অসম আন্দোলনৰ ৮৬০গৰাকী শ্বহীদৰ সৰ্বোচ্চ ত্যাগক স্মৰণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে।
শ্বহীদ দিৱসৰ আগদিনা সন্ধ্যা শ্বহীদ স্মাৰকত আয়োজন কৰা বিশেষ প্ৰাৰ্থনা অনুষ্ঠানত আই অসমীৰ বীৰ সন্তানসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “নিজৰ ভূমি, সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া বীৰসকলৰ স্মৃতিত বহু বছৰ ধৰি অসমত কোনো স্থায়ী স্মাৰক নিৰ্মাণ কৰা হোৱা নাছিল। আজি গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ তেওঁলোকৰ ত্যাগৰ জীৱন্ত সাক্ষী হিচাপে থিয় দিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নিৰ্যাতনত ৮৬০গৰাকী অসমীয়াই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তেওঁলোকৰ একমাত্ৰ ‘অপৰাধ’ আছিল সুৰক্ষিত অসম গঢ়াৰ বাবে অবৈধ অনুপ্ৰৱেশৰ বিৰোধিতা কৰা।”
প্ৰায় ১৫০ বিঘা ভূমিত ১৭০ কোটি টকাৰ ব্যয়ৰে নিৰ্মিত এই স্মাৰক ক্ষেত্ৰত ৮৬০গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত অসম আন্দোলনৰ সম্পূৰ্ণ ইতিহাস সংৰক্ষিত থকা এটি ডিজিটেল লাইব্ৰেৰীসহ বিভিন্ন সুবিধা উপলভ্য আছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে খৰ্গেশ্বৰ তালুকদাৰসহ অসম আন্দোলনৰ সকলো বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, “আই অসমীৰ বাবে প্ৰাণ উৎসৰ্গা কৰা এইসকল মহান বীৰৰ দেশপ্ৰেম সদায়েই আমাৰ বাবে অনুপ্ৰেৰণা হৈ থাকিব।”
‘এক্স’ত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, “শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধনৰ জৰিয়তে আমি অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ যোগ্য শ্ৰদ্ধাঞ্জলি জনালোঁ। এই স্মাৰক তেওঁলোকৰ বীৰত্বক সন্মান জনোৱাৰ লগতে আগন্তুক প্ৰজন্মক মাতৃভূমিৰ সেৱাত গৌৰৱৰ সৈতে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব।”
তেখেতে লগতে কয়, “ডাবল ইঞ্জিন চৰকাৰৰ অধীনত অৱশেষত অসমে নিজৰ বীৰ সন্তানসকলক প্ৰাপ্য সন্মান দিবলৈ সক্ষম হৈছে। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আমাৰ বীৰসকলৰ ত্যাগৰ চিৰন্তন স্মৃতি হৈ থাকিব।”
মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহ্বান জনায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ‘এক্স’ত প্ৰকাশ কৰে, “২০১৯ চনৰ ১০ ডিচেম্বৰত আধাৰশিলা স্থাপন আৰু ২০২০ চনৰ ১০ ডিচেম্বৰত ভূমি পূজন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰই অৱশেষত পূৰ্ণতা পোৱা দেখি মই অতিশয় আনন্দিত হৈছোঁ। শ্বহীদ দিৱসৰ এই পৱিত্ৰ দিনত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত এই গৌৰৱময় প্ৰকল্প উদ্বোধন কৰাৰ লগতে ঐতিহাসিক অসম আন্দোলনৰ অমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ।”
তেখেতে লগতে কয় যে শ্বহীদসকলৰ অতুলনীয় ত্যাগ আৰু সাহসে আগন্তুক প্ৰজন্মক সদায়ে অনুপ্ৰেৰণা যোগাই থাকিব আৰু ভূমিপুত্ৰ, ভাষা, পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ সৈতে ৰাষ্ট্ৰ নিৰ্মাণৰ অবিৰাম যাত্ৰাত অসমবাসীক সক্ৰিয় ভূমিকা ল’বলৈ পথ প্ৰদৰ্শন কৰিব।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, “অসম আন্দোলনৰ অংশগ্ৰহণকাৰী সকলো বীৰৰ বীৰত্বক আমি স্মৰণ কৰোঁ।” তেখেতে লগতে কয় যে ভাৰতৰ ইতিহাসত এই সংগ্ৰামে সদায়ে বিশেষ স্থান দখল কৰি থাকিব। “অসম আন্দোলনত অংশ লোৱা বীৰসকলৰ সপোন পূৰণ, বিশেষকৈ ৰাজ্যখনৰ সংস্কৃতি সুদৃঢ়কৰণ আৰু সৰ্বাঙ্গীন বিকাশৰ প্ৰতিশ্ৰুতি আমি পুনৰ দৃঢ় কৰিলোঁ,” প্ৰধানমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰে।










