ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ১২০ কিল’মিটাৰ উত্তৰ-পশ্চিমে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ এখন বিশেষ ঠাই ‘ভূটানখুঁটি’৷ প্ৰকৃতিৰ সেউজ দলিচাৰে পূৰ্ণ এই ঠাইখনলৈ অহা দৰ্শনাৰ্থীৰ বাবে এক সাধাৰণ দৃশ্য হৈছে অঞ্চলৰটোৰ প্ৰতিগৰাকী গৃহিণীৰ মৌপালন৷ মৌপালনক এক সংস্কৃতিত পৰিণত কৰাৰ এই প্ৰচেষ্টাত জিলা প্ৰশাসন আৰু কৃষি বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ‘খামৰী হানী’ৰ দৰে স্থানীয় ব্ৰেণ্ডৰ সফলতাৰ কাহিনী ইয়াৰ পৰাই আৰম্ভ হৈছে৷ ২০২১ চনত, ছল্ট ৰেঞ্জ ফুড প্ৰাইভেট লিমিটেডে ‘মাষ্টাৰ্ড মৌ’ ব্ৰেণ্ড নামৰ ৫০ কিল’গ্ৰাম ‘বাক্সা মৌ’ ডুবাইলৈ ৰপ্তানি কৰিছিল৷
জিলা প্ৰশাসনৰ সক্ৰিয়তাৰ লগতে জিলাখনৰ বাবে আন এক ইতিবাচক দিশ হ’ল যে ইয়াত বসবাস কৰা জনজাতীয় বাসিন্দাসকল পৰম্পৰাগতভাৱে বনৰীয়া মৌ সংগ্ৰহ কৰাত দক্ষ আৰু তেওঁলোকৰ ঘৰত মৌপালনৰ অনুশীলন অতি পুৰণি৷ বৃহত্তৰ ভূটানখুঁটি অঞ্চলত গোৰ্খা (নেপালী), বড়ো, আদিবাসী আৰু আন আন জনজাতীয় লোকে বসবাস কৰে৷ কৃষিৰ লগতে অঞ্চলটোৰ প্ৰায় প্ৰতিটো পৰিয়াল উদ্যানশস্যৰ সৈতেও জড়িত৷
এক জিলা এক সামগ্ৰী (অ’ডিঅ’পি.) আঁচনিৰ অধীনত বাক্সা জিলাই বাছনি কৰা সামগ্ৰীবিধ হৈছে মৌ৷
ভূটানখুঁটিৰ শান্তিপুৰৰ বাসিন্দা য়াগনি নেওপানি (৫৫) অঞ্চলটোৰ এগৰাকী প্ৰখ্যাত মৌপালক৷ এই প্ৰচেষ্টাৰ পৰা কেনেদৰে লাভাম্বিত হ’ব পৰা যায় সেই বিষয়ে উল্লেখ কৰি তেওঁ কয়, “পৰম্পৰাগত মৌপালন আৰু মৌ উৎপাদন অঞ্চলটোৰ লোকসকলৰ মাজত সচৰাচৰ দেখা যায়৷ ডিচেম্বৰৰ পৰা মে’ মাহলৈ বনৰীয়া মৌ চপোৱা হয়৷ শেহতীয়াকৈ বহু লোকে বিশেষকৈ মহিলাসকলে চৰকাৰী সংস্থাসমূহৰ পৰা মৌপালনৰ প্ৰশিক্ষণ লাভ কৰিছে৷ এনেধৰণে উৎপাদিত জৈৱিক মৌ ৰাজ্যৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ৷ অঞ্চলটোৰ চাৰিওফালৰ পাহাৰত ফুলা বনৰীয়া ফুলবোৰ মৌ উৎপাদনৰ বাবে সৰ্বশ্ৰেষ্ঠ উৎস৷”
চেৰেনা হানি প্ৰচেছিং আৰু প্ৰডিউচাৰ্ছ গোটৰ বেৰেনা টেটে (৫৬) অসম বাৰ্তাক কয় “ভূটানখুঁটিত মৌপালন আৰু মৌ উৎপাদন সকলোৰে জীৱনৰ অংশ৷ আমাৰ গোটৰ অধীনত, আমাৰ ৭২গৰাকী সদস্য আছে৷ ২০২০ চনৰ মাজভাগত আমাক গুৱাহাটীৰ আইআইইয়ে মৌপালন আৰু মৌ প্ৰক্ৰিয়াকৰণৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰিছিল৷ আমাৰ জিলা কৃষি কাৰ্যালয়ৰ তৰফৰ পৰা আমাক সকলো সদস্যক দুটাকৈ মৌমাখিৰ বাকচ প্ৰদান কৰিছিল৷ সময়ে সময়ে, আমি মৌপালনৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী সংস্থাৰ পৰা সহযোগ লাভ কৰি আহিছোঁ৷”
তেওঁ লগতে উল্লেখ কৰে যে প্ৰতিটো পৰিয়ালে মৌ পালনৰপৰা বছৰি গড়ে ৩০,০০০ টকা উপাৰ্জন কৰে৷ “মোৰ ওচৰত আঠটা মৌমাখিৰ বাকচ আছে৷ আমি উৎপাদন কৰা মৌসমূহ হৈছে জৈৱিক আৰু ইয়াৰ বজাৰমূল্য যথেষ্ট ভাল৷ যোৱা বছৰ মই প্ৰায় ৩৫,০০০ টকা মৌপালনৰ পৰা উপাৰ্জন কৰিছিলোঁ৷ বিক্ৰেতাসকলে ঘৰলৈ আহি বটলত সংসাধিত মৌ সংগ্ৰহ কৰে৷”
