৯ নৱেম্বৰ ২০২৫
✅ অসম বহু বিবাহ নিবাৰণ বিধেয়ক, ২০২৫ত কেবিনেটৰ অনুমোদন
• বহু বিবাহৰ সন্দৰ্ভত ৰাজ্যজুৰি নিষেধাজ্ঞা (ষষ্ঠ অনুসূচী এলেকাৰ বাহিৰে)
- অবৈধ বিবাহৰ দ্বাৰা প্ৰভাৱিত মহিলাৰ বাবে ক্ষতিপূৰণ
- উলংঘনৰ বাবে ৭ বছৰলৈকে কাৰাদণ্ড
- পূর্বৱর্তী বিবাহৰ তথ্য গোপন কৰাৰ ক্ষেত্ৰত ১০ বছৰৰ কাৰাদণ্ড
- কাজী, পুৰোহিত বা অভিভাৱকসহ বহু বিবাহত উৎসাহ যোগাওঁতাক ২ বছৰলৈকে শাস্তিৰ বিধান
- পুনৰাবৃত্তি কৰা অপৰাধৰ ফলত দুগুণ জৰিমনা বিহা হ’ব
✅ উদ্যমিতাৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে কেবিনেটে অসম ষ্টার্টআপ আৰু উদ্ভাৱন নীতি ২০২৫-৩০ত অনুমোদন, যাৰ অধীনত ৫ বছৰৰ বাবে ৩৯৭ কোটি টকা ব্যয় নির্ধাৰণ কৰা হৈছে
✅ উত্তৰ গুৱাহাটীৰ ৰংমহলত ন্যায়িক টাউনশ্বিপৰ প্ৰথম পর্যায় নিৰ্মাণৰ বাবে কেবিনেটৰ প্রশাসনিক অনুমোদন প্রদান। প্ৰকল্পৰ ব্যয় ৪৭৮.৭৮ কোটি টকা
▶ কেবিনেটে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা উমা ছেত্ৰীৰ ক্ৰীড়া কৃতিত্বৰ স্বীকৃতি স্বৰূপে ২৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে
▶ কেবিনেটে জলসম্পদ আৰু লোক নিৰ্মাণ (পথ) বিভাগৰ প্ৰকল্পৰ বাবে গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি-XXXI ৰ অধীনত নাবাৰ্ডৰ পৰা ৩৭৩.৩৯ কোটি টকা ঋণ সংগ্রহত অনুমোদন জনাইছে
▶ কেবিনেটে চলিত আৰু আহিবলগীয়া শক্তি প্রকল্পসমূহৰ বাবে ‘ইকুইটা ইনফিউচন’ক সমৰ্থন কৰিব পৰাকৈ এই জি চি এলৰ অনুমোদিত শ্বেয়াৰ মূলধন ৩,০০০ কোটি টকাৰ পৰা ৩,৭৫০ কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে
▶ কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত ১২ জিলাৰ খিলঞ্জীয়া, ভূমিহীন পৰিয়ালক চৰকাৰী খাচ আৰু চিলিং উদ্ধৃত ভূমি নিষ্পত্তিৰ বাবে ১,৮৫৮টা প্ৰস্তাৱত অনুমোদন জনাইছে
▶ কেবিনেটে শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ আৰু হোজাই জিলাৰ খিলঞ্জীয়া, ভূমিহীন পৰিয়ালৰ বাবে ভূমি নিষ্পত্তিৰ ৪০৭টা প্ৰস্তাৱত অনুমোদন জনাইছে
▶ কেবিনেটে মিছন বসুন্ধৰা ৩.০ৰ অধীনত ডিব্ৰুগড় জিলাৰ ৬ প্ৰস্তাৱৰ বাবে চাহ অনুদান/ম্যাদী ভূমিক ম্যাদী পট্টালৈ এককালীন ৰূপান্তৰ কৰাৰ বাবে অনুমোদন জনাইছে
২৩ নৱেম্বৰ ২০২৫
✅ সত্যাসত্য নিৰূপণ শক্তিশালী কৰা, যোগ্য বিদ্যালয়ৰ বৈধকৰণ, নথিপত্ৰ সৰলীকৰণ, ষষ্ঠ অনুসূচীত ৰেহাই দিয়া আৰু শিক্ষকসকলৰ দৰমহা ৬% বৃদ্ধি কৰাৰ বাবে অসম শিক্ষা (শিক্ষকসকলৰ সেৱাৰ প্রাদেশিকীকৰণ আৰু শৈক্ষিক প্রতিষ্ঠানসমূহৰ পুনর্গঠন) (সংশোধনী) বিধেয়ক, ২০২৫ৰ অনুমোদন
✅ সেৱাৰ পঞ্চম বছৰৰ পৰা প্ৰাদেশীকৃত অশিক্ষক কৰ্মচাৰীসকলৰ বাবে নির্দিষ্ট মাহিলি পাৰিতোষিক ৬% বার্ষিক বৃদ্ধি প্রদান কৰিবলৈ কেবিনেটে ২০২৫ সংশোধনী বিধেয়কত অনুমোদন জনাইছে
✅ ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্রণ ব্যৱস্থা শক্তিশালী কৰা আৰু দায়বদ্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০২৫ সংশোধনী বিধেয়কত কেবিনেটে অনুমোদন জনাইছে
