দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীয়ে ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত আন এক স্মৰণীয় অধ্যায় সংযোজন কৰে। কেইবাটাও প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন, ৰাজহুৱা সভা সম্বোধন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ভৰপূৰ এই ভ্ৰমণে আন্তঃগাঁথনি শক্তিশালীকৰণ, ঔদ্যোগিক সক্ষমতা বৃদ্ধিৰ লগতে অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ থকা অবিৰত প্ৰচেষ্টাক স্পষ্টভাৱে প্ৰতিফলিত কৰে।
এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ১৫,৬০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এইসমূহৰ ভিতৰত বিমান সেৱা আন্তঃগাঁথনি, সাৰ উৎপাদন, যুৱ সমাজক কেন্দ্ৰ কৰি লোৱা পদক্ষেপসমূহ বিশেষভাৱে উল্লেখযোগ্য।
ভ্ৰমণৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত নিৰ্মিত আধুনিক “বাঁহ-অৰ্কিডছ” টাৰ্মিনেল ভৱনৰ উদ্বোধন কৰে। প্ৰায় ৪,০০০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই নতুন টাৰ্মিনেলটো উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অত্যাধুনিক বিমানবন্দৰ সুবিধা হিচাপে পৰিগণিত হৈছে, যিয়ে অসমক দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংযোগক যথেষ্ট শক্তিশালী কৰি তুলিব।
প্ৰায় ১.৪ লাখ বৰ্গমিটাৰ এলেকাত বিস্তৃত এই টাৰ্মিনেলটো বছৰত প্ৰায় ১.৩ কোটি যাত্ৰী পৰিচালনা কৰাৰ ক্ষমতাৰে সম্পন্ন। স্থাপত্যৰ দিশৰ পৰা অনন্য এই টাৰ্মিনেলৰ নক্সাত অসমৰ প্ৰাকৃতিক সম্পদ আৰু সাংস্কৃতিক বৈশিষ্ট্যক প্ৰতিফলিত কৰা হৈছে। “বাঁহ-অৰ্কিডছ” শীৰ্ষক এই নক্সা-ধাৰণাই অসমৰ জৈৱ বৈচিত্ৰ্য, পৰম্পৰাগত সামগ্ৰী আৰু নান্দনিক ঐতিহ্যক প্ৰদৰ্শন কৰিছে।

উদ্বোধনৰ পাছত প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “গুৱাহাটীৰ বাবে আজি এক বিশেষ দিন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰে নতুন টাৰ্মিনেল ভৱন লাভ কৰিছে। এই টাৰ্মিনেলটোৱে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰিব আৰু পৰ্যটনক উৎসাহিত কৰিব। প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে প্ৰকৃতি আৰু বহনক্ষম উন্নয়নৰ সৈতে থকা বিশেষ সংযোগো অত্যন্ত প্ৰশংসনীয়।”
বিমানবন্দৰৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে স্বাধীনোত্তৰ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এক বিশাল প্ৰতিমূৰ্তিও উন্মোচন কৰে। এই উপলক্ষে তেখেতে পুনৰ সামাজিক মাধ্যমত প্ৰকাশ কৰে, “গুৱাহাটী বিমানবন্দৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিলোঁ। তেখেতৰ জীৱন আৰু আদৰ্শসমূহৰ লগতে অসমৰ উন্নয়নত তেখেতৰ অৱদানসমূহে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।”
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমানবন্দৰৰ পৰা গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ লোকে পথৰ দুয়োপাৰে থিয় হৈ উষ্ণ আদৰণি জনায় আৰু প্ৰধানমন্ত্ৰীয়ে পথত নাগৰিক আৰু কৰ্মীসকলক শুভেচ্ছা জনায়। দিনটোৰ অন্তত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নৈশ যাপন কৰে।
ভ্ৰমণৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ ২৫গৰাকী শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰে। এই মত-বিনিময় কাৰ্যসূচী ব্ৰহ্মপুত্ৰ নদীৰ বুকুত ক্ৰুজ জাহাজ এম ভি চৰাইদেউ – ২ত অনুষ্ঠিত হয়।

পৰীক্ষা পে চৰ্চা ২০২৬ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে ব’ৰ্ড আৰু প্ৰৱেশিকা পৰীক্ষাৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে, সেই বিষয়ে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। এই শিক্ষাৰ্থীসকল বাক্সা, ডিমা হাচাও, কোকৰাঝাৰ, গোলাঘাট, কামৰূপ মহানগৰ, মৰিগাঁও, ডিব্ৰুগড়, কাছাৰ, শ্ৰীভূমি, কাৰ্বি আংলং আৰু নলবাৰী জিলাৰ চৰকাৰী, আৱাসিক আৰু ব্যক্তিগত বিদ্যালয়সমূহৰ পৰা নিৰ্বাচিত কৰা হৈছিল।
মত-বিনিময়ৰ পাছত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত সদ্য নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই স্মাৰকটো অসম আন্দোলনত শ্বহীদ হোৱা ৮৬০গৰাকী বীৰ শ্বহীদৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্ৰদ্ধা নিবেদন আৰু শ্বহীদ প্ৰণাম জ্যোতিত পুষ্পাৰ্ঘ্য অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,“শ্বহীদসকলৰ স্মৃতি বিজড়িত স্মাৰক ক্ষেত্ৰত খোজ কাঢ়ি যোৱাটো মোৰ বাবে এক অনন্য অভিজ্ঞতা আছিল। অসম আন্দোলনত বীৰত্বৰে আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ ত্যাগৰ গাথাই আমাক অনুপ্ৰাণিত কৰে। অসম আন্দোলনত শ্বহীদসকলৰ ত্যাগ আৰু বলিদান অসমৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংশ। অসমৰ উন্নতি, সমৃদ্ধি আৰু সাংস্কৃতিক গৌৰৱৰ বাবে আমি অবিৰতভাৱে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”










