অসমৰ কৃষি খণ্ডৰ বাবে ২৪ নৱেম্বৰৰ দিনটো গুৰুত্বপূৰ্ণ হৈ ৰ’ব। এই দিনটোত কামৰূপ (মহানগৰ) জিলাৰ ক্ষেত্ৰীত স্থাপন কৰা “ইণ্ডো-ইজৰাইল চেণ্টাৰ অৱ এক্সেলেঞ্চ ফৰ ভেজিটেবলছ” শীৰ্ষক কেন্দ্ৰটি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰেউভেন আজাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
৬৬ বিঘা ভূমি সামৰি এই কেন্দ্ৰটো অসম ৰাজ্যিক উদ্যানশস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্ৰকল্প (আই আই এ পি)ৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
কেন্দ্ৰটো বৈশিষ্ট্যৰ সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “এই কেন্দ্ৰটো অত্যাধুনিক প্ৰযুক্তি-চালিত তথা জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা কৃষিৰ দিশত এক বৃহৎ পদক্ষেপ। ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক কৃষকক প্ৰত্যক্ষভাৱে উপকৃত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটিত উপলভ্য উন্নত সুবিধা তথা উদ্ভাৱনমূলক কৃষিকাৰ্যৰ জৰিয়তে শস্যৰ উৎপাদন বৃদ্ধিৰ উপৰি বছৰজোৰা কৃষিৰ বাবে কৌশলগত পদ্ধতিৰে আবতৰীয়া শাক-পাচলিৰ খেতিৰ প্ৰসাৰতো গুৰুত্ব আৰোপ কৰা হৈছে।”
তেখেতে লগতে প্ৰকাশ কৰে, “ইজৰাইলৰ কাৰিকৰী সহযোগিতাৰে স্থাপন কৰা “ইণ্ডো-ইজৰাইল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ ভেজিটেবলছ”ক ভূমিবিহীন কৃষি ব্যৱস্থা, ড্ৰিপ জলসিঞ্চন, সৌৰশক্তিচালিত শীতল ভঁৰাল, আধুনিক প্ৰযুক্তিসম্পন্ন সেউজগৃহ, আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ আৰু কৃষকৰ বাবে হোষ্টেলৰ সুবিধা আদি অত্যাধুনিক সুবিধাৰে সু-সজ্জিত কৰা হৈছে। কেন্দ্ৰটোত মাত্ৰ ২৫ দিনতে ৪ লাখ উচ্চমানৰ শাক-পাচলিৰ পুলি উৎপাদনৰ ক্ষমতা আছে।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই দিনটোক অসমৰ কৃষি খণ্ডৰ বাবে এক উল্লেখযোগ্য দিন বুলি সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰে। তেখেতে কয়, “আজি আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হ’লোঁ। এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূর্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ সংমিশ্রণ ঘটাইছে।”
তেখেতে অসম চৰকাৰৰ হৈ ইজৰাইল দূতাবাস আৰু ভাৰত চৰকাৰৰ বিষয়ববীয়াসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।








