২০১৮ চনত অসমৰ আটাইতকৈ কম বিকশিত জিলাসমূহৰ ভিতৰত অন্যতম হিচাপে গণ্য হোৱা হাইলাকান্দিয়ে এক দ্ৰুত বিকাশৰ যাত্ৰা আৰম্ভ কৰিছিল। সেই বছৰটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্টছ প্ৰগ্ৰাম আৰম্ভ কৰে, য’ত দেশজুৰি ১১২খন জিলা চিনাক্ত কৰা হৈছিল আৰু এইসমূহ জিলাৰ ভিতৰত হাইলাকান্দি আছিল অন্যতম।
তেতিয়াৰ পৰা আৰম্ভ হোৱা যাত্ৰাটোত গঢ় লৈ উঠিছিল সুশাসন, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু নিৰ্দিষ্ট আঁচনিসমূহৰ সফল ৰূপায়ণ। যাৰ ফলশ্ৰুতিত জিলাখনে কেইবাটাও সামাজিক-অৰ্থনৈতিক দিশত উন্নতি সাধন কৰিছে আৰু বৰ্তমান সময়ত হাইলাকান্দি এইসমূহ এছপাইৰেশ্যনেল জিলাসমূহৰ ভিতৰত এগৰাকী অগ্ৰণী জিলা হিচাপে প্রতিষ্ঠিত হৈছে।
সৌৰ শক্তি প্ৰদান
বহনক্ষম ভৱিষ্যতৰ বাবে হাইলাকান্দিয়ে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ বিনামূলীয়া বিজুলী যোজনা সফলতাৰে ৰূপায়ণ কৰিছে। বিশেষকৈ লালা আৰু আলগাপুৰৰ দৰে ভিতৰুৱা অঞ্চলৰ বহু পৰিয়ালে নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ৰ অধীনত ৰাজসাহায্য আঁচনিৰ জৰিয়তে সৌৰ শক্তিৰ ব্যৱস্থাক এটা বিশ্বাসযোগ্য বিকল্প হিচাপে গ্ৰহণ কৰিছে|
“আমাৰ ঘৰখন দীৰ্ঘসময় ধৰি পৰম্পৰাগত বিদ্যুৎ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আছিল। আন বহুতৰ দৰে আমিও সঘনাই বিদ্যুৎ কৰ্তন, বিদ্যুতৰ বিল বৃদ্ধি আৰু ইয়াৰ লগত অহা অনিশ্চয়তাৰ সন্মুখীন হৈছিলোঁ। কিন্তু সৌৰ শক্তিৰ স্থাপনৰ দিশলৈ আগবঢ়াৰ লগে লগে সকলো সলনি হৈ গ’ল,” স্থানীয় বাসিন্দা নিৰ্মল জ্যোতি পাল চৌধুৰীয়ে এই কথা সদৰী কয়, “সৌৰ শক্তি স্থাপনৰ পূৰ্বে মোৰ প্ৰতি মাহৰ বিদ্যুৎ বিল প্ৰায় গড় হিচাপত প্ৰায় ২,৮০০ টকা আছিল। কিন্তু সৌৰ শক্তি ব্যৱহাৰ আৰম্ভ কৰাৰ পিছত এই পৰিমাণ যথেষ্ট হ্ৰাস পালে আৰু এতিয়া প্ৰতি মাহে গড়ে ২,০৯৮ টকা ৰেহাই পাইছোঁ।”
নিৰ্মলে লগতে কয়, “সৌৰ শক্তিৰ ব্যৱহাৰ কৰি আপোনালোকেও ঘৰখন পোহৰাই তোলক।
এইক্ষেত্ৰত নিৰ্মলৰ সমান্তৰালকৈ জিলাখনৰ বিভিন্ন লোকেও সৌৰ শক্তি স্থাপন কৰি লাভান্বিত হৈছে।
গ্ৰামাঞ্চলৰ মহিলাসকলৰ সবলীকৰণ
মহিলাসকলক সক্ষম কৰি তোলাটো জিলা উন্নয়ন আৰু অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। অঞ্চলটোত দুগ্ধ খণ্ডৰ ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য কৰি জিলা প্ৰশাসনে স্থানীয় মহিলাসকলক দুগ্ধ উৎপাদনৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰিছে।
প্ৰায় ১৮০খন গাঁৱৰ দুগ্ধ উৎপাদনৰ সম্ভাৱনাক নতুন ৰূপ দিয়াৰ লক্ষ্যৰে মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ জৰিয়তে দুগ্ধজাত খাদ্য সংসাধন ইউনিট স্থাপন আৰু বিভিন্ন দুগ্ধজাত খাদ্য উৎপাদন আৰু বিপণন সন্দৰ্ভত দক্ষতা বিকাশমূলক প্ৰশিক্ষণ দিয়াৰ এটা বিশেষ প্ৰকল্প ৰূপায়ণ কৰা হৈছে।