✅ দূৰৱৰ্তী আৰু কঠিন সীমান্তৱৰ্তী অঞ্চলত সেৱা আগবঢ়োৱা মহিলা শিক্ষকৰ বাধ্যতামূলক সেৱাৰ সময়সীমা শিথিল কৰাৰ বাবে ২০২৫ সংশোধনী বিধেয়কত কেবিনেটে অনুমোদন জনাইছে
✅ কেবিনেটে আজিম প্রেমজী বিশ্ববিদ্যালয় স্থাপন আৰু ‘আজিম প্রেমজী বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫’ ত অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে অসমত পৰহিতৈষী লাভ-অনাদায়ী (not-for-profit) আজিম প্রেমজী বিশ্ববিদ্যালয় স্থাপন হ’ব
✅ অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইনৰ অধীনত অসমত নেৰিম (NERIM) বিশ্ববিদ্যালয় স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে
✅ কেবিনেটে কার্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক, ২০২৫ উত্থাপন কৰাৰ বাবে অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এলেকাৰ বাহিৰত বাস কৰা কাৰ্বি সম্প্ৰদায়ৰ বাবে ২০২১ এম অ’ এছ প্রতিশ্রুতি পূৰণ হ’ব
✅ সংৰক্ষিত শ্ৰেণীৰ ভূমি বিবাদৰ দ্রুত নিষ্পত্তিৰ বাবে স্বতন্ত্র ন্যায়াধিকৰণ স্থাপন কৰিবলৈ কেবিনেটে অসম জিলা ভূমি ন্যায়াধিকৰণ বিধেয়ক, ২০২৫ত অনুমোদন জনাইছে। এই ন্যায়াধিকৰণ ৯০ দিনৰ নিষ্পত্তিৰ লক্ষ্য আৰু মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদনৰ ব্যৱস্থাৰে সম্বলিত হ’ব
✅ কেবিনেটে ১৯৮৩ চনৰ নিৰ্বাচন সম্পৰ্কীয় ঘটনাকেন্দ্রিক মেহতা (অনানুষ্ঠানিক) ন্যায়িক আয়োগৰ প্রতিবেদন সমাগত বিধান সভা অধিৱেশনত দাখিলৰ বাবে অনুমোদন জনাইছে
✅ কেবিনেটে মাঘ বিহুৰ সময়ত নিয়ন্ত্রণমূলক সুৰক্ষাৰ সৈতে পৰম্পৰাগত ম’হ যুঁজৰ অনুমতি প্রদানৰ বাবে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ (অসম সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰাৰ অনুমোদন জনাইছে
✅ ৰাজ্যজুৰি অগ্নি নিৰাপত্তাৰ মান, জৰুৰীকালীন সেৱা ব্যৱস্থা আৰু ভৱনসমূহত নির্দেশনা মান্যতাৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে অসম অগ্নি আৰু জৰুৰীকালীন সেৱা বিধেয়ক, ২০২৫ত কেবিনেটে অনুমোদন জনাইছে
✅ কেবিনেটে ১০,০০০ কোটি টকা আৰু তাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ সৰ্বতোপ্ৰকাৰৰ দ্রুত অনুমোদনৰ বাবে এক উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতি গঠনত অনুমোদন জনাইছে
✅ অসমক ২০৩০ৰ ভিতৰত উত্তৰ-পূবৰ অগ্রণী বিমান পৰিবহণ এম আৰ অ’ (MRO) কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ কেবিনেটে মেইন্টেনেন্স, ৰিপেয়াৰ এণ্ড অ’ভাৰহ’ল (MRO) নীতিত অনুমোদন জনাইছে
✅ কেবিনেটে ‘ইজ অব ডুয়িং বিজনেজ’ত উৎসাহ যোগোৱাৰ উদ্দেশ্যে ১৬খন আইনৰ সৰু সৰু উলংঘনক অপৰাধমুক্ত আৰু যুক্তিসংগত কৰাৰ বাবে সংশোধনীত অনুমোদন জনাইছে
✅ কেবিনেটে চাহ বাগিচাৰ আনুষংগিক ভূমিৰ সংজ্ঞাৰ পৰা শ্রমিক লাইনক বাদ দি ‘আছাম ফিক্সেশ্যন অৱ চিলিং অন লেণ্ড হল্ডিংছ (এমেন্ডমেন্ট) বিল, ২০২৫’ উত্থাপনৰ বাবে অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৮২৫ বাগিচাৰ ৩.৩৩ লাখ চাহ শ্রমিক পৰিয়াল লাভান্বিত হ’ব বুলি আশা কৰা হৈছে
