দুই বছৰীয়া এক যাত্ৰাৰ অন্তত অৱশেষত শান্তিৰ নিশ্বাস ল’ব পাৰিছে অভিলাষ চৌধুৰীয়ে। এগৰাকী দায়িত্বশীল পুত্ৰ আৰু পৰিশ্ৰমী কৰ্মচাৰী হিচাপে দায়িত্ব পালন কৰাটো এতিয়া তেখেতৰ বাবে সহজ হৈ পৰিল। নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত কনিষ্ঠ সহায়ক হিচাপে কৰ্মৰত থকা অৱস্থাত পৰিয়ালৰ দায়িত্ব তথা যত্ন লোৱাটো তেখেতৰ বাবে কঠিন হৈ পৰিছিল। কিন্তু এতিয়া তেখেতৰ নিজ স্থান তামুলপুৰলৈ চাকৰি বদলি হোৱাৰ পাছত অভিলাষে দুয়োটা দায়িত্বই সমভাৱে পালন কৰিবলৈ সক্ষম হৈছে।
“কেইমাহমান পূৰ্বে কিডনী ৰোগত আক্ৰান্ত হোৱা পিতৃক হেৰুৱালোঁ। তেতিয়াৰ পৰা মায়ো অসুস্থ হৈ পৰাত অকলশৰীয়া হৈ পৰিছিল। মই ঘৰখনৰ একমাত্ৰ পুত্ৰ। আন জিলা এখনত কৰ্মৰত হৈ পৰিয়ালৰ দায়িত্ব পালন কৰাটো কঠিন হৈ পৰিছিল। কিন্তু এই বদলিকৰণৰ ফলত এতিয়া ঘৰতে মাৰ যত্ন ল’ব পাৰিম,” অভিলাষে অসম বাৰ্তাৰ প্ৰতিবেদকক এনেদৰে কয়।
তেখেতে এই সহজ বদলিকৰণৰ বাবে স্বাগত সতীৰ্থ প’ৰ্টেলক কৃতজ্ঞতা জ্ঞাপন কৰে। “প’ৰ্টেলটো জানুৱাৰীত মুকলি হোৱাৰ কিছুদিনৰ ভিতৰতে সকলো প্ৰয়োজনীয় নথি-পত্ৰৰে আবেদন দিছিলোঁ। জুন মাহতে বদলিকৰণৰ খবৰটো পালোঁ। সমগ্ৰ প্ৰক্ৰিয়াটো অত্যন্ত সহজ আছিল। কোনো অসুবিধা নহ’ল,” তেখেতে এনেদৰে উল্লেখ কৰে।
অভিলাষৰ দৰে দিব্যেন্দু চৌধুৰীৰ মনটো আনন্দৰে উপচি পৰিছে। কাছাৰৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত কনিষ্ঠ সহায়ক হিচাপে দুবছৰৰো অধিক সময় কৰ্মৰত থকা চৌধুৰীয়ে পৰিয়ালৰ সমস্যাৰ বাবে দূৰৈত থাকিবলগীয়া হোৱাত তেখেতৰ বাবে সেই সময়ছোৱা কষ্টকৰ আছিল। তেখেতে স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেৰে গুৱাহাটীৰ উচ্চ শিক্ষা সঞ্চালকালয়লৈ বদলি লাভ কৰিছে। তেখেতে কয়, “মই দুবছৰৰো অধিক সময় কাছাৰত কাম কৰিলোঁ। পৰিয়ালজনিত সমস্যাৰ বাবে ঘৰৰ পৰা আঁতৰত থাকি কাম কৰাটো কিছু প্ৰত্যাহ্বান আছিল। প’ৰ্টেলটোৰ বিষয়ে জনাৰ লগে লগে আবেদন কৰিলোঁ আৰু কম সময়তে কামৰূপ (মেট্ৰ’)-লৈ বদলিকৰণৰ খবৰ পালোঁ।”
এই বদলিকৰণ প্ৰক্ৰিয়া ইমান সহজ হ’ব বুলি দিব্যেন্দুৱে কেতিয়াও কল্পনা কৰা নাছিল। কোনো বিষয়া তথা চৰকাৰী কাৰ্যালয়লৈ নোযোৱাকৈ সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইনতে সম্পূৰ্ণ হ’ল বাবে তেখেতে আনন্দ প্ৰকাশ কৰে।
