অসম চৰকাৰে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে ব্যক্তিগত জীৱনৰ সমান্তৰালকৈ সমাজ ব্যৱস্থাতো ইতিবাচক পৰিৱৰ্তন আনিছে। অসম চৰকাৰে সমাজিক কু-প্ৰথাৰ সৈতে কোনোধৰণৰ আপোচ নকৰি সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে – “কোনো অপৰাধীৰ প্ৰতি অসম চৰকাৰ দয়াশীল নহয়”। ড্ৰাগছ, বাল্য বিবাহ আৰু চাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম চৰকাৰে নিৰন্তৰভাৱে এনেদৰেই পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ড্ৰাগছৰ বিৰুদ্ধে যুঁজ
২০২১ চনৰ মে’ মাহত ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বাধীন চৰকাৰে দায়িত্ব লোৱাৰ পাছত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰা হৈছিল। অসম বাৰ্তাই লাভ কৰা চৰকাৰী তথ্য অনুসৰি নাৰ্কটিক ড্ৰাগছ্ আৰু চাইক’ট্ৰপিক চাবস্টেঞ্চেছ্ আইনৰ অধীনত ১২,৩৯৮টা গোচৰ ৰুজু কৰা হৈছে। ২,৬০৪.২১ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ আৰু ধ্বংস কৰা হৈছে আৰু অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত ২০,২৯৩গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
চৰকাৰী তথ্য অনুসৰি ৫৫৩ কিল’গ্ৰাম হেৰ’ইন, ২৪ কিল’গ্ৰাম ক্রিষ্টাল মেথামফেটামাইন, ১,৬১,৯৫,৩৮৭টা টেবলেট আৰু কেপচুল, ১২,৪৪,২৭১টা কডেইনযুক্ত কফ ছিৰাপৰ বটল, ১,২৫,৫৪১ কিল’গ্ৰাম গাঞ্জা, ৬২১ কিল’গ্ৰাম অপিয়াম, ৩,৩২৪ কিল’গ্ৰাম আফিং আৰু এই পৰ্যন্ত ৬,৮৫,০৩,২৩৭ নগদ ধন জব্দ কৰা হৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক্সত প্ৰকাশ কৰে, “২০২১ চনৰ পৰা আমি ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছোঁ। ড্ৰাগছৰ বিৰুদ্ধে আমি আৰম্ভ কৰা অভিযানৰ অধীনত ২,৬০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ড্ৰাগছ জব্দ কৰিছোঁ আৰু ড্ৰাগছমুক্ত ভাৰতৰ সামগ্ৰিক দৃষ্টিভংগীত অৰিহণা যোগাবলৈ এই অনৈতিক কাৰ্যৰ সৈতে জড়িত ২০,০০০তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।”
বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান
২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা অসম চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে ব্যাপকভাৱে অভিযান চলাই আহিছে আৰু এই অভিযানৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে সুফল লাভ কৰিছে। (তালিকাখন চাওক)
| বৰ্ষ | পঞ্জীয়নভুক্ত গোচৰ | নিষ্পত্তি | চাৰ্জশীটৰ শতাংশ | ট্ৰায়েল নিষ্পত্তি | দোষী সাব্যস্ত হোৱা হাৰ |
| ২০২৩ | ৫,৪৯৮ | ৫,৩৯৭ | ৯৫.৭৮ | ৯৭৮ | ১৫.৫৪% |
| ২০২৪ | ৫৫৭ | ২৩০ | ৯৭.৩৯ | ৪১০ | ৩৩.৬৬% |
| ২০২৫ (মাৰ্চলৈকে) | ৭০ | ১৯৭ | ৯৬.৯৫ | ১৬৫ | ৫৫.৭৬% |
