৯৩সংখ্যক ভাৰতীয় বায়ু সেনা দিৱস উপলক্ষে শেহতীয়াকৈ গুৱাহাটীত এক এয়াৰ শ্ব’ অনুষ্ঠিত কৰা হয়। লাচিত ঘাটত প্ৰথমবাৰৰ বাবে আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ এই অনন্য অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ অদম্য সাহস, দক্ষতা আৰু শৌৰ্য প্ৰদৰ্শিত হয়। প্ৰসিদ্ধ সূৰ্যকিৰণ এয়াৰ’বেটিক দলসহ যুঁজাৰু বিমান, পৰিবহণ বিমান আৰু হেলিকপ্টাৰে ব্ৰহ্মপুত্ৰৰ আকাশত মনোমোহা কৌশল দেখুৱাই হাজাৰ হাজাৰ দৰ্শকক অভিভূত কৰে।
এই এয়াৰ শ্ব’ত ৰাফেল, সুখোই সু-৩০ এম কে আই, মিৰাজ, তেজাছ (এলচিএ) আৰু এপাচী হেলিকপ্টাৰসহ প্ৰায় ৬০খন বিমানে অংশগ্ৰহণ কৰে। ফ্লাই-পাষ্টত উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-প্ৰাকৃতিক আৰু ঐতিহাসিক পৰিচয় বহন কৰা লাচিত, কাজিৰঙা, মানস, হাতী আৰু বৰাক আদি নামৰ বিশেষ গঠনো অন্তৰ্ভুক্ত আছিল।
মহান আহোম সেনাপতি লাচিত বৰফুকনৰ সন্মানত ‘লাচিত’ কল-চাইন লৈ উৰা মৰা এলচিএ তেজাছে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছত ৰাফেল, সুখোই সু-৩০ এম কে আই, মিগ-২৯, মিৰাজ, জেগুৱাৰ, এপাচী, চি-১৭ গ্ল’বেমাষ্টাৰ, চি-১৩০ হাৰকিউলিছ, আই এল-৭৮ ৰিফুৱেলাৰ, এণ্ট’ন’ভ এএন-৩২, চি-২৯৫ আৰু উন্নত লাইট হেলিকপ্টাৰ আদি বিমানসমূহে নিজৰ কৌশল প্ৰদৰ্শন কৰে।

এটি হৃদয়স্পৰ্শী মুহূৰ্তত পাইলটসকলে আকাশত কাঁড়চিহ্ন থকা হৃদয়ৰ আকাৰ আঁকি গুৱাহাটীবাসীলৈ উছৰ্গা কৰে আৰু শেষত ত্ৰিৰংগ পতাকাৰ বৰ্ণিল আকাশী অভিবাদনেৰে অনুষ্ঠান সমাপ্ত কৰে।
এই অনুষ্ঠানত সংগীতৰ জৰিয়তেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ, যাৰ চিৰস্মৰণীয় গীতসমূহে এক বিশেষ আবেগ সৃষ্টি কৰে।
প্ৰতিৰক্ষা বিভাগৰ এগৰাকী প্ৰতিনিধিয়ে সংবাদমাধ্যমক জনায় যে এই এয়াৰ শ্ব’ৰ লক্ষ্য আছিল যুৱসমাজক অনুপ্ৰাণিত কৰা, ভাৰতীয় বায়ু সেনাৰ গৌৰৱময় ঐতিহ্যক সন্মান জনোৱা আৰু জনসাধাৰণৰ সৈতে সশস্ত্ৰ বাহিনীৰ সংযোগ অধিক দৃঢ় কৰা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বায়ু সেনা প্ৰধান এয়াৰ চীফ মাৰ্শাল অমৰ প্ৰীত সিঙে কয়, “উত্তৰ-পূৰ্বাঞ্চল এতিয়া আৰু দূৰৱৰ্তী অঞ্চল নহয়। ই ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত কৌশলগত গুৰুত্ব আৰু আন্তঃগাঁথনি উন্নয়নৰ প্ৰতিফলন।”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক্স’ত প্ৰকাশ কৰে, “ভাৰতীয় বায়ু সেনাৰ ২০২৫ৰ উৰণ প্ৰদৰ্শন চাবলৈ উপস্থিত হোৱাৰ বাবে গুৱাহাটীবাসীলৈ ধন্যবাদ। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম এয়াৰ শ্ব’ আছিল শক্তি, দক্ষতাৰ এক অপূৰ্ব দৰ্শন। ‘চিকেন নেক’ আৰু চাৰিখন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ একেবাৰে ওচৰত আমাৰ বায়ু সেনাৰ যোদ্ধাসকলৰ প্ৰতি আপোনালোকৰ এই সমৰ্থনে দেশ-বিদেশৰ শত্রুক নিদ্ৰাহীন কৰি তুলিব। ১৯৬২ চনৰ যুদ্ধত প্ৰায় অৱহেলিত হৈ পৰা উত্তৰ-পূৰ্বাঞ্চলে আজি আকাশী আধিপত্যৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত।”

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “৯৩সংখ্যক ভাৰতীয় বায়ু সেনা দিৱস উপলক্ষে মহাবাহুৰ ওপৰত, পৱিত্ৰ লাচিত ঘাটত বায়ু সেনাৰ অসাধাৰণ সক্ষমতা আৰু বীৰত্ব প্রত্যক্ষ কৰি গৌৰৱ অনুভৱ কৰিছোঁ। চি-১৭ৰ গর্জন, দেশীয় তেজাছৰ উৰণ, মিৰাজ ২০০০ৰ গতি আৰু ৰাফেলৰ নিখুঁত প্ৰদৰ্শন হৈছে ভাৰতৰ শক্তি আৰু আত্মবিশ্বাসৰ এক প্ৰতিফলন। এই দৃশ্যই প্ৰতিগৰাকী ভাৰতীয়ৰ মনত গৌৰৱ, সুৰক্ষা আৰু দেশপ্ৰেম জাগ্ৰত কৰে। মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বায়ু সেনা প্ৰধান এয়াৰ চীফ মাৰ্শাল অমৰ প্ৰীত সিঙে অনুষ্ঠানটোত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰে।”
দৰ্শক সংঘামিত্ৰা গোস্বামীয়ে ‘অসম বাৰ্তা’ক কয়, “মই আগতে কেৱল টেলিভিছনত এয়াৰ শ্ব’ চাইছিলোঁ। কিন্তু সেইদিনা মই মোৰ ভন্তী আৰু খুৰাৰ ল’ৰা/ছোৱালীৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ আমাৰ নিজৰ আকাশতেই এই বিমানসমূহৰ সুন্দৰ প্ৰদৰ্শন দেখিলোঁ।”
তেখেতে লগতে কয়, “সেই অনুভূতি শব্দত বৰ্ণনা কৰাটো কঠিন। বিমানসমূহৰ শব্দ, গতি আৰু প্ৰতিটো নিখুঁত প্ৰদৰ্শনে যেন আমাৰ চকুৰ আগতে ইতিহাস গঢ়ি তুলিছিল।”
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি তেখেতে কয়, “যেতিয়া ‘লাচিত’ ৰূপে তেজাছে উৰা মৰিলে, মোৰ গাৰ নোম শিয়ঁৰি উঠিছিল। পাইলটসকলে আকাশত যেতিয়া সেই হৃদয়ৰ চিহ্ন আঁকিলে, বহু লোকৰ চকুত চকুপানী দেখিবলৈ পোৱা গৈছিল। সেই মুহূৰ্ততে মই বুজিলোঁ যে এয়া কেৱল এক এয়াৰ শ্ব’ নহয়; ই গৌৰৱ, একতা আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে গভীৰ সংযোগৰ এক স্মৰণীয় ক্ষণ। ৰাফেল, সুখোই আৰু সেই সকলো শক্তিশালী বিমান একেবাৰে ওচৰৰ পৰা ওপৰত উৰি কৌশল দেখুওৱা দেখি মই অভিভূত হৈ পৰিছিলোঁ। এই দিনটো সদায় মোৰ মনত ৰৈ যাব।”