অতিৰিক্ত উপাৰ্জনৰ পথ প্ৰশস্ত কৰিবলৈ সহায় কৰা এই প্ৰশিক্ষণ বৰ্তমানলৈ ৬০গৰাকী মহিলাই লাভ কৰিছে আৰু এই প্ৰশিক্ষণে তেওঁলোকৰ পৰিয়ালৰ আয় বৃদ্ধি কৰাত সহায় কৰিছে।
কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিমুবেন জয়ন্তিভাই বামভানিয়াই জীৱন জ্যোতি মডেল-চি এল এফৰ অধীনস্থ গাগলাচেৰাৰ টফু প্ৰস্তুতকাৰী ইউনিট পৰিদর্শন কৰি এই পদক্ষেপৰ প্ৰশংসা কৰে।
মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ পাছত কয়, “জিলা প্ৰশাসন আৰু এ এছ আৰ এল এমৰ সহযোগিতাত আত্মসহায়ক গোটৰ সদস্যসকলে গ্ৰামাঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাই আহিছে। এতিয়া আমি উত্তম আৰু বিকল্প পেকেজিং ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে এই সামগ্ৰীৰ স্থায়িত্ব অধিক হয় আৰু দেশজুৰি ই-মাৰ্কেটিং আৰু অন্যান্য প্লেটফৰ্মৰ সহায়ত সামগ্রীসমূহৰ বিপণন সম্ভৱ হয়।”
বিশুদ্ধ পানী নিশ্চিত কৰাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে হাইলাকান্দি
হাইলাকান্দিত ৫টা মাল্টি ভিলেজ পাইপড ৱাটাৰ ছাপ্লাই যোজনা আছে, যাৰ ভিতৰত কাটলিছেৰা মাল্টি ভিলেজ পানী যোগান যোজনা অন্যতম। এই যোজনা আৰম্ভ হোৱাৰ আগতে এই অঞ্চলৰ লোকসকল আন পানীৰ উৎসৰ ওপৰত নিৰ্ভৰশীল আছিল, যাৰ ফলত বহুতে পানীজনিত সংক্রান্ত ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পাইছিল। এই প্ৰেক্ষাপটত মাল্টি ভিলেজ পাইপড ৱাটাৰ ছাপ্লাই যোজনাই এক গুৰুত্বপূর্ণ সমাধান হিচাপে আত্মপ্ৰকাশ কৰে।
২০১২ চনত আৰম্ভ কৰা এই যোজনাই জল জীৱন মিছনৰ পূৰ্বেই ঘৰুৱা কাম-কাজত ব্যৱহাৰৰ বাবে পানী যোগান আৰম্ভ কৰিছিল। বৰ্তমান এই যোজনাই প্ৰায় ৩,০০০টা পৰিয়ালক পানী যোগান ধৰি ৰাখিছে।
২০১৪ চনৰ পৰা এই যোজনাটোৰ দায়িত্ব এখন ব্যৱহাৰকাৰী কমিটিয়ে গ্ৰহণ কৰিছে, যিখন কমিটিয়ে প্ৰতিটো পৰিয়ালৰ পৰা প্ৰতি মাহে ১০০কৈ টকা সংগ্ৰহ কৰে। এই কমিটিয়ে যোজনাটোৰ বিত্তীয় দিশ পৰিচালনা কৰাৰ লগতে সৰু-ডাঙৰ সকলো কাৰ্য্যসূচী পৰিচালনা কৰে।
কাটলিছেৰা মাল্টি ভিলেজ পানী যোজনা কমিটিৰ সম্পাদক ৰাজেশ দাসে কয়, “যেতিয়াই কোনো সমস্যাই দেখা দিয়ে, কমিটিৰ সক্ৰিয় সদস্যসকলৰ সহায়ত সমস্যাটো সমাধান কৰা হয়।”
কমিটিয়ে সংগৃহীত ধন ব্যৱহাৰ কৰি যোজনাৰ সৈতে জড়িত কৰ্মচাৰীসকলক নিয়মীয়াকৈ মাহিলি দৰমহা প্ৰদান কৰে।
এই বিষয়ে এগৰাকী হিতাধিকাৰী সঞ্জয় দাসে কয়, “এই মাল্টি ভিলেজ যোজনাৰ আগতে মানুহে দূৰৈৰ পৰা পানী আনিবলৈ বাধ্য হৈছিল। এই যোজনা আৰম্ভ হোৱাৰ পাছত সময় ৰাহি হৈছে আৰু বৰ্তমান প্ৰতিদিনে বিশুদ্ধ খোৱা পানী ঘৰত যোগান ধৰা হৈছে।”
সৌৰ শক্তি, জল সুৰক্ষা, মহিলা সবলীকৰণ আৰু উদ্যমিতাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই অসম তথা আনৰ বাবে এক উদাহৰণ সৃষ্টি কৰিছে।