স্বাগত সতীৰ্থ প’ৰ্টেল হৈছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা এটি দূৰদৰ্শী পদক্ষেপ। ২০২৫ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা সক্ৰিয় হোৱা এই প’ৰ্টেলটোৰ উদ্দেশ্য হৈছে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ ৰাজ্যিক কৰ্মচাৰীৰ বদলিকৰণ ব্যৱস্থাত স্বচ্ছতা, গতিশীলতা আনি পুৰণি পদ্ধতিৰ অৱসান ঘটোৱা।
এই প’ৰ্টেলৰ সুবিধা লাভ কৰিছে পাৰুল ৰাজবংশীয়েও। বনৰক্ষী পাৰুল তেখেতৰ পৰিয়ালৰ একমাত্ৰ কন্যা সন্তান। লখিমপুৰৰ পৰা গুৱাহাটীলৈ বদলি হোৱা পাৰুলে কয়, “মই ওদালগুৰিৰ বাসিন্দা। এই নতুন বদলিকৰণ প্ৰক্ৰিয়াৰ বাবে এতিয়া মই মোৰ মা-দেউতাক গুৱাহাটীলৈ আনিব পাৰিম, যাতে তেওঁলোকে উন্নত চিকিৎসা সেৱা লাভ কৰিব পাৰে,” এই কথা সদৰী কৰি তেখেতে কয় যে স্বাগত সতীৰ্থ প’ৰ্টেলৰ জৰিয়তে কামসমূহ সহজসাধ্য আৰু দ্ৰুতগতিত সম্পন্ন হৈছে।
৭ জুন তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাগত সতীৰ্থ প’ৰ্টেলৰ জৰিয়তে বদলিকৰণৰ আদেশ-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে। এই প’ৰ্টেলৰ জৰিয়তে এতিয়ালৈকে ৪,৫০২টা পাৰস্পৰিক বদলিকৰণৰ আবেদন অনুমোদন হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত ৯,০০৪গৰাকী তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
তেখেতে প্ৰকাশ কৰে, “’স্বাগত সতীৰ্থ প’ৰ্টেল’ৰ জৰিয়তে শেহতীয়াকৈ আমাৰ চৰকাৰৰ ৯,০০০ৰ অধিক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাৰস্পৰিক বদলিৰ আদেশ পত্ৰৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰা হয়৷ ইয়াৰ দ্বাৰা পাৰস্পৰিক বদলিকৰণৰ বাবে দীঘলীয়া শাৰী বা কুচক্ৰান্তৰ কবলত পৰি বিপুল পৰিমাণৰ ধন দিয়া দিনবোৰ নোহোৱা হ’ল। দুৰ্নীতিৰ সুৰুঙা নৰখাকৈ ‘স্বাগত সতীৰ্থ প’ৰ্টেল’ৰ জৰিয়তে বদলিকৰণ প্ৰক্ৰিয়াও সহজ, সময় নিৰ্ধাৰিত আৰু স্বচ্ছ কৰি তুলিবলৈ আমি সক্ষম হৈছোঁ৷
তেখেতে লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টিভংগী অনুসৰি দুৰ্নীতি অবিহনে বৃহৎ পৰিসৰত নিযুক্তি, পদোন্নতি আৰু বদলিকৰণ নিশ্চিত কৰিছোঁ।”
এই প’ৰ্টেলটোৰ আৰম্ভণিয়ে অসম চৰকাৰৰ স্বচ্ছ, দক্ষ আৰু জনমুখী প্ৰশাসনৰ প্ৰতি এক যুগান্তকাৰী পদক্ষেপক প্ৰতিফলিত কৰিছে। বদলিকৰণ ব্যৱস্থাৰ ক্ষেত্ৰত দুৰ্নীতি তথা অনৈতিক কাৰ্যকলাপ দূৰ কৰি এই প’ৰ্টেলে হাজাৰ হাজাৰ কৰ্মচাৰীক সকাহ দিয়াৰ লগতে সু-প্ৰশাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰিছে। সমগ্ৰ দেশতে এই পদক্ষেপক ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ আৰ্হি হিচাপে প্ৰচাৰ কৰা হৈছে।










