ অনুষ্ঠানটি গোলাঘাট সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হয়, য’ত ১২,০০০তকৈ অধিক লোকৰ সমাগম ঘটে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মন্ত্ৰী অজন্তা নেওগ। ইয়াৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, জ্যেষ্ঠ জিলা প্ৰশাসনিক বিষয়া আৰু আৰক্ষী বিষয়াসকলেও অংশ লয়।
ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠান গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অনুষ্ঠিত হয়। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানৰ আৰম্ভণি হয়। “শ্বহীদ প্ৰণামো তোমাক” ধ্বনিত চৌদিশ গুঞ্জৰিত হৈ উঠে। এই উপলক্ষে মন্ত্ৰী অজন্তা নেওগে কয়, “অসম আন্দোলনৰ শ্বহীদসকল অসমৰ অস্তিত্ব, মৰ্যাদা আৰু ঐতিহ্যৰ আধাৰ।” অনুষ্ঠানটো বিভিন্ন সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

ধেমাজীত অনুষ্ঠিত শ্বহীদ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মন্ত্ৰী ডা: ৰণোজ পেগু। তেখেতে শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। ধেমাজীৰ এই অনুষ্ঠানত ১৭গৰাকী শ্বহীদৰ পৰিয়াল উপস্থিত থাকে।
প্ৰায় ১০,০০০ কণ্ঠই একেলগে “শ্বহীদ প্ৰণামো তোমাক” গীত গাই উঠা মুহূৰ্তটো এক অভূতপূৰ্ব একতা আৰু আৱেগৰ দৃশ্য হৈ পৰে। অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰীয় সংগীতৰ সৈতে দিনটোৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সমাপ্ত হয়।
হাফলঙত জিলা আয়ুক্তৰ সন্মিলন কক্ষত শ্বহীদ দিৱস পালন কৰা হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদ (এনচিএচিএচি)-ৰ বিষয়াসকল, অতিৰিক্ত জিলা আয়ুক্তসকল আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে শ্বহীদসকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। ভাষণত জিলা আয়ুক্তগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গঢ়ি উঠা অসম আন্দোলনৰ সময়ত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰে আৰু কয় যে অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ দাবীত আৰম্ভ হোৱা আন্দোলনৰ ফলস্বৰূপে ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হয়। “শ্বহীদ দিৱসে অসমীয়াৰ পৰিচয় ৰক্ষাৰ বাবে দিয়া ত্যাগৰ কথা সদায়েই আমাক স্মৰণ কৰিবলৈ শিকায় আৰু ৰাজ্যজুৰি একতা আৰু নাগৰিকৰ মাজত সচেতনতা বৃদ্ধি কৰে,” তেখেতে কয়।

জাগীৰোডত সমজিলা প্ৰশাসনে শ্বহীদ দিৱস পালন কৰে। সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসে অনুষ্ঠানৰ নেতৃত্ব দিয়ে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত সমবেত সংগীতেৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল জাগীৰোড মহাবিদ্যালয়ৰ ১০৭গৰাকী ছাত্ৰ-ছাত্ৰীয়ে একেলগে গোৱা ড° ভূপেন হাজৰিকাৰ “শ্বহীদ প্ৰণামো তোমাক”।
ওদালগুৰি জিলাতো শ্বহীদ দিৱস পালন কৰা হয়। জিলাখনৰ প্ৰায় ৪,৫০০ লোক একত্ৰিত হৈ “শ্বহীদ প্ৰণামো তোমাক” গীতটি গাই শ্বহীদসকললৈ শ্ৰদ্ধা জনায়। ইয়াৰ লগতে শ্বহীদসকলৰ পৰিয়ালবৰ্গকো সন্মানিত কৰা হয়।
তামুলপুৰতো শ্ৰী শ্ৰী জগন্নাথ আৰু গোপাল থান সত্ৰ, কচুবাৰীত ৰাজ্যজুৰি অনুষ্ঠিত শ্বহীদ দিৱসৰ অংশ হিচাপে অনুষ্ঠান আয়োজন কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰি অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰে। তেখেতে কয়, “য’ত বীৰক পূজা কৰা হয়, তাতেই বীৰ জন্ম লয়।” এই উপলক্ষে তামুলপুৰৰ শ্বহীদ প্ৰমোদ কলিতা, থানেশ্বৰ দাস, বগা কাকতি, পৰশুৰাম পাটোৱাৰী, প্ৰফুল্ল ৰাজবংশী আদিক স্মৰণ কৰা হয় আৰু ১২গৰাকী শ্বহীদৰ পৰিয়ালক সন্মান জনোৱা হয়।
নাজিৰা সমজিলাতো হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু স্থানীয় লোকৰ উপস্থিতিত শ্বহীদ দিৱস পালন কৰা হয়। প্ৰায় ৪,০০০ লোকে একেলগে “শ্বহীদ প্ৰণামো তোমাক” গীতটি পৰিৱেশন কৰে।
একেদৰে, বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত গুৱাহাটীৰ বৰাগাঁৱত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটো ভাৰ্চুৱেলী প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অসম আন্দোলনৰ সময়ত অত্যাচাৰৰ সন্মুখীন হোৱা বোকাখাতৰ ১২৫গৰাকী ব্যক্তিক সন্মান জনোৱা হয়।










