মহান স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনক সন্মান জনাই তেখেতৰ মহান আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অসম চৰকাৰে উদযাপন কৰিছে ‘দেশভক্তি দিৱস’। তৰুণৰাম ফুকনৰ স্মৃতি দিৱস ২৮ জুলাই তাৰিখে ৰাজ্যজুৰি এই বিশেষ দিৱস পালন কৰা হয়।
দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি ২৭ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। ৰাজ্য তথা বহিঃৰাজ্যৰ ৩৪৮টা দলে (প্ৰায় ১৫০০ প্ৰতিযোগী) অংশ লোৱা এই কুইজ প্ৰতিযোগিতাত তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে।
“২০২১ চনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে দেশভক্ত তৰুণৰাম ফুকনদেৱৰ সন্মানাৰ্থে দেশভক্তি দিৱস পালন কৰি আহিছে। আমাৰ যুৱ প্ৰজন্মই জনাটো অতিকৈ গুৰুত্বপূৰ্ণ যে ফুকনদেৱে ঐতিহাসিক পাণ্ডু কংগ্ৰেছ অধিৱেশন আয়োজন কৰিবলৈ নিজৰ ঘৰখন বন্ধকত ৰখাৰ পৰ্যায়লৈ গৈছিল — এয়া আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেখেতৰ অতুলনীয় অৱদানৰ এক অন্যতম নিদৰ্শন,”- মন্ত্ৰী পীযুষ হাজৰীকাই এনেদৰে সামাজিক মাধ্যমত প্ৰকাশ কৰে।
অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী পৃষ্ঠপোষকতাত দেশভক্তি দিৱস পালন কৰা হয়।










