কাৰ্বি আংলঙৰ অবিৰত বিকাশ যাত্ৰাত এক নতুন অধ্যায়ৰ সংযোজনেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৬৮ কোটি টকাৰ একাধিক প্ৰকল্পৰ উদ্বোধন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৩৫ কোটি টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰা তাৰালাংছ’ৰ ৩,০০০খন আসনযুক্ত এটা ছেৰটালিন প্ৰেক্ষাগৃহ; ডিফুৰ কাছা ষ্টেডিয়ামত ৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ছাৰছিং টেৰন লাংকুং হাবে বহুমুখী ক্ৰীড়া কমপ্লেক্স; ৬.৮৬ কোটি টকা ব্যয়েৰে নিৰ্মিত তাৰালাংছ’ৰ ৰংবং আৰ্তু, কাৰ্বি কেপিটেল কমপ্লেক্স; ডিফুৰ ৰংখেলানত প্ৰায় ১০ কোটি টকা ব্যয়েৰে নিৰ্মিত এটা নতুন বজাৰ ভৱন, ডিফুৰ ডিএম ৰোডত ১২ কোটি টকা ব্যয়েৰে নিৰ্মিত চং বে আন্তঃৰাজ্যিক বাছ আস্থান।
ডিফুত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এক সমৃদ্ধ সামাজিক-সাংস্কৃতিক পৰম্পৰাৰ লগতে প্ৰাচীন পৰম্পৰা আমাৰ কাৰ্বি সমাজখনে অটুট ৰাখিছে। ড০ শৰ্মাই উল্লেখ কৰে যে কাৰ্বিসকলৰ সমৃদ্ধ সংস্কৃতিৰ উৎপত্তি হৈছিল ৰংখাং অঞ্চলত আৰু ইয়াৰ পৰাই কাৰ্বিসকলে বাৰখন ৰাজধানী স্থাপন কৰিছিল। এই ৰাজধানীসমূহৰপৰা তেওঁলোকে কাৰ্বি নিয়ম তথা ৰীতি-নীতি, পৰম্পৰা আৰু সংস্কৃতি পালন কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কাৰ্বি সম্প্ৰদায়ৰ ইতিহাস খ্ৰীষ্টপূৰ্ব ৩০০০ৰপৰা অব্যহত আছে আৰু কাৰ্বি সমাজে গোত্ৰ আৰু পূৰ্বপুৰুষ আধাৰিত পৰম্পৰাগত বিশ্বাস প্ৰণালী হংহাৰি বিশ্বাসৰ অনুশীলন কৰি আহিছে।
এখন সমাজ নিজৰ শিপাৰ সৈতে সংলগ্ন হৈ থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে উপৰিপুৰুষৰ বিশ্বাস আৰু অনুশীলনৰ সৈতে সম্পৰ্ক ছিন্ন কৰা সমাজ এখন অধিকা কাল আগবাঢ়িব নোৱাৰে। তেওঁ কয় যে কাৰ্বি যুৱক-যুৱতীসকলে তেওঁলোকৰ সম্প্ৰদায়ৰ পিতৃপুৰুষৰ বিশ্বাস অনুশীলনেৰে সমাজত তেওঁলোকৰ প্ৰাসংগিকতা দৃঢ় কৰি যাব লাগিব।