অসমৰ আইন-শৃংখলা ব্যৱস্থাক এক নতুন গতি দিয়াৰ বাবে ১৫ মাৰ্চ ২০২৫ত কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্ৰী অমিত শ্বাহে দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীৰ শুভ উদ্বোধন কৰে। এই প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ ব্যয় হৈছে ১৬৭ কোটি টকা। এই উদ্বোধনী কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৪২৫ কোটি টকা ব্যয় সাপেক্ষে লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰো (দ্বিতীয় পৰ্যায়) আধাৰশিলা স্থাপন কৰা হয়। তদুপৰি অমিত শ্বাহে পুলিচ একাডেমীৰ ল’গ’ও উক্ত দিনাই মুকলি কৰে।
এই অনুষ্ঠানত অংশ ল’বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ১৪ মাৰ্চত সন্ধিয়াৰ সময়ত অসমত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনাই আৰক্ষী একাডেমী আৰু ইয়াৰ সুবিধাসমূহ তথা কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়।
১৫ মাৰ্চৰ মূল কাৰ্যসূচীত অমিত শ্বাহ উপস্থিত হোৱাৰ সময়ত তেখেতক গামোচা, হেংদাং আৰু মহান আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতিচ্ছবিৰে আদৰণি জনোৱা হয়। এই সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকল উপস্থিত থাকে।
অমিত শ্বাহে তেখেতৰ ভাষণৰ আৰম্ভণিতে মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি সেৱা জনোৱাৰ কথা উল্লেখ কৰে। মহান অসমীয়া লাচিত বৰফুকনৰ নামেৰে পুলিচ একাডেমীখনৰ নামকৰণ কৰাৰ বাবে অমিত শ্বাহে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জনায় আৰু এক্স’ত অসমীয়া ভাষাত প্ৰকাশ কৰে, “অসম আৰক্ষীয়ে সদায় ৰাষ্ট্ৰীয় সুৰক্ষাৰ এক অজেয় ঢালৰ দৰে কাম কৰি আহিছে৷ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম আৰক্ষীৰ আধুনিকীকৰণৰ দৃষ্টিভংগীক সাৰোগত কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন আৰক্ষী একাডেমী স্থাপনৰ পদক্ষেপটিয়ে লাচিত বৰফুকনৰ অদম্য সাহস আৰু আদৰ্শৰে বাহিনীটোক গঢ়ি তুলিব৷ লগতে জনসাধাৰণৰ অধিকাৰ আৰু মৰ্যাদাৰ আটাইতকৈ বিশ্বাসী ৰক্ষক হিচাপেও নিজক গঢ়ি তুলিব।”

অমিত শ্বাহে ভাষণত কয়, “মই ৭ বছৰ বয়সতেই লাচিত বৰফুকনৰ ব্যক্তিত্বৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। কিন্তু স্নাতক পাঠ্যক্ৰম কৰালৈকে চৰকাৰী এখনো কিতাপত তেখেতৰ বিষয়ে উল্লেখ থকা দেখা নাছিলোঁ। লাচিত বৰফুকনক অসমৰ ভিতৰতেই সীমাবদ্ধ কৰি ৰখা হৈছিল। কিন্তু এতিয়া লাচিত বৰফুকনৰ জীৱনী ২৩টা ভাষাত অনুবাদ কৰি ভাৰতবৰ্ষৰ বিভিন্ন পুথিভঁৰালত শিশুৰ বাবে উপলভ্য কৰোৱা হৈছে আৰু ইয়াৰ দ্বাৰা শিশুসকলক প্ৰেৰণা যোগোৱা হৈছে। কেৱল ইমানেই নহয়, দেশৰ আঠখন ৰাজ্যৰ বুৰঞ্জীৰ কিতাপত লাচিত বৰফুকনৰ এটা অধ্যায় অন্তৰ্ভুক্ত কৰাৰ কামো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসত অব্যাহত আছে। অসমৰ এইগৰাকী বীৰপুত্ৰক সমগ্ৰ দেশৰ জনতাই জানক আৰু প্ৰেৰণা লাভ কৰক, তাৰবাবেই এই কামসমূহ কৰা হৈছে।”
প্ৰায় ১,০৫০ কোটি টকা ব্যয় সাপেক্ষে একাডেমীখনৰ তৃতীয় পৰ্যায় সমাপ্ত হোৱাৰ লগে লগে ই ভাৰতৰ সৰ্বশ্ৰেষ্ঠ পুলিচ একাডেমী হিচাপে পৰিগণিত হ’ব বুলি তেখেত বিশ্বাসী বুলি উল্লেখ কৰে। “বহু অত্যাধুনিক সা-সুবিধা এই একাডেমীত সংযোজন কৰা হৈছে। মই ছাত্ৰ অৱস্থাৰ পৰাই অসমলৈ আহিছোঁ। অসমে এক দীঘলীয়া আন্দোলনৰ সন্মুখীন হৈছে। অসমৰ আৰক্ষীয়ে পূৰ্বে অন্য ৰাজ্যলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল, কিন্তু আজি আঠ বছৰৰ ভিতৰত এনেকুৱা পৰিৱৰ্তন আহিছে যে এই লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰু মণিপুৰৰ ২,০০০গৰাকী আৰক্ষী জোৱানে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰ বাবে মই অসম চৰকাৰক অভিনন্দন জনাইছোঁ।”
