দুদিনীয়া ভ্ৰমণসূচীৰে নৱেম্বৰ মাহৰ আৰম্ভণিতে অসমলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাইজৰ বাবে উছৰ্গা কৰে।
৭ নৱেম্বৰ ২০২৫
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথম দিনটোত জাগীৰোডত নিৰ্মীয়মাণ অৱস্থাত থকা টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পৰিদৰ্শন কৰে। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তেখেতে ‘এণ্টাৰপ্ৰাইজ আছাম-বিকশিত ভাৰত ২০৪৭’ শীৰ্ষক এক বাৰ্তালাপমূলক অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত শিক্ষাৰ্থী, স্থানীয় উদ্যোগী আৰু জ্যেষ্ঠ উদ্যোগপতিসকলৰ সৈতে তেখেতে বাৰ্তালাপ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ উদ্যোগ খণ্ডৰ সুযোগ-সম্ভাৱনাৰ লগতে বিনিয়োগৰ বিষয়তো আলোচনা কৰে আৰু ঔদ্যোগিক ক্ষেত্ৰৰ উত্তৰণৰ যাত্ৰাত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আৰু নীতি নিৰ্ধাৰণৰ বিষয়ে সদৰী কৰে।

তেখেতে কয় যে জাগীৰাডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমৰ সমান্তৰালকৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও সুযোগ-সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰি এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব।
ভাৰতৰ বিকশিত ষ্টাৰ্টআপৰ পৰিৱেশৰ কথা উল্লেখ কৰি বিত্তমন্ত্রীগৰাকীয়ে অসমৰ যুৱ উদ্যমীসকলক আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগায়। ছেমিকণ্ডাক্টৰ প্ৰকল্পই কৰ্মসংস্থাপন সৃষ্টিৰ সমান্তৰালকৈ প্রযুক্তিৰ সদ্ব্যৱহাৰ, বিশ্বমানৰ মানদণ্ড স্থাপন আৰু স্থানীয় উদ্যোগীৰ অংশগ্ৰহণ বৃদ্ধি কৰি ভাৰতৰ প্ৰযুক্তি-বিপ্লৱত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত অসমক সম সুযোগ প্ৰদান কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
তেখেতে ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলীত এটি গছপুলি ৰোপণ কৰে।
পৰ্যটন আৰু বাণিজ্য খণ্ডত এক নতুন সংযোজন ঘটাই উক্ত দিনাই তেখেতে গুৱাহাটী প্ৰৱেশদ্বাৰ (টাৰ্মিনেল আৰু ঘাট) আৰু ব্ৰহ্মপুত্ৰ নদীপাৰ – সতী ৰাধিকা শান্তি উদ্যান ৰাইজৰ বাবে মুকলি কৰে।

নদী পৰিবহণ ব্যৱস্থাত নৱতম সংযোজন ‘গুৱাহাটী প্ৰৱেশদ্বাৰ’ (টাৰ্মিনেল আৰু ঘাট) হৈছে সকলো বতৰতে কাৰ্যক্ষম উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ভাসমান টাৰ্মিনেল। এই প্ৰকল্পৰ আন কেইটিমান বৈশিষ্ট্য হ’ল–
ক) ১০০ জনকৈ যাত্ৰী কঢ়িওৱা ৪খন কাটামাৰাণ জাহাজ ৰখাৰ বাবে ১২০ মিটাৰ দৈৰ্ঘ্যৰ পণ্টুন
খ) ১০.৯ মিটাৰ পৰ্যন্ত পৰিৱৰ্তিত জলস্তৰ উপযোগী ঘাট
গ) ই-টিকেটিং সুবিধাযুক্ত বিশ্বমানৰ টাৰ্মিনেল ভৱন
ঘ) নিৰন্তৰ নিৰীক্ষণৰ বাবে অত্যাধুনিক আদেশ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ
