অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমা বিবাদ নিষ্পত্তিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে যোৱা ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত এক বৈঠকত মিলিত হয়৷ অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ দিশত গ্ৰহণ কৰা অগ্ৰগতিৰ সন্দৰ্ভত আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই বৈঠকৰ আহ্বান কৰিছিল৷
গৃহমন্ত্ৰী শ্বাহে দুয়োগৰাকী মুখ্যমন্ত্ৰীক এক নিৰ্ধাৰিত সময়ৰ ভিতৰত এই সীমা বিবাদ নিষ্পত্তি কৰিবলৈ এক নিৰ্দিষ্ট কাৰ্যপন্থা প্ৰস্তুত কৰাৰ পৰামৰ্শ দিছিল৷
বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেই সমস্যাটোৰ সমাধানৰ দায়িত্ব লোৱা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটযোগে জনায় যে দীৰ্ঘদিনীয়া সীমা বিবাদ চিৰদিনৰ বাবে আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিবলৈ তেওঁ সংকল্পবদ্ধ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও তেওঁৰ টুইটত একেধৰণৰ মত ব্যক্ত কৰিছিল৷
উক্ত বৈঠকখন চলিত বৰ্ষৰ জুলাইত স্বাক্ষৰিত নামচাই ঘোষণাপত্ৰৰ পৰৱৰ্তী অংশস্বৰূপে অনুষ্ঠিত হৈছিল৷ তাৰ পূৰ্বে ড° শৰ্মাই এই উদ্দেশ্যে গঠন কৰা আঞ্চলিক সমিতিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷
নামচাই ঘোষণাপত্ৰত বিবদমান গাঁৱৰ সংখ্যা ১২৩ৰ পৰা ৮৬লৈ হ্ৰাস কৰাৰ বিষয়ে উল্লেখ হৈছিল৷ ড° শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে জানুৱাৰী আৰু এপ্ৰিলত মিলিত হৈ ১২খন আঞ্চলিক সমিতি গঠন কৰিছিল৷ প্ৰতিখন সমিতিয়ে ১২৩খন গাঁৱৰ যুটীয়া প্ৰামাণীকৰণৰ বাবে অৰুণাচল প্ৰদেশ আৰু অসমৰ ১২খন জিলাক সামৰি লৈছিল৷ আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ কৰাৰ বাবে এই সমিতিসমূহক ঐতিহাসিক দৃষ্টিভংগী, প্ৰশাসনিক সুবিধা, সন্নিৱিষ্টতা আৰু জনসাধাৰণৰ ইচ্ছাৰ আধাৰত পৰামৰ্শ দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল৷
চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিবদ্ধতাৰ অংশস্বৰূপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীস্থিত অসম ভৱনত মিজোৰামৰ মুখ্যমন্ত্ৰী ড° জোৰাম থাংগাকো সাক্ষাৎ কৰি এই দিশত ইতিবাচক আলোচনাৰ পাতনি মেলে৷