থোৰতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যাৱলীৰ চমু আভাস
শক্তি
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ১৯ জুলাই ২০২২ত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ উপস্থিতিত ওদালগুৰি জিলাৰ লালপুলত অসম সৌৰ শক্তি নীতি-২০১৭ অধীনত Build, Own, Operate চমুকৈ Boo আৰ্হিত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমটো সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰে৷
২০ জুলাই ২০২২ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শক্তি মন্ত্ৰীগৰাকীৰ উপস্থিতিত কামৰূপ জিলাৰ বকোৰ ভালুকঘাটাত ২৫ মেগাৱাটৰ এখন সৌৰ উদ্যান উদ্বোধন কৰে৷
হস্ততাঁত আৰু বস্ত্ৰশিল্প
গুৱাহাটীত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘স্ব-নিৰ্ভৰ নাৰী’ আঁচনিৰ উদ্বোধন কৰে৷ এটা অনলাইন প’ৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰে শিপিনীসকলৰ পৰা পোনপটীয়াকৈ হস্ততাঁত সামগ্ৰীসমূহ ক্ৰয় কৰিব৷
বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৭ জুলাইত জনতা ভৱনত এটি গছপুলি ৰোপণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক গছপুলি ৰোপণ প্ৰকল্পৰ (CMIPP) শুভাৰম্ভ কৰে৷ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ ১৫ আগষ্টত অন্ত পৰিব৷ CMIPP-য়ে ৰাজ্য চৰকাৰৰ অধীনৰ ৮০ হাজাৰৰো অধিক প্ৰাতিষ্ঠানিক চৌহদক সামৰি ল’ব৷