৩০৫ কোটি টকা ব্যয়ৰ এই প্ৰকল্পটোৱে অসমৰ নদী পৰিবহণ আন্ত:গাঁথনিত এক পৰিৱৰ্তন আনিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰা দ্বিতীয়টো প্ৰকল্প সতী ৰাধিকা শান্তি উদ্যানৰ ব্যয় হৈছে ৩২৭ কোটি টকা। নতুন আয়ুক্ত ভৱনৰ পৰা কাছাৰী ঘাটলৈ ১.২ কিল’মিটাৰ দৈৰ্ঘ্যৰ উন্নত নদীপাৰৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত ১৫ মিটাৰ বিস্তৃত বীথিকা, পথ, চাইকেল ট্ৰেক আৰু বহা ঠাইৰ ব্যৱস্থা, শিশুৰ বাবে খেলা ঠাইৰ ব্যৱস্থা, মুকলিভাৱে শৰীৰচৰ্চা, ৪টা ব্যৱসায়িক ভৱন, অসমৰ বিষয়বস্তু সম্বলিত ৭খন প্ৰৱেশদ্বাৰ আদিৰ সুবিধা এই উদ্যানখনত সন্নিৱিষ্ট কৰা হৈছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই উদ্বোধনী অনুষ্ঠানৰ ভাষণ প্ৰসংগত কয়, “আমি ৰিভাৰফ্ৰণ্টৰ বিচ্ছিন্ন অংশসমূহক সংযোজিত কৰি কামাখ্যা মন্দিৰ, নীলাচল পাহাৰ পৰ্যন্ত লৈ যাম। অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আমি নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ দলংখনো ৰাইজৰ বাবে উছৰ্গা কৰিম।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই প্ৰকল্পই নদী পৰিবহণক অধিক প্ৰাসংগিক কৰি পৰ্যটন ক্ষেত্ৰৰ উত্তৰণত সহায় কৰিব আৰু অসমবাসীৰ বাবে নতুন অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰিব।
তেখেতে লগতে কয় যে এই দুয়োটা প্ৰকল্পতে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেতৰ নেতৃত্বাধীন দলক এই দূৰদৃষ্টিসম্পন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে আৰু এই প্ৰকল্পটোক নগৰীয়া সুবিধা, সংস্কৃতি আৰু প্ৰযুক্তিৰ এক অনন্য সমন্বয় বুলি বৰ্ণনা কৰে।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ বাবে প্ৰচলন কৰা “Special Assistance to States for Capital Investment” নামৰ আঁচনিৰ জৰিয়তে মূলধনী ব্যয় প্ৰকল্পৰ বাবে সুতবিহীন ঋণ প্ৰদান কৰা হয়। এই আৰ্থিক সাহায্যই আন্তঃগাঁথনিকে ধৰি বিভিন্ন প্ৰকল্পৰ বাবে পুঁজিৰ যোগানত সহায় কৰি সংস্কাৰ সাধনত অৰিহণা যোগায়। মূলধনী বিনিয়োগ প্ৰকল্পৰ বাবে ৫০ বছৰৰ সুতবিহীন ঋণ হিচাপে এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
“অসমে উক্ত আঁচনিৰ ধন পৰিকল্পিতভাৱে ব্যৱহাৰ কৰি ৰাজ্যখনৰ উত্তৰণ সাধন কৰি আহিছে আৰু এই পুঁজিৰ ধন সৰ্বাধিক সদ্ব্যৱহাৰ কৰা ৰাজ্যসমূহৰ ভিতৰত অসমে শীৰ্ষ স্থান দখল কৰিছে,”কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
তদুপৰি, উজান বজাৰস্থিত পুৰণি মাছৰ বজাৰৰ কাৰ্যকলাপ পূৰ্বৰ দৰেই অক্ষুণ্ন ৰখাৰ পদক্ষেপকো প্ৰশংসা কৰি এয়া উন্নয়নৰ প্ৰতীক বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
৮ নৱেম্বৰ ২০২৫
নিৰ্মলা সীতাৰমণে উক্ত দিনটোত মুখ্যমন্ত্ৰীৰ উপস্থিতিত গহপুৰস্থিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰে। কাৰিকৰী তথা বৃত্তিমূলক শিক্ষা তথা প্ৰশিক্ষণ (টি-ভেট)ক প্ৰাধান্য প্ৰদান কৰা এইখন হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়। ৪১৫ কোটি টকা ব্যয়ৰ এই বিশ্ববিদ্যালয়ৰ মুঠ এলেকা হৈছে ৭৩১ বিঘা। ২,০০০গৰাকী শিক্ষার্থীৰ বাবে শৈক্ষিক ভৱন, ১,৬২০গৰাকী শিক্ষার্থীৰ বাবে হোষ্টেল, ৭২টা আৱাসিক ভৱন, উপাচার্য