সিদিনা আছিল ২ জানুৱাৰী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া প্ৰায় ৭:৫৫ বজাত তেওঁৰ টুইটাৰ হেণ্ডেলত দীৰ্ঘদিন ধৰি তেওঁৰ মনত উকমূকাই থকা কথা এষাৰ লিখিবলৈ ধৰিলে। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে বিধায়ক আৰু তেওঁৰ কেবিনেটৰ মন্ত্ৰীসকলক নিজৰ পিতৃ-মাতৃ বা শহুৰ-শাহুৰ সৈতে এটা নিৰ্দিষ্ট দিনত কিছু সময় অতিবাহিত কৰিবলৈ তেওঁ আহ্বান জনায় আৰু তাৰ বাবে তেওঁলোকলৈ দুদিনৰ বিশেষ ছুটী প্ৰদান কৰে। কোনো এখন ৰাজ্যৰ ইতিহাসত এয়া এক অভূতপূৰ্ব সিদ্ধান্ত আছিল।
মুখ্যমন্ত্ৰীয়ে বিচাৰিছিল যে ভাৰতৰ প্ৰাচীন প্ৰমূল্যবোধক অটুট ৰাখি এই কৰ্মচাৰীসকলে এখন নতুন অসম আৰু এখন নতুন ভাৰত গঢ়ি তোলাত নিজকে সমৰ্পিত কৰাৰ সময়ত পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লওক।
এই ঘোষণাই তৎক্ষণাৎ মুখ্যমন্ত্ৰীগৰাকীৰ আৱেগিক মনৰ পৰিচয় সকলোৰে সন্মুখত দাঙি ধৰিলে, যাক সাধাৰণতে কামৰ ক্ষেত্ৰত এজন অত্যন্ত কঢ়া আৰু কঠোৰ ব্যক্তি হিচাপে গণ্য কৰা হয়। সহস্ৰাধিক কৰ্মচাৰীয়ে সহৃদয়তাৰে এই সিদ্ধান্তক আদৰণি জনালে।
ঘোষণাটোৰ পাছত কোনো এটা বিশেষ দিনত যেতিয়া কৰ্মচাৰীসকলে এই ছুটীৰ সুবিধা লৈছিল সেই দিনবোৰত সংবাদ মাধ্যমৰ প্ৰতিবেদন পঢ়ি বহুজনৰে চকু সেমেকি উঠিছিল আৰু আন বহুজনে কৃতজ্ঞ অনুভৱ কৰিছিল।
কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও তেওঁ এককভাৱে প্ৰণাম আইনৰ ধাৰণাটো উত্থাপন কৰিছিল আৰু ইয়াক কাৰ্যকৰীও কৰিছিল, যাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃ বা দিব্যাংগ সহোদৰৰ প্ৰতি দায়বদ্ধ কৰি তুলিছিল। যদি কৰ্মচাৰীসকলে তেনে নকৰে, তেওঁলোকৰ দৰমহাৰ এটা অংশ কৰ্তন কৰি তেওঁলোকৰ অসহায় পিতৃ-মাতৃ আৰু দিব্যাংগ সহোদৰক ৰক্ষণাবেক্ষণ দিয়াটো আইনখনে সুনিশ্চিত কৰিছিল।
মাতৃ-পিতৃ বন্দনা কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বৰ্তমান প্ৰজন্মৰ বিষয়া, বিধায়ক আৰু মন্ত্ৰীসকলক তেওঁলোকৰ বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি দায়বদ্ধ কৰি তোলা।
এই আইনৰ সহায়তেই হিৰণ বৰাৰ জীৱন সুস্থিৰ হৈ পৰিল।
২০২০ চনৰ ১৪ নৱেম্বৰৰ দিনটোৱে নগাঁৱৰ নিজ পাঠৰীৰ বাসিন্দা হিৰণ বৰা আৰু তেওঁৰ পৰিয়ালটোৰ জীৱনলৈ এক অপ্ৰত্যাশিত দুখৰ বাতৰি কঢ়িয়াই আনিলে। মাজ পাঠৰী হাইস্কুলত নিম্ন বিভাগীয় সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা তেখেতৰ একমাত্ৰ পুত্ৰ চন্দন বৰাৰ অকাল মৃত্যুৰ লগে লগে পৰিয়ালটোৱে একপ্ৰকাৰে সকলো আশা হেৰুৱাই পেলাইছিল।