২৬ নৱেম্বৰ ২০২৫
✅ অসমৰ বিৰল সাংস্কৃতিক সম্পদ হিচাপে সঠিক সংৰক্ষণ, ব্যাখ্যা আৰু ৰাজহুৱা প্ৰদৰ্শন সুনিশ্চিত কৰিবলৈ বৃন্দাবনী বস্ত্ৰৰ বাবে এক নির্দিষ্ট সংগ্রহালয় স্থাপনৰ হকে খানাপাৰাৰ চৰকাৰী মুগা ক্ষেত্ৰৰ ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰ কৰাত কেবিনেটে অনুমোদন জনাইছে
✅ কেবিনেটে কেইটিমান খিলঞ্জীয়া জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱৰ সৈতে সম্পর্কিত মন্ত্রী গোটৰ প্ৰতিবেদনত অনুমোদন জনাইছে। এই প্রতিবেদন অসম বিধান সভাত দাখিল কৰা হ’ব আৰু পৰৱৰ্তী সময়ত গৃহ মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব
✅ কেবিনেটে দক্ষিণগাঁৱৰ অসম জৰীপ আৰু বন্দৱস্তি প্রশিক্ষণ কেন্দ্ৰত নিযুক্তি, সেৱাৰ অৱস্থা আৰু কৰ্মজীৱনৰ অগ্ৰগতিৰ নিয়ন্ত্ৰণ কৰিবলৈ অসম জৰীপ আৰু বন্দৱস্তি প্রশিক্ষণ কেন্দ্র শিক্ষক সেৱা বিধি, ২০২৫ত অনুমোদন জনাইছে। কেবিনেটে কেন্দ্ৰটোৰ ছটা খালী সহকাৰী শিক্ষক পদ পূৰণ কৰাৰো সিদ্ধান্ত গ্রহণ কৰে
৩০ নৱেম্বৰ ২০২৫
✅ কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ মৃত কৰ্মচাৰীৰ নিকট আত্মীয়ৰ বাবে অনুকম্পামূলক ধনৰাশিৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে। বর্ধিত ধনৰাশি এন এইচ এমৰ অধীনত ৰাজ্যিক সমর্থন বাজেটৰ পৰা সংগ্ৰহ কৰা হ’ব, যি আমাৰ ফ্ৰণ্টলাইন স্বাস্থ্যকর্মীসকলৰ পৰিয়ালৰ বাবে সামাজিক সুৰক্ষা সমর্থন শক্তিশালী কৰিব
✅ কেবিনেটে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আইন, ২০২৩-ৰ ৫৮ নম্বৰ ধাৰা সংশোধন কৰিবলৈ এক অধ্যাদেশ জাৰি কৰাত অনুমোদন দিছে। এই সংশোধনীয়ে প্রথমে পঞ্জীয়কক তিনি বছৰলৈ বা নিয়মীয়া পঞ্জীয়ক নিযুক্তি নিদিয়ালৈকে যিটো আগতে হয়-কাৰ্যভাৰ গ্ৰহণ কৰি থাকিবলৈ অনুমতি প্রদান কৰিব। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ববিদ্যালয়ৰ কাৰ্যক্ৰমণিকাসমূহ নিৰৱচ্ছিন্নভাৱে চলি থকাতো সুনিশ্চিত কৰা
✅ কেবিনেটে দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰৰ পাঁচখন মিনি আইটিআইৰ ১৭০জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ১ জানুৱাৰী ২০২৬ৰ পৰা কাৰ্যকৰী হোৱাকৈ ৩% বার্ষিক বৃদ্ধি (২০১৫-২০২৫) ৰে তেওঁলোকৰ মূল পাৰিশ্ৰমিক সংশোধন কৰি স্থিৰ দৰমহাৰ গাঁথনি উন্নীতকৰণৰ বাবে অনুমোদন জনাইছে
✅ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত মিছন বসুন্ধৰা ২.০ৰ অধীনত ৬৬০টা খিলঞ্জীয়া, ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ বাবে কেবিনেটে অনুমোদন জনাইছে
- শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত মিছন বসুন্ধৰা নিৰৱচ্ছিন্ন সেৱাৰ অধীনত ৭১২টা খিলঞ্জীয়া পৰিয়ালক চৰকাৰী খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমিৰ নিষ্পত্তিৰ বাবে কেবিনেটে অনুমোদন জনাইছে