আৰু পঞ্জীয়কৰ আৱাস, অতিথিশালা, শিক্ষার্থীৰ সা-সুবিধা কেন্দ্র এই প্ৰকল্পত সন্নিৱিষ্ট কৰা হৈছে। প্ৰকল্পৰ কাৰিকৰী ক্ষেত্ৰসমূহৰ ভিতৰত কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিং, চাইবাৰ সুৰক্ষা, ব্লক-চেইন, ড্রাগ আৰু নেভিগেশ্যন টেকন’লজী, জি আই এছ, ইমেজ প্রচেছিং, কোৱাণ্টাম কম্পিউটিং, ব্রেইন-কম্পিউটাৰ ইন্টাৰফেচ (বি চি আই), অগমেণ্টেড্ ৰিয়েলিটী/ ভার্চুৱেল ৰিয়েলিটী, এনিমেশ্যন আৰু গ্রাফিক্স, ইণ্টাৰনেট অৱ থিংছ, স্মার্ট চিটি আৰু স্মার্ট এনভাইৰণমেন্ট আদিৰ সুবিধা থাকিব।
এই প্ৰকল্পৰ বাবে ভোলাগুৰি চাহ বাগিচাৰ ভূমি অধিগ্ৰহণ কৰা হৈছিল। সেই অনুযায়ী এই অনুষ্ঠানৰ জৰিয়তে বাগিচাৰ ৩গৰাকী চাহ শ্ৰমিকক আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰা হয়।
নিৰ্মলা সীতাৰমণে ভাষণ প্ৰসংগত কয়, “দেশমাতৃৰ সুৰক্ষাৰ বাবে বীৰদৰ্পে আগুৱাই আত্মবলিদান দিয়া ১৭ বছৰীয়া কন্যা শ্বহীদ কনকলতা বৰুৱালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত। জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ প্ৰাণাহুতি দিয়া কন্যাগৰাকীয়ে দেশমাতৃৰ বাবে আত্মবলিদান দিয়াৰ ক্ষেত্ৰত কোনো সংকোচ কৰা নাছিল। তেখেতৰ নামত স্থাপন হোৱা এই বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ধন্য হৈছোঁ।”
এনে প্ৰতিষ্ঠানৰ জৰিয়তে অসমে ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাত অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ লগতে ঔদ্যোগিক ক্ষেত্ৰৰ ভৱিষ্যৎ গঠনতো আগশাৰীৰ ভূমিকা পালন কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, “ এই বিশ্ববিদ্যালয়খন কেৱল শিল আৰু চিমেণ্টেৰে গঢ়া শিক্ষা প্ৰতিষ্ঠান নহয়, এই বিশ্ববিদ্যালয়খন মানৱ সম্পদ গঢ়া এক মন্দিৰলৈ ৰূপান্তৰিত হ’ব।”
তেখেতে কয় যে বিশ্ববিদ্যালয়খন নিৰ্মাণৰ বাবে দ্বিতীয় পৰ্যায়ত ৫০০ কোটি টকা প্ৰদান কৰা হ’ব।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভোলাগুৰি চাহ বাগিচাত স্থাপন কৰা চিত্ৰবন ষ্টুডিঅ’ৰ লগতে তেখেতে অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বৰঙণিৰ কথা মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। “এই বিশ্ববিদ্যালয়খনে ৰূপকোঁৱৰৰ ফিল্ম ষ্টুডিঅ’ৰ লগতে তেখেতৰ প্ৰতিটো সম্পদক জাতীয় সম্পদ হিচাপে ৰক্ষণাবেক্ষণ দিব,” মুখ্যমন্ত্ৰীয়ে কয়।
তদুপৰি এই বিশ্ববিদ্যালয়ৰ জৰিয়তে ভৱিষ্যতে স্বদেশী ডিগ্ৰী আৰু বৈদেশিক ডিগ্ৰী প্ৰদানৰো ব্যৱস্থা কৰাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয় আৰু ইয়াৰ বাবে জাপানৰ লগতে আন বিশ্ববিদ্যালয়ৰ সৈতে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।
তেখেতে কয় যে এই শিক্ষা প্ৰতিষ্ঠানে এখন আত্মনিৰ্ভৰশীল তথা শক্তিশালী অসম গঢ়াত সহায় কৰিব।
উক্ত দিনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মাণ ‘জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ’ পৰিদৰ্শন কৰে৷










