চৰকাৰী বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ এক পৰিৱৰ্তন অনাৰ পদক্ষেপ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা তথা ভূমি পূজন কাৰ্যসূচীত অংশ লয়।
এই পদক্ষেপৰ লক্ষ্য হৈছে বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্যকৰ আৰু পুষ্টিকৰ আহাৰ যোগান ধৰাটো নিশ্চিত কৰা। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ জৰিয়তে প্ৰতিদিনে ১ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক আহাৰ যোগান ধৰা হ’ব। উক্ত পদক্ষেপে শিক্ষাৰ্থীসকলৰ পুষ্টিজনিত দিশটো শক্তিশালী কৰিব। এই প্ৰকল্পৰ বাবে ২৫ কোটি টকা ব্যয় কৰা হ’ব।
তদুপৰি নিয়োগৰ সুযোগ সৃষ্টি, ৰন্ধন আৰু খাদ্য পৰিকল্পনাৰ দক্ষতা বৃদ্ধিকো প্ৰকল্পৰ উদ্দেশ্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সামাজিক মাধ্যমত প্ৰকাশ কৰে, “প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত ডিব্ৰুগড়ত মধ্যাহ্ন ভোজনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগদান কৰি সুখী অনুভৱ কৰিলোঁ। এই প্ৰকল্পটো অক্ষয়পাত্ৰ ফাউণ্ডেশ্যনে পৰিচালনা কৰিব আৰু অঞ্চলটোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক পুষ্টিকৰ আৰু পৰিষ্কাৰ আহাৰ যোগান ধৰাটো নিশ্চিত কৰিব।”
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লখিমপুৰতো কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কৰে। তেখেতে আশ্বাস দিয়ে যে নতুন কেন্দ্ৰীয় ৰান্ধনিঘৰ আৰম্ভ হোৱাৰ ফলত কোনো ৰান্ধনি তথা সহায়কসকলে নিজৰ চাকৰি হেৰুৱাব নালাগে।
তেখেতে লগতে কয়, “বৰষুণৰ সময়ত বানৰ কবলত পৰি আৰ্তজনে যেতিয়া কোনো শিবিৰত আশ্ৰয় লয়, সেইসময়ত জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে খাদ্যৰ যোগান ধৰিব নোৱাৰিবও পাৰে। এনে সময়ত এই ৰান্ধনিঘৰৰ সৈতে যোগাযোগ কৰিলে জৰুৰীকালীন সময়তো তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰিব।”
মাননীয় মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক পুষ্টিকৰ আহাৰ যোগান ধৰাৰ লগতে শিক্ষকসকলক অধিক মনোযোগৰ সৈতে পাঠদান কৰাৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে শৈক্ষিক পৰিৱেশ উন্নীত হ’ব বুলি তেখেতে উল্লেখ কৰে।









