ব’হাগ — সেউজ অনুভৱেৰে ভৰা এই বিশেষ শব্দটিৰ সৈতে জড়িত হৈ আছে অসমবাসীৰ আৱেগ। অসমীয়া জনজীৱনত ব’হাগ কেৱল এটি মাহ নহয়, ই হৈছে এক অনুভৱ, এক জীৱনৰ উৎসৱ আৰু এটি পৰম্পৰাৰ নাম। ব’হাগে লৈ আহে নতুন আশা, সপোনৰ বতৰা। ব’হাগে সজীৱ কৰি তোলে আমাৰ জীৱন। অসমীয়া সংস্কৃতি, সমাজ জীৱন আৰু সৃষ্টিৰ সৈতে ব’হাগ ওতপ্ৰোতভাৱে জড়িত।
ব’হাগ মানেই প্ৰকৃতিৰ নতুন সাজ। নতুন সাজ পৰিধান কৰি প্ৰকৃতিয়ে সমাজলৈ আনে নতুন গতি, নতুন চিন্তা। ব’হাগৰ সৈতে অসমীয়া সমাজখনত বহু লোকবিশ্বাস জড়িত হৈ আছে।
প্ৰাকৃতিক পৰিঘটনা হিচাপে ব’হাগত সঘনাই উচ্চাৰিত এটি শব্দ হৈছে ‘বৰদৈচিলা’। বড়ো ভাষাত বাৰ মানে বতাহ, দৈ মানে পানী আৰু চিখলা মানে ছোৱালী বা গাভৰু। কালক্ৰমত বাৰদৈচিখলাই অসমীয়া ভাষাত বৰদৈচিলা হিচাপে জনাজাত হৈ পৰিল। ব’হাগৰ আগজাননী হিচাপে অহা ধুমুহা-বতাহ-বৰষুণে কৃষিভূমি সজীৱ কৰি তুলি অসমৰ জনসাধাৰণৰ জীৱন প্ৰাণৱন্ত কৰি তোলে। বৰদৈচিলাই লৈ আহে বিহুৰ বতৰা।
চ’ত-ব’হাগৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাৰ পৰাই সাতদিনীয়া ব’হাগ বিহু আৰম্ভ হয়। গৰু বিহুৰ দিনা পুৱাই গৰুক মাহ-হালধি, তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দিয়া হয়। গৰুৰ গালৈ লাউ-বেঙেনা দলিয়াই কোৱা হয়, “লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…” গৰুৰ গাত দীঘলতি-মাখিয়তি পাতেৰে কোবোৱাৰ আঁৰতো বহু বিশ্বাস জড়িত হৈ আছে। তদুপৰি সন্ধিয়াৰ সময়ত গৰুক জাগ দিয়াৰ সৈতেও জড়িত হৈ আছে বহু নিয়ম। শুকান ধান, খেৰ, তুঁহ, দীঘলতি, মাখিয়তি আদিৰ পাত জ্বলাই ধোঁৱাময় কৰি তোলা হয়। এনে কৰিলে বহু বেমাৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি বুলি জনবিশ্বাসত সমাদৃত।
ঠাই অনুযায়ী গৰু বিহু বা মানুহ বিহুৰ দিনা নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ দুৱাৰমুখত তথা ঘৰৰ চালিত আঁৰি ৰখা হয় – “দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে”। ইয়াৰ দ্বাৰা শিৱক সন্তুষ্টিৰে ঘৰৰ অপায়-অমংল দূৰ হয় বুলি বিশ্বাস কৰা হয়।

পহিলা ব’হাগৰ দিনা গোসাঁইক সেৱা কৰি বিহুৱান লোৱাৰ নিয়ম আছে। সৰুৱে জ্যেষ্ঠজনৰ পৰা আশিস লৈ আগন্তুক বছৰটো কুশলে যোৱাৰ প্ৰাৰ্থনা কৰে। চলিত বৰ্ষত অসম চৰকাৰে অসম তথা ৰাজ্যৰ বাহিৰৰ লোক সামৰি প্ৰায় ১০ লাখলৈ ব’হাগ বিহুৰ উপহাৰ হিচাপে বিহুৱান আগবঢ়ায়। এই প্ৰচেষ্টাত স্বনিৰ্ভৰ নাৰী আঁচনিৰ জৰিয়তে ৫.৬৪ লাখ শিপিনীয়ে জড়িত হোৱাৰ সুযোগ পায়।
ব’হাগ বিহুৰ সৈতে জড়িত আন এবিধ সামগ্ৰী হ’ল – বৰ্হমথুৰি। নাচনীসকলে বিহুৰ সময়ত ওঁঠত বৰ্হমথুৰিৰ বোল সানিছিল। এই সন্দৰ্ভত হেমকোষত ‘এবিধ গছৰ থুৰি পাত বা চুপহি, তাক তামোলৰ লগত বা শুদাই চোবালে ওঁঠ আৰু জিভা ক’লা পৰে’ বুলি উল্লেখ আছে।
জেতুকা, কপৌ ফুল অবিহনে ব’হাগ বিহু আধৰুৱা। গৰু বিহুৰ দিনা জেতুকা হাত-ভৰিত লগালে বছৰেকলৈ আই নোলায় আৰু ই বিভিন্ন ঔষধি গুণৰো কাম কৰে বুলি কোৱা হয়।
বিহুৰ সময়ত সাতশাকী খোৱা প্ৰথা অসমৰ ভিন্ন ঠাইত বিৰাজমান তথা পৰম্পৰাৰ অন্তৰ্গত। ঠাই বিশেষ অনুযায়ী এশ এবিধ শাক খোৱাৰ পৰম্পৰাই দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে বুলি জনবিশ্বাস জড়িত। অসমৰ বিভিন্ন জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা কেইবিধমান শাক হ’ল – ঢেঁকীয়া, টিকনি বৰুৱা, নেফাফু, বনজালুক, কচু, ভেদাইলতা, লৰ বৰুৱা, খুতৰা, কলমৌ, মাটি কাদুৰি, মানিমুনি, মহানিম, নৰসিংহ, ভাং, বেঁতগাজ, কেৰেলা, বেঙেনা, বৰথেকেৰা, বিহলঙনী, মছন্দৰী, জিলমিল, মানধনিয়া, জেতুলী পকা, শুকলতি, দোৰোণ, কল পচলা, পিৰালি পালেং, ব্রাহ্মী, পিৰালি কুঁৱৰী, পিপলী আদি।
এনেধৰণৰ ভিন্ন পৰম্পৰা, লোকবিশ্বাসত ব’হাগ জী উঠে। কুলি-কেতেকী, ঢোল-পেঁপা-গগনাৰ শব্দত ৰজনজনাই উঠে চৌদিশ। ব’হাগে আনি দিয়ে সৃষ্টিৰ নতুন জোৱাৰ। সেয়েহে ড° ভূপেন হাজৰিকাই কৈছিল :- ব’হাগ এটি মাথোঁ মাকো নহয়
নহয় ই কুলিৰে মাত
ব’হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত
ই উজলায় জীৱন আকাশ !










