ইন্ধন আৰু শক্তিৰ সঠিক ব্যৱহাৰ তথা শক্তিৰ অপচয় ৰোধ কৰাটো আজিৰ সময়ৰ এক অতি গুৰুত্বপূর্ণ বিষয়। জলবায়ু পৰিৱর্তন, শক্তিৰ সীমিত উৎস আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনৰ কথা বিবেচনা কৰিলে শক্তি সংৰক্ষণ এক অনিবাৰ্য কৰ্তব্য হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা প্ৰতিষ্ঠান আৰু ৰাজ্যসমূহক উৎসাহিত কৰিবলৈ ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা। এই গৌৰৱময় বঁটাত অসমে স্থান লাভ কৰাটো ৰাজ্যখনৰ বাবে আন এক গৌৰৱৰ বিষয়।
শেহতীয়াকৈ ২০২৫ চনৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটাত অসমে গ্ৰুপ ৪ত প্ৰথম পুৰস্কাৰ লাভ কৰিছে। ১৪ ডিচেম্বৰৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আয়োজিত এক গাম্ভীৰ্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই বঁটা প্ৰদান কৰে। এই সাফল্যই অসমৰ শক্তি সংৰক্ষণৰ দিশত লোৱা সুসংগঠিত, সময়োপযোগী আৰু ফলপ্ৰসূ পদক্ষেপসমূহক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰিছে।
বিগত কিছু বছৰত অসমে শক্তি দক্ষতা বৃদ্ধি আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বিস্তাৰৰ ক্ষেত্ৰত একাধিক গুৰুত্বপূর্ণ উদ্যোগ গ্ৰহণ কৰিছে। সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি, শক্তি দক্ষ যন্ত্ৰপাতিৰ প্ৰচলন, চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু উদ্যোগসমূহত সৌৰ শক্তি ব্যৱস্থাৰ স্থাপন আদি পদক্ষেপে শক্তিৰ অপচয় হ্ৰাস কৰাত সহায় কৰিছে। ইয়াৰ উপৰি জনসচেতনতা অভিযানৰ জৰিয়তে সাধাৰণ নাগৰিকৰ মাজত শক্তি সংৰক্ষণৰ প্ৰয়োজনীয়তা বুজাবলৈ ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট সংস্থাসমূহে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। বিদ্যালয়-মহাবিদ্যালয়, গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলত এই সচেতনতা কাৰ্যসূচীয়ে শক্তি সংৰক্ষণক এক সামাজিক আন্দোলনৰ ৰূপ দিছে।
ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটাত অসমৰ এই সাফল্যই ৰাজ্যখনৰ বহনক্ষম উন্নয়ন, পৰিৱেশ সংৰক্ষণ আৰু শক্তি আত্মনিৰ্ভৰশীলতাৰ দিশত দৃঢ় অগ্ৰগতিক প্ৰতিফলিত কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বঁটা সন্দৰ্ভত উল্লেখ কৰে, “এই স্বীকৃতিয়ে শক্তি সংৰক্ষণ আৰু সেউজ ভৱিষ্যৎ নিশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাক প্রতিফলিত কৰিছে।”








