মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৰাজ্যব্যাপী এক বৃহৎ গৃহ অনুমোদন অভিযানৰ শুভাৰম্ভ কৰে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি ৩,২৫,২৩৪গৰাকী যোগ্য পৰিয়ালক গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ প্ৰদান কৰা হয় আৰু লগতে পকী ঘৰৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ প্ৰথম কিস্তিৰ আৰ্থিক সাহায্যও মুকলি কৰি দিয়া হয়।
বকোত আয়োজিত এক বৃহৎ জনসমাৱেশত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে এই দিনটোক অসমত সকলো গ্ৰামাঞ্চলৰ পৰিয়ালক মৰ্যাদাসম্পন্ন বাসস্থান নিশ্চিত কৰাৰ পথত এক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেখেতে কয়, “আজিৰ দিনটোত অসমজুৰি তিনিলাখৰো অধিক হিতাধিকাৰীয়ে গৃহ অনুমোদন পত্ৰ লাভ কৰিব। ইয়াৰ লগতে প্ৰথম কিস্তিৰ ধনো মুকলি কৰি দিয়া হৈছে যাতে নিৰ্মাণকাৰ্যত বিলম্ব নহয়।”
মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২২ চনৰ ১৯ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক এক নিৰ্ণায়ক মুহূৰ্ত বুলি উল্লেখ কৰে। তেখেতে কয়, “সেই ভ্ৰমণেই প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ বাস্তৱায়নৰ ক্ষেত্ৰত অসমলৈ এক নতুন দিশ দেখুৱালে। তাৰ পাছতেই আমি ৰাজ্যজুৰি পাঁচ লাখ গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ কৰিলোঁ। পৰৱৰ্তী সময়ত মে’ মাহত আৰু দুই লাখ হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰা হৈছিল।”

মুখ্যমন্ত্ৰীৰ মতে, ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত বহুদিন ধৰি অমীমাংসিত হৈ থকা বিষয়সমূহ পদ্ধতিগতভাৱে নিষ্পত্তি কৰিছে। তেখেতে কয়, “গৃহ প্ৰৱেশ অনুষ্ঠানৰ জৰিয়তে আমি সকলো বাকী থকা কিস্তি সম্পূৰ্ণ কৰিছোঁ। এই আঁচনিৰ অধীনত আন বাকী থকা যোগ্য হিতাধিকাৰীৰ তালিকাখনো স্বচ্ছ প্ৰক্ৰিয়াৰে সম্পূৰ্ণ কৰা হৈছে।” যোগ্য কোনো পৰিয়াল যাতে কেৱল প্ৰক্ৰিয়াগত বিলম্বৰ বাবে গৃহ লাভৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰাত চৰকাৰে বিশেষ গুৰুত্ব দিছে বুলিও তেখেতে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “১৯ মাৰ্চত গুৱাহাটীত বৃহৎ পৰিসৰত অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। সেই সময়তো লাখ লাখ হিতাধিকাৰীয়ে অনুমোদন লাভ কৰিছিল। আজিৰ কাৰ্যসূচীয়ে অসমৰ প্ৰতিটো কোণত ৰাইজৰ জীৱন-ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আমাৰ সংকল্প অধিক দৃঢ় কৰি তুলিছে।”
হিতাধিকাৰীসকলৰ বাবে এই অনুমোদন কেৱল কাগজ-পত্ৰতেই সীমাবদ্ধ নহয়, ই বহুদিনীয়া সুৰক্ষা আৰু মৰ্যাদাৰ প্ৰতীক। কামৰূপ জিলাৰ এগৰাকী হিতাধিকাৰী ৰাজীৱ দাসে কয়, “আমি বছৰ বছৰ ধৰি এটা কেচাঁ ঘৰত থাকি আহিছোঁ আৰু প্ৰতিটো বছৰতেই মেৰামতি কৰিবলগীয়া হয়। এতিয়া অনুমোদন পত্ৰ আৰু প্ৰথম কিস্তি লাভ কৰাৰ পাছত মই মোৰ পৰিয়ালৰ বাবে এটা পকী ঘৰ নিৰ্মাণ আৰম্ভ কৰিব পাৰিম। ই এক সপোন পূৰণ হোৱাৰ দৰে অনুভৱ হৈছে।”
উত্তৰ লখিমপুৰৰ হিতাধিকাৰী সুনীতা বৰায়ো আঁচনিখনে নতুন আশাৰ সঞ্চাৰ কৰিছে বুলি মন্তব্য কৰে। তেখেতে কয়, “স্বামীৰ মৃত্যুৰ পাছত ঘৰ নিৰ্মাণ কৰাটো মোৰ বাবে অসম্ভৱ যেন লাগিছিল। এতিয়া চৰকাৰৰ সহায়ত মই মোৰ সন্তানসকলৰ বাবে এটা সুৰক্ষিত ঘৰ নিৰ্মাণ কৰিব পাৰিম আৰু বৰষুণৰ সময়ত ভয় নোহোৱাকৈ বাস কৰিব পাৰিম।”
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামগ্ৰিক কল্যাণমূলক কাৰ্যসূচীৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আৱাস আঁচনিখন হৈছে গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ সৰ্বাংগীণ উন্নয়নৰ এক অংশ। তেখেতে কয়, “মোদী ডাঙৰীয়াই আৰ্থিকভাৱে পিছপৰা লোকক ঘৰ দিছে, পিএম কিষাণ আঁচনিৰ জৰিয়তে কৃষকক সহায় কৰিছে আৰু অৰুণোদয় আঁচনিখনে মহিলাসকলক শক্তিশালী কৰিছে। এই সকলো আঁচনিয়ে মিলি অসমজুৰি জনজীৱন ৰূপান্তৰিত কৰিছে।”
৩.২৫ লাখতকৈ অধিক নতুন অনুমোদন জাৰিৰে অসম চৰকাৰে সকলো যোগ্য গ্ৰামাঞ্চলৰ পৰিয়ালক প্ৰাকৃতিক দুৰ্যোগ-সহনশীল পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্যৰ দিশত অধিক ওচৰ চাপিছে। এই আঁচনিয়ে কেৱল অসমৰ গ্ৰাম্য পৰিৱেশকেই নহয়, বহু বছৰ ধৰি এটা ঘৰ নিজৰ বুলি ক’বলৈ অপেক্ষা কৰি থকা হাজাৰ হাজাৰ পৰিয়ালৰ বাবে সুৰক্ষা, মৰ্যাদাৰ আশ্বাসো সুদৃঢ় কৰি তুলিছে।










