গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ
৭ ডিচেম্বৰ ২০২৫
- কেবিনেটে নতুন বিমানবন্দৰ স্থাপনৰ বাবে শিলচৰৰ ডলু চাহ বাগিচাৰ ভূমি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণক হস্তান্তৰ কৰাৰ বাবে অনুমোদন জনাইছে
- ৰাজ্যৰ সমূহ প্রাথমিক বিদ্যালয় আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীত বাধ্যতামূলক বিষয় হিচাপে বুৰঞ্জী আৰু ভূগোল বিষয় প্ৰৱৰ্তনৰ বাবে কেবিনেটে অনুমোদন জনাইছে
- লজিষ্টিকছু ব্যয় হ্রাস তথা বহুমুখী সংযোগ সুদৃঢ় কৰা আৰু এইক্ষেত্ৰত বিনিয়োগ আকৰ্ষণ কৰিবলৈ কেবিনেটে ‘আছাম লজিষ্টিকছ আৰু ৱেৰহাউছিং পলিচী, ২০২৫ত অনুমোদন জনাইছে
- কেবিনেটে গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয় চৌহদত ২৪৩.৬৬ কোটি টকা ব্যয়েৰে বিমান ক্ষেত্ৰ আৰু প্ৰতিৰক্ষা, মটৰগাড়ী আৰু বৈদ্যুতিক বাহন উদ্যোগৰ এক উৎকর্ষ কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে
- কেবিনেটে কার্বি আংলঙত ৩৩৫ কোটি টকাৰ প্ৰকল্প ব্যয়েৰে এখন নতুন সৈনিক বিদ্যালয় স্থাপনৰ বাবে অনুমোদন জনাইছে
- কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত ১,১৮১ খিলঞ্জীয়া আবেদনকাৰীক বিভিন্ন শ্ৰেণীত ভূমিৰ অধিকাৰ প্ৰদানত অনুমোদন জনাইছে
১৮ ডিচেম্বৰ ২০২৫
- কেবিনেটে নামৰূপ এম’নিয়া-ইউৰিয়া ব্রাউনফিল্ড প্রকল্প ৰূপায়ণৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডক চৰকাৰী ভূমি হস্তান্তৰ কৰাৰ বাবে অনুমোদন জনাইছে
- অসমৰ সংহত ক্রীড়া নীতিৰ অধীনত মহিলা টি-২০ দৃষ্টিহীন ক্রিকেট বিশ্বকাপ, ২০২৫৩ বিজয়ী ভাৰতীয় দলৰ সদস্যা শ্রীছিমু দাসক অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ অধীনত শাৰীৰিক প্রশিক্ষক (পি আই) হিচাপে নিযুক্তি দিয়াৰ বাবে কেবিনেটৰ অনুমোদন
- মিছন বসুন্ধৰাৰ অধীনত ৩০৮টা খিলঞ্জীয়া পৰিয়ালক বসবাসৰ উদ্দেশ্যে চৰকাৰী খাঁচ ভূমি আৰু চিলিং উদ্বৃত্ত ভূমি আবণ্টনৰ বাবে কেবিনেটৰ অনুমোদন
- গোৱালপাৰা জিলাৰ কুমৰি বিল এলেকা (২৭০ হেক্টৰ) আৰু ধামাৰ বিল এলেকা (৩৩৭ হেক্টৰ) ক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি আৰ এফ) হিচাপে ঘোষণাত কেবিনেটৰ অনুমোদন
- অসমৰ নিৰাপত্তা আন্তঃগাঁথনি বৃদ্ধিৰ বাবে কেবিনেটত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) ক এটা গ্রুপ চেণ্টাৰ স্থাপনৰ বাবে ধেমাজিৰ ৬০৭ বিঘা ভূমি হস্তান্তৰত অনুমোদন
২৭ ডিচেম্বৰ ২০২৫
- কেবিনেটে ডিব্ৰুগড়ৰ দিনজানত ২৯২ কোটি টকাৰ বন্যপ্রাণী স্বাস্থ্য আৰু গৱেষণা প্রতিষ্ঠান নিৰ্মাণৰ অনুমোদন জনাইছে। এই আধুনিক প্রতিষ্ঠান বন্যপ্ৰাণীৰ ৰোগ নিৰীক্ষণ, গৱেষণা, প্রশিক্ষণ আৰু সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব আৰু ইয়াৰ জৰিয়তে ৰাজ্যৰ পৰিৱেশগত সুৰক্ষা অধিক শক্তিশালী হ’ব
- সোণাপুৰৰ আমেৰিগোগৰ ৩১ বিঘা ১ কঠা ২ লেচা ভূমি তিৰুপতি তিৰুমালা দেৱস্থানক আবণ্টন দিবলৈ কেবিনেটে অনুমোদন জনাইছে। নতুন মন্দিৰটোৱে আধ্যাত্মিক আৰু সাংস্কৃতিক কার্যকলাপৰ প্ৰসাৰ ঘটাই পর্যটকৰো আকৰ্ষণ বৃদ্ধি কৰিব আৰু স্থানীয় আন্তঃগাঁথনি আৰু অৰ্থনীতিৰ বিকাশতো গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব
- কেবিনেটে কামৰূপ (মহানগৰ) জিলাত মিছন বসুন্ধৰাৰ পুনৰীক্ষণ আৰু সেৱা সেতু আবেদনসমূহৰ জৰিয়তে ৯০০ৰো অধিক খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ গৃহ নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰী খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিত অনুমোদন জনাইছে