পিছে, এয়া পৰিয়ালটোৰ দুখময় যাত্ৰাৰ আৰম্ভণিহে আছিল। পুত্ৰৰ বিয়োগৰ কিছুদিন পাছতে একেখন বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কৰ্মৰত বোৱাৰীয়ে সদ্যপ্ৰয়াত স্বামীৰ অসুস্থ বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ নিজ পিতৃগৃহলৈ গুচি যায়।
হিৰণ বৰাই জানিব পাৰিলে যে বোৱাৰীয়েকে ইতিমধ্যে তেওঁৰ পুত্ৰৰ পাৰিবাৰিক পেঞ্চনৰ লগতে সেৱা সম্পৰ্কীয় লাভালাভ প্ৰাপ্তিৰ বাবে আন সকলো আনুষ্ঠানিকতাও সম্পূৰ্ণ কৰিলে। ফলত, বৃদ্ধ দম্পতীটো বৰ অসহায় হৈ পৰে। তেতিয়াই বিদ্যালয়ৰ এগৰাকী ব্যক্তিয়ে তেওঁলোকক প্ৰণাম আইন, ২০১৯ৰ বিষয়ে অৱগত কৰিলে। পলম নকৰাকৈ ন্যায় বিচাৰি দুয়োগৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষানুষ্ঠানটোৰ ডিডিঅ’ৰ কাষ চাপিলে।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চিন্তাৰ ফচল “অসম কৰ্মচাৰী প্ৰণাম আইন, ২০১৯” হৈছে প্ৰয়োজনৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বৰ্ষীয়ান অৱহেলিত পিতৃ-মাতৃ আৰু দিব্যাংগ ভাতৃ-ভগ্নীসকলক আৰ্থিক সুৰক্ষা দিয়া এখন গুৰুত্ৱপূৰ্ণ আইন। কৰ্মচাৰীসকলৰ পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ৱ আৰু দায়বদ্ধতাৰ নিৰ্দেশনা তথা নিৰীক্ষণৰ বাবে আইনখন প্ৰণয়ন কৰা হৈছে (PRANAM – Parents Responsibility and Norms for Accountability and Monitoring)।
ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰণাম আইনে অনুমোদন পোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত কৈছিল “আমি অত্যন্ত গৌৰৱান্বিত যে প্ৰণাম আইন কাৰ্যকৰী কৰা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হৈছে অসম। প্ৰয়োজনৰ সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বৃদ্ধ পিতৃ-মাতৃ আৰু দিব্যাংগ ভাতৃ-ভগ্নীসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ বাবে ই আমাৰ এক আন্তৰিক প্ৰয়াস”।
প্ৰণাম আইন অনুসৰি, যদি ৰাজ্য চৰকাৰৰ কোনো কৰ্মচাৰীয়ে নিজৰ পিতৃ-মাতৃ বা দিব্যাংগ ভাতৃ-ভগ্নীক উপেক্ষা কৰা বুলি প্ৰণাম আয়োগে জানিবলৈ পায়, তেনেহ’লে কৰ্মচাৰীজনৰ দৰমহাৰ ১০% (আৰু ব্যতিক্ৰমী ক্ষেত্ৰত ১৫ %লৈকে) চৰকাৰে কৰ্তন কৰিব আৰু অভিভাৱক বা ভাতৃ-ভগ্নীক পৰিশোধ কৰিব। লগতে, যদি অৱসৰৰ আগতে চৰকাৰী কৰ্মচাৰী এজনৰ মৃত্যু হয়, তেন্তে তেওঁৰ ওপৰত নিৰ্ভৰশীল আৰু আৰ্থিকভাৱে অৱহেলিত পিতৃ-মাতৃ তথা দিব্যাংগ ভাই-ভনীসকলে পত্নী/আইনী উত্তৰাধিকাৰীয়ে লাভ কৰা সহানুভূতিশীল পেঞ্চনৰ পৰা ১০%(আৰু ব্যতিক্ৰমী ক্ষেত্ৰত ১৫%লৈকে) দাবী কৰিব পাৰে। অসম চৰকাৰৰ চাৰি লাখ কৰ্মচাৰীৰ লগতে চৰকাৰী প্ৰতিষ্ঠান, ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ পিতৃ-মাতৃ আৰু দিব্যাংগ ভাতৃ-ভগ্নীসকলক লাভান্বিত কৰাৰ উদ্দেশ্যে এই আইনখন প্ৰণয়ন কৰা হৈছে।