মূল্য সংযোজন সুবিধা স্থাপনৰ জৰিয়তে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা কৃষক বৰ্ধন প্ৰকল্পৰ অধীনত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰা চাৰিটা উপ প্ৰকল্পৰ ভিতৰত অন্যতম হৈছে মৌপালন৷ উল্লেখ্য যে জিলা প্ৰশাসন হৈছে এই প্ৰকল্প ৰূপায়ণৰ নোডেল এজেঞ্চী৷
এই প্ৰকল্পৰ সঠিক ৰূপায়ণৰ বাবে ৫ আগষ্টত জিলা আয়ুক্ত মাচণ্ডা মেগদালিন পাৰ্টিন আৰু বন্তি তালুকদাৰ (এচিএছ)ৰ লগতে দুলাল দাস (জিলা কৃষি বিষয়া)ক প্ৰদান কৰা হয় ‘কৰ্মশ্ৰী বঁটা’৷
জিলা আয়ুক্তগৰাকীয়ে মৌৰ উৎপাদন বৃদ্ধিৰ বাবে এক বিতং পৰিকল্পনা থকাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয়, “বাক্সা জিলাত বৰ্তমান মৌৰ মুঠ উৎপাদন হৈছে ৪৬ মেট্ৰিক টন৷ আমি অহা তিনি বছৰত ইয়াক ১০০ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য গ্ৰহণ কৰিছোঁ৷ এডিপিৰ অধীনত এই বছৰৰ ভিতৰত তিনিটা মৌ প্ৰক্ৰিয়াকৰণ গোট সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব৷ আমি ৩,০০০ পৰিয়ালক মৌপালন কৰাৰ ক্ষেত্ৰত সংযোজিত কৰিম৷ বাক্সাৰ মৌক সম্ভাৱনাপূৰ্ণ ইউৰোপৰ বজাৰলৈ ১৫ানিৰ লক্ষ্য গ্ৰহণ কৰিছোঁ৷”
জিলা কৃষি বিষয়া দুলাল দাসে প্ৰকল্পটোৰ সফলতাৰ দিশত প্ৰচাৰমূলক কাৰ্যকলাপৰ অৱদানৰ বিষয়ে উল্লেখ কৰি কয়, “যোৱা দুবছৰত মৌ পালন আৰু মৌ প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত গুণগত আৰু পৰিমাণগত উন্নয়ন পৰিলক্ষিত হৈছে৷ মৌপালনৰ জৰিয়তে গাঁৱৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত আমি যথেষ্ট সফল হৈছোঁ৷”
ধমধমা চক্ৰৰ কৃষি উন্নয়ন বিষয়া ধৃতি ৰঞ্জন ৰয়ে কয় যে কৃষক বৰ্ধন প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহে যথেষ্ট সফলতা লাভ কৰিছে৷
মৌপালনৰ সফলতাৰ আন এক কাহিনীৰ উল্লেখ কৰি সোৱণখাটা চক্ৰৰ কৃষি উন্নয়ন বিষয়া দীপশিখা গোস্বামীয়ে কয় যে ভাৰত-ভূটান পাদদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ মহামায়া গ্ৰাম্য সংস্থাৰ মহিলা সদস্যসকলে উন্নত যোগাযোগ আৰু বজাৰৰ দৰে সুবিধাৰ সংস্পৰ্শলৈ নহাকৈয়ে কৃষক বৰ্ধন প্ৰকল্পৰ অধীনত ২০২১ চনৰপৰা প্ৰতি বছৰে ৫০০ কিল’গ্ৰামলৈকে মৌৰ উৎপাদন কৰি আহিছে৷
মুছলপুৰৰ পৰা প্ৰায় আঠ কিল’মিটাৰ পূবৰ বিষ্ণুপুৰ খামৰীগাঁৱত শেহতীয়াকৈ মৌপালনৰ কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে৷ ইয়াৰ পৰাই বাক্সা এগ্ৰ’ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া খনিন মদাহিৰ প্ৰচেষ্টাত উৎপাদন হৈছে ‘খামৰী হানি’৷
বিএপিচি-ৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উল্লেখ কৰে যে তেওঁলোকে প্ৰতিটো পৰিয়ালক মৌপালনৰ জৰিয়তে জীৱিকা সৃষ্টিৰ বাট দেখুৱাই গাঁওখনক মৌ উৎপাদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বিচাৰে৷