অসমৰ আইনগত আৰু সামাজিক সংস্কাৰৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অসম বিধান সভাই শেহতীয়াকৈ অসম বহুবিবাহ নিবাৰণ বিধেয়ক, ২০২৫-ত অনুমোদন জনাইছে। এই বিধেয়কে দ্বিতীয় বিবাহত লিপ্ত হ’লে সৰ্বাধিক ১০ বছৰৰ কাৰাদণ্ডসহ কঠোৰ শাস্তিৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পথ প্ৰশস্ত কৰে।
বিধেয়কখন উত্থাপনৰ পাছত বিধান সভাত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই আইনখনৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰিবলৈ তুৰ্কিৰ উদাহৰণ আগবঢ়ায়। তেখেতে কয়, “এই বিধেয়ক ইছলামৰ বিৰুদ্ধে নহয়” আৰু তেখেতে সকলোকে ইয়াক সমৰ্থন কৰিবলৈ আহ্বান জনায়।
“ইছলামে বহুবিবাহ প্ৰচাৰ কৰিব নোৱাৰে। এই বিধেয়ক গৃহীত হ’লে আপুনি সঁচা অৰ্থত এগৰাকী ভাল মুছলমান হোৱাৰ সুযোগ পাব। এই আইন ইছলামৰ বিৰুদ্ধে নহয়। তুৰ্কিৰ দৰে দেশতো বহুবিবাহ নিষিদ্ধ; পাকিস্তানত আৰ্বিট্ৰেশ্যন কাউন্সিলো আছে,” মুখ্যমন্ত্ৰীয়ে কয়।
বিধানসভাত গৃহীত এই বিধেয়কৰ লক্ষ্য হৈছে ৰাজ্যত বহুবিবাহ আৰু বহুবিবাহমূলক বিবাহ প্ৰথা নিষিদ্ধ আৰু সম্পূৰ্ণৰূপে বিলুপ্ত কৰা, লগতে ইয়াৰ সৈতে সম্পৰ্কিত আৰু আনুষংগিক বিষয়সমূহ নিয়ন্ত্ৰণ কৰা।
খচৰা আইনখন সমগ্ৰ অসমত প্ৰযোজ্য হ’ব, অৱশ্যে ষষ্ঠ অনুসূচীভুক্ত অঞ্চলসমূহ আৰু ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৬৬ৰ ধাৰা (২৫) আৰু অনুচ্ছেদ ৩৪২ অনুসৰি সংজ্ঞায়িত অনুসূচীত জনজাতিৰ সদস্যসকলৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহ’ব।
বিধেয়ক অনুসৰি অবৈধ বহুবিবাহত লিপ্ত ব্যক্তিক সৰ্বাধিক ৭ বছৰৰ কাৰাদণ্ড আৰু পূৰ্বৰ বিবাহ গোপন কৰিলে ১০ বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা থাকিব। ইয়াৰ উপৰি অবৈধ বিবাহত জড়িত নাৰীক ক্ষতিপূৰণ আৰু আইনী সুৰক্ষাৰ অধিকাৰ দিয়া হ’ব। পুনৰাবৃত্ত হিংসাত জড়িত অপৰাধীৰ ক্ষেত্ৰত অধিক কঠোৰ শাস্তিৰ ব্যৱস্থাও প্ৰস্তাৱ কৰা হৈছে।
বিধেয়কত কোৱা হৈছে ~ “বহুবিবাহ সম্পন্ন কৰাৰ সময়ত অসৎ বা প্ৰৱঞ্চনাৰে তথ্য গোপন কৰা বা ইচ্ছাকৃতভাৱে অংশ লোৱা গাঁওবুঢ়া, গাঁওপ্ৰধান, কাজী, অভিভাৱক বা আইনী অভিভাৱকক সৰ্বাধিক ২ বছৰৰ কাৰাদণ্ড আৰু সৰ্বাধিক ১ লাখ টকাৰ জৰিমনাৰ ব্যৱস্থা থাকিব।”
বিধেয়ক গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰি কয় যে এয়া “আমাৰ নাৰী শক্তিৰ বাবে ন্যায়ৰ দিশত এক শক্তিশালী পদক্ষেপ।”
“দৃঢ় সংকল্পেৰে অসম আগবাঢ়িছে। নাৰীৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত কোনোদিনেই আপোচ কৰা নহ’ব। অসম বহুবিবাহ নিবাৰণ বিধেয়ক, ২০২৫ৰ জৰিয়তে আমি আইনী সুৰক্ষা, কঠোৰ শাস্তি আৰু প্ৰকৃত দায়বদ্ধতা নিশ্চিত কৰিলোঁ,” তেখেতে প্ৰকাশ কৰে।
চৰকাৰৰ এই পদক্ষেপক প্ৰশংসা কৰি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড° শ্যামল শইকীয়াই কয়, “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম চৰকাৰে সময়োচিত সিদ্ধান্ত লৈছে। এই বিধেয়কৰ লক্ষ্য হৈছে বহুবিবাহ আৰু বহুবিবাহমূলক বিবাহ প্ৰথা নিষিদ্ধ আৰু বিলুপ্ত কৰা।”
তেখেতে লগতে কয় যে বিধেয়কখন কার্যকৰী হ’বলৈ কেইটিমান মাহ লাগিব পাৰে, কিয়নো ৰাজ্যত বলবৎ কৰিবলৈ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ প্ৰয়োজন।
“এই আইনখন বিশেষকৈ নাৰীৰ বাবে উপকাৰী হ’ব, লগতে জন্মহাৰ নিয়ন্ত্ৰণ আৰু পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰাতো সহায়ক হ’ব,” শইকীয়াই কয়।
ইফালে, বাল ৰক্ষা ভাৰত (ছেভ দ্যা চিলড্ৰেন)ৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মেনেজাৰ কৃতাঞ্জলি কাশ্যপে বিধেয়কখন গৃহীত হোৱাৰ বাবে স্বাগতম জনাই কয় যে ই নাৰী আৰু শিশুসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব।
“বহুবিবাহমূলক পৰিয়ালত ডাঙৰ হোৱা বহু শিশুৱে নিৰাপত্তাহীনতা, অৱহেলা আৰু সম্পদৰ অভাৱৰ সন্মুখীন হয়। আইনী সুৰক্ষা প্ৰৱৰ্তনৰ জৰিয়তে চৰকাৰে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শিশু সুৰক্ষা ব্যৱস্থাকো শক্তিশালী কৰিছে,” তেখেতে কয়।
তেখেতে যোগ কৰে যে এই আইন কার্যকৰী হ’লে দায়বদ্ধতা বৃদ্ধি পাব আৰু শোষণমূলক প্ৰথা হ্ৰাস পাব, লগতে নাৰীক নিৰ্ভয়ে আইনী সহায় ল’বলৈ উৎসাহিত কৰিব।