হিৰণ বৰাই তেওঁৰ গোচৰটো নগাঁৱৰ মাজ পাঠৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ জৰিয়তে প্ৰণাম আয়োগলৈ প্ৰেৰণ কৰে আৰু আয়োগে নগাঁও জিলা চক্ৰৰ বিদ্যালয় পৰিদৰ্শকক ৩ ফেব্ৰুৱাৰী, ২০২২ত শুনানি আহ্বান কৰিবলৈ নিৰ্দেশ দিয়ে। আইনখনৰ অধীনস্থ বিষয়া হিচাপে জিলা উন্নয়ন বিষয়াই ৰায় দিয়ে যে- ১৫ নৱেম্বৰ, ২০২০ৰপৰা মৃত কৰ্মচাৰীগৰাকীৰ পত্নীয়ে লাভ কৰা মুঠ মাহিলি পাৰিবাৰিক পেঞ্চনৰ ১৫%তেওঁৰ প্ৰয়াত স্ৱামীৰ পিতৃ-মাতৃক তেওঁলোকৰ জীৱিকা আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰদান কৰা হ’ব।
প্ৰণাম আয়োগে সহায়ৰ হাত আগবঢ়োৱা সমগ্ৰ অসমৰ বহুতো বঞ্চিত পিতৃ-মাতৃৰ মাজত এগৰাকী হৈছে হিৰণ বৰা। তেনে আন এটা উদাহৰণ হৈছে গুৱাহাটীৰ পাণ্ডু নিবাসী নিৰদা দাস। নগাঁৱৰ দলংঘাট উন্নয়ন খণ্ডত জ্যেষ্ঠ সহায়ক (একাউণ্ট) হিচাপে কৰ্মৰত পুত্ৰ বিষ্ণু দাসে তেখেতক দীৰ্ঘদিন ধৰি উপেক্ষা কৰি আহিছিল। প্ৰণাম আয়োগে সময়মতে হস্তক্ষেপ কৰাৰ বাবেই নিৰদা দাসে এতিয়া তেওঁৰ পুত্ৰৰ মাহিলি দৰমহাৰ ১০% বা ৭,০০০ টকা জীৱন যাপনৰ বাবে লাভ কৰে।
একেদৰে, প্ৰণাম আয়োগে গ্ৰহণ কৰা সক্ৰিয় পদক্ষেপৰ বাবেই ৰঙিয়াৰ পুঠিমাৰীৰ সাগৰিকা ডেকাক মীন বিভাগত কৰ্মৰত তেওঁৰ পুত্ৰ সুৰেশ কমল ডেকাৰ পৰা মাহিলি তত্ত্বাৱধানৰ বাবদ ১০% বা ৩,০০০ টকা প্ৰদান কৰাটো সম্ভৱপৰ হৈছে। উপাৰ্জনৰ কোনো উৎস নথকা এগৰাকী অসহায় মাতৃক বৃদ্ধাৱস্থাত তেওঁৰ পুত্ৰই অৱহেলা কৰাত আয়োগে প্ৰয়োজনীয় হস্তক্ষেপ কৰি মাতৃগৰাকীক ন্যায় দিয়াটো নিসন্দেহে এক প্ৰসংশনীয় পদক্ষেপ।
“প্ৰণাম আয়োগে বিভিন্ন জিলাত এই আইন সন্দৰ্ভত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰি আহিছে। বিশেষকৈ ক’ভিড অতিমাৰীৰ পাছত ইয়াৰ ফলাফলো ইতিমধ্যে দেখা পোৱা গৈছে। আইনখনে আৰ্থিকভাৱে অৱহেলিত বহুতো বৃদ্ধ অভিভাৱকক তেওঁলোকৰ অতি প্ৰয়োজনীয় সময়ত সকাহ প্ৰদান কৰা কথাটোৱে আমাক আনন্দিত কৰি তুলিছে। এতিয়া আমাৰ ওচৰত অভিভাৱকসকলে দাখিল কৰা অভিযোগৰ আৱেদনো ক্ৰমান্বয়ে বৃদ্ধি পাইছে”, মুখ্য আয়ুক্ত ভি বি প্যাৰেলালে অসম বাৰ্তাক এনেদৰে কয়।