আদানি গোটৰ সঞ্চালক জীত আদানিয়ে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যত প্ৰস্তাৱিত ৫০,০০০ কোটি টকাৰ বিনিয়োগ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে।
মুখ্যমন্ত্ৰীয়ে কয়, “আদানি গোটে বিভিন্ন খণ্ডত যিবোৰ বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়াইছিল, সেয়া শীঘ্ৰেই বাস্তৱ ৰূপ ল’ব বুলি ৰাজ্য চৰকাৰে আশা ৰাখিছে।” তেখেতে এক্স’-ত উল্লেখ কৰে, “এডভাণ্টেজ আছাম ২.০ত আদানি গোটে ৫০,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল। আজি আদানি গোটৰ সঞ্চালক জীত আদানি আৰু তেখেতৰ দলৰ সৈতে মোৰ আৰু উচ্চপদস্থ বিষয়াসকলৰ এক বিস্তৃত বৈঠক অনুষ্ঠিত হয় যাতে আমি এই বিনিয়োগ প্ৰচেষ্টাসমূহক কাৰ্য্যকৰী ৰূপ দিব পাৰোঁ।”
তেখেতে লগতে উল্লেখ কৰে যে বিমান নগৰ, হোটেল, ছিমেণ্ট উদ্যোগ আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্ত:গাঁথনি প্রকল্পৰ বিকাশৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিসমূহ শীঘ্ৰে কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে।
আদানি গোটৰ অধ্যক্ষ গৌতম আদানিয়ে আগতে ঘোষণা কৰিছিল যে তেওঁলোকে অসমত বিভিন্ন খণ্ডত ৫০,০০০ কোটি টকাৰ বিনিয়োগ কৰিব। এই বৃহৎ বিনিয়োগে ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নক ত্বৰান্বিত কৰাৰ লগতে ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু অসমৰ অৰ্থনৈতিক মানচিত্ৰত এক শক্তিশালী ভেটি স্থাপন কৰিব বুলি ধাৰণা কৰা হৈছে।









