দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ লণ্ডন ভ্ৰমণ কৰি বৃন্দাবনী বস্ত্ৰক অসমত প্ৰদৰ্শন কৰাটো নিশ্চিত কৰে। এই ব্যৱস্থাটো ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে বুজাবুজিৰ চুক্তিৰ জৰিয়তে সম্পন্ন কৰা হৈছে।
ভ্ৰমণৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে লণ্ডনৰ নদীপাৰ অঞ্চল ভ্ৰমণ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে, “লণ্ডনত মোৰ প্ৰথম দিনা নগৰৰ নদীপাৰ অঞ্চল পৰিদৰ্শন কৰিলোঁ। গুৱাহাটীৰ নদীপাৰ ৰূপান্তৰৰ ক্ষেত্ৰত আমি বিশ্বৰ সৰ্বোত্তম অনুশীলনসমূহ গ্ৰহণৰ প্ৰচেষ্টাত আছোঁ।” সেইদিনাই তেখেতে লণ্ডনত থকা ভাৰতীয় প্ৰবাসী আৰু অসমীয়াসকলৰ সৈতে মত-বিনিময় কৰি অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু বিশ্বমুখিতাৰ কথা দাঙি ধৰে।
ভ্ৰমণৰ দ্বিতীয় দিনা অসম চৰকাৰ আৰু ব্ৰিটিছ সংগ্ৰহালয়ৰ মাজত বৃন্দাবনী বস্ত্ৰ নিৰ্দিষ্ট সময়ৰ বাবে অসমলৈ আনিবলৈ এখন ‘লেটাৰ অৱ ইনটেণ্ট’ (এল অ’ এল) স্বাক্ষৰিত হয়। এই স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ লগতে সংগ্ৰহালয়টোৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।
এই চুক্তি স্বাক্ষৰৰ পাছত মুখ্যমন্ত্ৰীয়ে কয়, “বৃন্দাবনী বস্ত্ৰ কেৱল এখন বস্ত্ৰ নহয়; ই অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক; মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভক্তি আৰু দৃষ্টিভংগীৰ প্ৰতিফলন। লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ৰ সৈতে হোৱা এই চুক্তিয়ে আমাৰ ঐতিহ্যৰ সৈতে সংযোগ অধিক সুদৃঢ় কৰিলে। আমাৰ ভূমিৰ এক অমূল্য ধন নিজৰ ঘৰলৈ উভতিছে।”
বৰ্তমান বৃন্দাবনী বস্ত্ৰৰ অংশবিশেষ বিশ্বৰ চাৰিটা সংগ্ৰহালয় ক্ৰমে লণ্ডন, পেৰিছ, ব’ষ্টন আৰু লছ এঞ্জেলছত সংৰক্ষিত আছে। ইয়াৰ ভিতৰত সৰ্ববৃহৎ অংশ লণ্ডন আৰু পেৰিছৰ সংগ্ৰহালয়ত দেখা পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ৰাসলীলা কৰা দৃশ্য অংকিত এই বস্ত্ৰখনৰ সূক্ষ্ম বয়নশৈলী আৰু অলংকৰণে অসমৰ অতুলনীয় কাৰুকাৰ্য আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি বহুতেই ইয়াৰ কাহিনী শুনিছে, পঢ়িছে, কিন্তু বহুতে কেতিয়াও স্বচক্ষে দেখা নাই। সেয়ে সীমিত সময়ৰ বাবেই হওক, এই বস্ত্ৰখন অসমলৈ উভতাই অনাটো আমাৰ বাবে যেন পূৰ্বপুৰুষ ঘৰলৈ উভতি অহাৰ দৰে অনুভৱ।”
এই উদ্যোগত অনুপ্ৰেৰণা যোগোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কৃতজ্ঞতা জনায়। তেখেতে লগতে জনায় যে গুৱাহাটীত এই পৱিত্ৰ ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শনৰ বাবে এটা আধুনিক, বিশ্বমানৰ সংগ্ৰহালয় নিৰ্মাণৰ কামো আগবাঢ়ি আছে।
ইফালে, লণ্ডন ভ্ৰমণকালতে মুখ্যমন্ত্ৰীয়ে উদ্যোগপতি অনিল আগৰৱালৰ সৈতে সাক্ষাৎ কৰে। এক্স’ত তেখেতে প্ৰকাশ কৰে যে বেদাণ্টা গ্ৰুপৰ বিভিন্ন দিশৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত ফলপ্ৰসূ আলোচনা হয়।
অসম চৰকাৰে লক্ষ্য স্থিৰ কৰিছে যে ২০২৭ চনত বৃন্দাবনী বস্ত্ৰ ১৮ মাহৰ বাবে অসমলৈ আনিব, যাৰ জৰিয়তে অসমবাসী আৰু দৰ্শনাৰ্থীয়ে আমাৰ সাংস্কৃতিক ঐতিহ্যক ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ পাব। ভ্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কয়, “এই ভ্ৰমণ কেৱল কূটনৈতিক সফলতাই নহয়; ই ইতিহাস গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাম সম্ভৱ কৰি তোলাত সহায় কৰা সকলোকে মই কৃতজ্ঞতা জনাইছোঁ।”










