মাতৃভাষা সুৰক্ষা আৰু সংৰক্ষণৰ উদ্দেশ্যে ৰাজ্যৰ চৰকাৰী কাম-কাজত অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে। এই ব্যৱস্থা বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগতে বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজিয়নৰ পাঁচখন জিলাত প্ৰযোজ্য নহ’ব।
এক চৰকাৰী বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে— “যিকোনো চৰকাৰী জাননী, কাৰ্যালয় স্মৃতিপত্ৰ, আইন, নিয়ম, বিধি, আঁচনিৰ দিশ-নিৰ্দেশনা, স্থানান্তৰ আৰু নিযুক্তি নিৰ্দেশনা আদি ইংৰাজী আৰু অসমীয়া ভাষাত প্ৰকাশ পাব।”
বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ইংৰাজীৰ লগতে বাংলা ভাষাও চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰা হ’ব।
একেদৰে, বড়োলেণ্ডৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত ইংৰাজীৰ লগতে বড়ো ভাষা চৰকাৰী কাম-কাজত ব্যৱহাৰ হ’ব।









