অসমে বিগত পাঁচ বছৰত অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতৰ ভিতৰত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি লাভ কৰা ৰাজ্যসমূহৰ মাজত নিজৰ সুকীয়া স্থান লাভ কৰিছে।
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি স্থিৰ মূল্যত গণনা কৰা অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদন অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে অসমৰ অৰ্থনীতিৰ বৃদ্ধি ৪৫ শতাংশ হৈছে। এই বৃদ্ধিৰ হাৰে অসমে দেশৰ সকলো মুখ্য ৰাজ্যক অতিক্ৰম কৰাৰ লগতে একে সময়ছোৱাত ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰতকৈও অধিক হিচাপে বিবেচিত হৈছে।
২০২০ বিত্তীয় বৰ্ষত প্ৰায় ২.৪ লাখ কোটি থকা অসমৰ জি এছ ডি পি ২০২৫ বিত্তীয় বৰ্ষত বৃদ্ধি পাই প্ৰায় ৩.৫ লাখ কোটিত উপনীত হৈছে। কৃষি, তেল আৰু গেছ খণ্ডৰ শক্তিশালী অৱদানৰ লগতে উত্তৰ-পূৰ্বাঞ্চলজুৰি আন্ত:গাঁথনি উন্নয়ন ক্ষেত্ৰত হোৱা ব্যাপক বিনিয়োগে এই বৃদ্ধিত মুখ্য ভূমিকা পালন কৰিছে।
অসমৰ এই সফলতাই ভাৰতৰ সামগ্ৰিক বিকাশ কাহিনীত এক গুৰুত্বপূর্ণ পৰিৱৰ্তনৰ প্ৰতিফলন ঘটাইছে, য’ত অৰ্থনৈতিক বিকাশ এতিয়া কেৱল কিছুমান নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ নহৈ একাধিক ৰাজ্যৰ জৰিয়তে আগবাঢ়ি গৈছে।
ৰাষ্ট্ৰীয় পৰ্যায়ত, ভাৰতৰ জি ডি পি ২০২০ বিত্তীয় বৰ্ষত ১৪৫.৩৫ লাখ কোটিৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত ১৮৭.৯৭ লাখ কোটিলৈ বৃদ্ধি পাইছে অৰ্থাৎ বিগত পাঁচ বছৰত ২৯ শতাংশ বৃদ্ধি পাইছে। এই পটভূমিত আৰ বি আইৰ তথ্যই দেখুৱাইছে যে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি লাভ কৰা শীৰ্ষ দহখন মুখ্য ৰাজ্যৰ অৰ্থনীতিৰ বৃদ্ধি হাৰ ৪৫ শতাংশ পৰ্যন্ত হৈছে, যিয়ে ৰাষ্ট্ৰীয় গড় হাৰৰ তুলনাত যথেষ্ট দ্ৰুতগতিত আগবাঢ়িছে।
অসমৰ পাছতে তামিলনাডুৱে দ্বিতীয় স্থান দখল কৰিছে। তামিলনাডুৰ জি এছ ডি পি ২০২০ বিত্তীয় বৰ্ষত ১২.৪ লাখ কোটিৰ পৰা ২০২৫ বিত্তীয় বৰ্ষত ১৭.৩ লাখ কোটিলৈ বৃদ্ধি পাই ৩৯ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।