অসমে বিকাশ আৰু প্ৰগতিৰ নতুন দিশলৈ গতি কৰিছে বুলি অমিত শ্বাহে উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দহ বছৰত স্বাক্ষৰিত হোৱা শান্তি চুক্তিসমূহৰ কথা ব্যক্ত কৰে। ১০,০০০ৰো অধিক যুৱক-যুৱতীয়ে অস্ত্ৰ পৰিহাৰ কৰি মূলসুঁতিলৈ উভতি আহিছে বুলি তেখেতে কয়। “যিখন অসমত এসময়ত আন্দোলন, গুলীবৰ্ষণ, উগ্ৰপন্থীৰ চৰ্চা চলিছিল; সেইখন অসমতেই এতিয়া ছেমিকণ্ডাক্টৰৰ দৰে আধুনিক উদ্যোগৰ কাম চলি আছে। ২৭ হাজাৰ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণৰত ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমৰ ভৱিষ্যৎ সলনি কৰিব,” অমিত শ্বাহে উৎসাহেৰে কয়।
তেখেতে এডভাণ্টেজ আছাম ২.০ সন্মিলনৰ সফলতাৰ কথা উল্লেখ কৰি ৫.১৮ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ কথাও সদৰী কৰে। “মোদী চৰকাৰে অসমৰ বিকাশৰ বাবে আৰু ৩ লাখ কোটি টকাৰ আন্তঃগাথঁনিমূলক প্ৰকল্প লৈ আহি আছে। এই প্ৰকল্পসমূহে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব,” কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়।
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে আন্তঃগাঁথনিমূলক কাম অব্যাহত আছে আৰু বিভিন্ন উদ্যােগ স্থাপন হৈছে বুলিও অমিত শ্বাহে কয়। তেখেতে আন্তঃগাঁথনিৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্য খণ্ডৰ উত্তৰণৰ বাবে মোদী চৰকাৰে কৰা প্ৰকল্পসমূহৰ বৰ্ণনা দিয়ে।
“পূৰ্বে আৰক্ষী বাহিনীক কেৱল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈহে প্ৰয়োগ কৰা হৈছিল, কিন্তু তাৰ বিপৰীতে এতিয়া নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰক্ষী সষ্টম হৈ থাকে,” এই কথা সদৰী কৰি তেখেতে অসমৰ ৰাইজক ধন্যবাদ জনায়।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণত কয় যে বিগত কেইবাটাও বছৰত অসমে আইন-শৃংখলাৰ দিশত এটা নতুন দিনলৈ গতি কৰিছে। বৰ্তমান এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসমবাসীয়ে নতুন সপোন দেখিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
“দেৰগাঁৱৰ পুলিচ একাডেমীক আমি লাচিত বৰফুকনৰ নামত সমৰ্পণ কৰি আজি ১৬৭ কোটি টকা ব্যয়েৰে এই একাডেমীৰ ভৱন, পুলিচ মিউজিয়াম আমি নিৰ্মাণ কৰি উলিয়াইছোঁ৷ পৰৱৰ্তী পৰ্যায়ত এই চৌহদতে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ দৰে এক বৃহৎ ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ আমি সংকল্প লৈছোঁ,” মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি কয়, “প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসম আজি দেশৰ আগশাৰীৰ ৰাজ্য হোৱাৰ দিশত ধাৱমান হৈছে৷”
২০২০ বৰ্ষত অসমত প্ৰায় ১,২১,৬০৯টা অপৰাধজনিত গোচৰ ৰুজু কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে আৰু ২০২৪ত এই সংখ্যা ৫০,২১৫টালৈ হ্ৰাস পাইছে বুলি কয়। তদুপৰি তেখেতে আইন-শৃংখলাৰ সৈতে জড়িত আন কেইবাটাও তথ্যৰ পূৰ্বৰ বছৰসমূহৰ লগত তুলনা কৰি কেনেদৰে ৰাজ্যখনত শান্তিৰ বাতাবৰণ ঘূৰি আহিছে, সেই কথাও সদৰী কৰে।
কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুলিচ একাডেমীখনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাই অমিত শ্বাহৰ গৌৰৱময় উপস্থিতিৰ বাবে তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰে।
সৰ্বানন্দ সোণোৱালে ভাষণত কয়, “আজিৰ এই প্ৰতিযোগিতাৰ পৃথিৱীখনত বিজ্ঞান-প্ৰযুক্তিৰ জৰিয়তে আমাৰ শক্তি বৃদ্ধি কৰিব লাগিব। আধুনিক আন্তঃগাঁথনিৰে সুসজ্জিত কৰা লাচিত বৰফুকন পুলিচ একাডেমীয়ে স্মাৰ্ট আৰক্ষীৰ সপোনক বাস্তৱায়িত কৰিব। এই একাডেমীয়ে সমগ্ৰ দেশৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব।”
লাচিত বৰফুকনৰ কথা স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক দিনত অসমবাসীয়ে এই অনুষ্ঠানৰ জৰিয়তে নিজৰ স্বাভিমান প্ৰকাশ কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বিকাশ আৰু প্ৰগতিৰ বাবে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনায় আৰু আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কামৰ শলাগ লয়,“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত আজিৰ অসমে উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাবলৈ সক্ষম হৈছে। নতুন সিদ্ধান্ত-পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰি উঠি অহা যুৱক-যুৱতীসকলক উৎসাহিত কৰিছে আৰু অসমৰ সকলো শ্ৰেণীৰ লোকক সামাজিক ন্যায় প্ৰদান তথা অৰ্থনৈতিক উন্নয়নৰ বাবে বলিষ্ঠ সিদ্ধান্তৰ জৰিয়তে প্ৰতিগৰাকী মানুহৰ মনত শক্তিশালী আত্মবিশ্বাস জগাই তুলিছে।”
তেখেতৰ মুখ্যমন্ত্ৰিত্বৰ কালত গ্ৰহণ কৰা পুলিচ একাডেমীখনৰ নিৰ্মাণকাৰ্যৰ পৰিকল্পনাৰ কথা ভাষণত উল্লেখ কৰে আৰু এই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জনায়।
*গুৱাহাটীত এখন পৰ্যালোচনা বৈঠকত অমিত শ্বাহৰ অধ্যক্ষতা*
দেশৰ ন্যায় ব্যৱস্থাটোক শক্তিশালী কৰাৰ অংশ হিচাপে অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত ১৬ মাৰ্চত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। তিনিখন নতুন ফৌজদাৰী আইন ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত তেখেতে এই পৰ্যালোচনা বৈঠকত অংশ লৈ চি আই ডি, অসমে প্ৰস্তুত কৰা ‘New Criminal Laws: Standard Operating Procedures and Rules’ শীৰ্ষক গ্ৰন্থখনো উন্মোচন কৰে।
মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনা বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত ফে’চবুকত প্ৰকাশ কৰে, “ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম হৈছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এক অনন্য সংস্কাৰ। আজিৰ আলোচনাই অসমক এই আইনসমূহ আখৰে আখৰে ৰূপায়ণ কৰাত সহায় কৰিবলৈ এক সুূদূৰ প্ৰসাৰী বাটৰ সূচনা কৰিব। আমি সদায় নিৰপেক্ষ, দক্ষতাসম্পন্ন আৰু কাৰ্যকাৰীকৰণ আধাৰিত এক ফৌজদাৰী ন্যায় প্ৰদান প্ৰণালী নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
অমিত শ্বাহে নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ দিশত মনোনিৱেশ কৰি আৰক্ষী বাহিনীক সংশ্লিষ্ট আইনসমূহৰ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত নিৰীক্ষণৰ দ্বাৰা মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে নতুন ফৌজদাৰী আইনকেইখন ৰূপায়ণ কৰাৰ অতিকৈ প্ৰয়োজন বুলি উল্লেখ কৰে।











