বজালীৰ মেধিকুছিত অৱস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। এই নিৰ্মাণকাৰ্য বজালী অঞ্চলৰ শৈক্ষিক ইতিহাসত এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে চিহ্নিত হৈ থাকিব।
৫৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই নতুন চৌহদত এক আধুনিক প্ৰশাসনিক ভৱন, উন্নত প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ তিনিটা শৈক্ষিক ভৱন, উপাচাৰ্য আৰু অন্যান্য বিষয়াসকলৰ বাবে আৱাসিক ব্যৱস্থা তথা ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ সুবিধাৰ্থে কেফেটেৰিয়াৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে। এইসমূহ সা-সুবিধাই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক কাৰ্যকলাপক অধিক শক্তিশালী কৰি তুলিব।
অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামত ২০১৭ চনত বজালী মহাবিদ্যালয়ক উন্নীত কৰি প্ৰতিষ্ঠা কৰা এই ৰাজ্যিক বিশ্ববিদ্যালয়খনে ইতিমধ্যে অঞ্চলটোৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। নৱনিৰ্মিত চৌহদে ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা তথা গৱেষকসকলক এক অনুকূল শিক্ষণ পৰিৱেশ প্ৰদান কৰিব।
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়খনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণৰ বাবে ৬৪ কোটি টকাৰ অনুদান ঘোষণা কৰি ৰাজ্য চৰকাৰৰ শিক্ষা খণ্ডৰ প্ৰতি থকা অটল প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।