গ্ৰেপ্তাৰ হোৱা ব্যক্তি (২০২৫ চনৰ মাৰ্চ মাহলৈকে) ঃ ৫৯৭৮গৰাকী
গ্ৰেপ্তাৰ হোৱা কাজী (২০২৫ চনৰ মাৰ্চ মাহলৈকে) ঃ ৫৮
তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰা এই যুঁজখনৰ বাবে চৰকাৰী অধিসূচনা জাৰি কৰি সাধাৰণ এলেকাত গাঁও পঞ্চায়তৰ সম্পাদক আৰু ষষ্ঠ অনুসূচীৰ অঞ্চলৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক বাল্য বিবাহ নিষেধাজ্ঞা বিষয়া (চি এম পি অ’) হিচাপে ঘোষণা কৰি এজাহাৰ দাখিলৰ ক্ষমতা প্ৰদান কৰা হৈছে। বৰ্তমানলৈ বাল্য বিবাহৰ বিৰুদ্ধে তিনিটা বিশেষ অভিযান চলোৱা হৈছে।
উল্লেখযোগ্য যে কাছাৰ জিলাৰ চাৰিখন গাঁৱক বাল্য বিবাহমুক্ত গাঁও হিচাপে স্বীকৃতি দিয়া হৈছে। সেইকেইখন হ’ল — পালংঘাট উন্নয়ন খণ্ডৰ অধীনৰ ৰুকণী খণ্ড – ৪ৰ্থ, ভৈৰৱপুৰ পাৰ্ট – ১ (কালাইন উন্নয়ন খণ্ড), ৰোজকান্দি গ্ৰাণ্ট -১ আৰু ৰোজকান্দি গ্ৰাণ্ট -২ (তাপাং উন্নয়ন খণ্ড)।
এই কার্যৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী প্ৰমুখ্যে সকলোৱে অসমক প্ৰশংসা কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে এন ডি এ-শাসিত অন্যান্য ৰাজ্যসমূহক এখন সুস্থ সমাজ গঢ়াৰ পদক্ষেপৰ বাবে অসমক অনুসৰণ কৰিবলৈ আহ্বান জনাইছে৷ সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্রীয়ে কয়, “বাল্য বিবাহৰ বিৰুদ্ধে অসমৰ যুঁজখনৰ সন্দৰ্ভত মোক কনক্লেভত এটা প্ৰেজেণ্টেশ্যন দিবলৈ কোৱা হৈছিল আৰু কনক্লেভত উপস্থিত থকা সকলোৱে ইয়াৰ শলাগ লৈছিল৷ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে এন ডি এ-শাসিত ৰাজ্যৰ বিষয়াসকলক অসম ভ্ৰমণ কৰি আমি কেনেদৰে আগবাঢ়িছোঁ, সেই বিষয়ে বুজ ল’বলৈ আহ্বান জনায়।”
চাইবাৰ অপৰাধৰ বিৰুদ্ধে অসমৰ যুঁজ
চাইবাৰ অপৰাধে অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰি জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি আনে। তদুপৰি অনলাইন সেৱাৰ ওপৰত থকা বিশ্বাস-আস্থাক নোহোৱা কৰি সমাজত গভীৰ প্ৰভাৱ পেলায়। চাইবাৰ নিৰাপত্তাও ৰাজ্য চৰকাৰৰ অন্যতম দৃষ্টি আকৰ্ষণৰ বিন্দু হিচাপে পৰিগণিত হৈছে।
এই দিশত পদক্ষেপ গ্ৰহণ কৰি ১১.৩০ কোটি টকা ব্যয় সাপেক্ষে চি আই ডি কাৰ্যালয় আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দুখন চাইবাৰ আৰক্ষী থানা কাৰ্যক্ষম কৰা হৈছে। ইয়াৰ উপৰি দুটা চাইবাৰ পুলিচ আউটপোষ্ট ক্ৰমে এটা ডিব্ৰুগড় জিলাত আৰু আনটো কাছাৰ জিলাত স্থাপন কৰা হৈছে।
ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ ১৯৩০ৰ অধীনত মুঠ ৩০,৭৫৩টা অভিযোগৰ সৈতে মোকাবিলা কৰা হৈছে, য’ত ১৩৮ কোটি টকা জালিয়াতিৰ প্ৰতিবেদন পোৱা হৈছে আৰু ১৯.৪২ কোটি টকা উদ্ধাৰ কৰা হৈছে।










