মীন খণ্ডৰ উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সোণাপুৰত ভাৰতৰ প্ৰথমখন একুৱা-টেক পাৰ্কৰ উদ্বোধন কৰে। অত্যাধুনিক সুবিধাসম্পন্ন এই পাৰ্কখন নাবাৰ্ড, আই চি এ আই চি আই এফ, চেল’ ফাউণ্ডেশ্যন আৰু জি আই জেদৰ সহযোগত গঢ়ি তোলা হৈছে।
একুৱা-টেক পাৰ্কখন আধুনিক প্ৰযুক্তিৰ এক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। ইয়াত একুৱাপনিক্স, বায়’ফ্লক পদ্ধতি, আধুনিকভাৱে মাছৰ খাদ্য উৎপাদন, আলংকাৰিক মাছ প্ৰজনন আদি নতুন প্ৰযুক্তিসমূহ প্ৰদৰ্শন কৰা হ’ব।
উদ্বোধনৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “ভাৰতৰ প্ৰথম একুৱা-টেক পাৰ্ক সোণাপুৰ, অসমত উদ্বোধন কৰা হ’ল। অসমৰ যুৱক-যুৱতীৰ বাবে এই পদক্ষেপে উপাৰ্জনৰ সুযোগ আৰু মৎস্য উৎপাদনত ব্যাপক সমৃদ্ধি আনিব। এই পাৰ্কখন মীনপালনৰ ক্ষেত্ৰত হৈ ৰ’ব এক আদৰ্শস্বৰূপ।”
উদ্বোধনৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা আৰু ছুইফটৰ দৰে চৰকাৰী আঁচনিসমূহ অসমত মীন খণ্ড পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলিও তেখেতে উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমি মীন খণ্ডক পুনৰুজ্জীৱিত কৰাৰ সমান্তৰালকৈ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতা কৰাৰ বাবে সক্ষম কৰি তুলিছোঁ। অসমৰ মীন পালন খণ্ডৰ উত্তৰণক অগ্ৰাধিকাৰৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে আৰু একুৱা-টেক পাৰ্কৰ উদ্বোধনে অসমক মৎস্য উৎপাদনৰ ক্ষেত্ৰত অধিক আত্মনিৰ্ভৰশীল কৰি তুলিব বুলি সদৰী কৰে।










