২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০% বা ততোধিক নম্বৰ প্ৰাপ্ত মেধাৱী শিক্ষাৰ্থীসকললৈ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত শেহতীয়াকৈ আনুষ্ঠানিকভাৱে স্কুটাৰ বিতৰণ কৰা হয়। এই আঁচনিৰ জৰিয়তে এইবাৰ মুঠ ১১,২৫০গৰাকী শিক্ষাৰ্থী উপকৃত হৈছে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি এই পদক্ষেপক নৱপ্রজন্মৰ সপোনৰ বাটত উৎসাহৰ আন্তৰিক প্রয়াস বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে।
তেখেতে কয়, “ড° বাণীকান্ত কাকতি মেধা বঁটা উত্তম ফলাফলৰ পুৰস্কাৰ হিচাপে আৰম্ভ কৰা হৈছিল যদিও এতিয়া অসমৰ তীক্ষ্ণ মেধাসম্পন্ন মনৰ বাবে শৈক্ষিক উৎকর্ষ আৰু বিকাশৰ বিশ্বাসযোগ্য সাৰথিলৈ ৰূপান্তৰ হৈছে।”
শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুই কয় যে ভাষা-সাহিত্যৰ প্ৰথিতযশা গৱেষক পণ্ডিত ড° বাণীকান্ত কাকতিদেৱৰ স্মৰণত প্ৰদান কৰি অহা এই মেধা বঁটাৰ দ্বাৰা ২০১৭-১৮ চনৰ পৰা এতিয়ালৈ মুঠ ১,৮৫,৪৪২গৰাকী শিক্ষাৰ্থী উপকৃত হৈছে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ১,০৪৩ কোটি টকা ব্যয় কৰা হৈছে।










