ৰাজধানী চহৰখনৰপৰা প্ৰায় ৬৩ কিল’মিটাৰ নিলগৰ মায়ং উন্নয়ন খণ্ডৰ এখন গাঁও দঙ্গাবৰিৰ নিবাসী মাইনা দে(৪৮)ৰ দুগৰাকী কন্যা সন্তানৰ এগৰাকী (২৩) হৈছে দিব্যাংগ৷ মাইনাৰ উৎসাহৰ আজি সীমা নাই৷ আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত নিৰ্মিত পকী ঘৰটিত তেওঁলোকৰ পৰিয়ালটোৱে গৃহপ্ৰৱেশ কৰিছে৷
আগৰ কেঁচাঘৰটোত মুখামুখি হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি মাইনা দেই অসম বাৰ্তাৰ এই প্ৰতিৱেদকক কয়, “আগৰ ঘৰটোত এই দিব্যাংগ ছোৱালীজনীক লৈ থকাটো বিৰাট সমস্যা আছিল৷ বৰষুণ, ধুমুহাৰ সময়ত বৰ বিপদত পৰিছিলোঁ৷”
মায়ং উন্নয়ন খণ্ডৰ সেউজ সুন্দৰ পৰিৱেশেৰে পূৰ্ণ বাঘজাপ গাঁও পঞ্চায়তৰ দয়াং বেলগুৰিৰ ননীপ্ৰভা শইকীয়া আৰু নিবেদিতা শইকীয়াৰ ঘৰতো আজি গৃহপ্ৰৱেশৰ আয়োজন৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ ঘৰ লাভ কৰি দুয়ো সুখী৷
২০০৭ চনতে স্বামীক হেৰুওৱা আৰু একমাত্ৰ কন্যাক বিয়া দিয়াৰ পাছত অকলে কেঁচাঘৰটোত থাকিবলৈ দয়াং বেলগুৰিৰ ননীপ্ৰভা শইকীয়াৰ যথেষ্ট সমস্যা হৈছিল৷ বিশেষকৈ ধুমুহা, বৰষুণৰ বতৰত শইকীয়াৰ সমস্যা দুগুণ বৃদ্ধি হৈছিল৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ প্ৰথমটো কিস্তি সোমোৱাৰ দিনটোৰ কথা মনলৈ আনি তেওঁ কয়, “প্ৰথমটো কিস্তি লাভৰ দিনা মনটো ভাল লাগি গৈছিল৷ মনলৈ আহিছিল অৱশেষত এটা সুৰক্ষিত আশ্ৰয় লাভ কৰিলোঁ৷” ননীপ্ৰভা শইকীয়াই নিজৰ সুবিধাৰ বাবে চৰকাৰৰপৰা লাভ কৰা শৌচাগাৰটো ঘৰটোৰ লগতে সংযোগ কৰি লৈছে৷
আনফালে বাঘজাপৰপৰা গুৱাহাটী হৈ প্ৰায় ১১৭ কিল’মিটাৰ নিলগৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ ঘোঁৰাবন্ধাৰ আক্ৰামুল হক আৰু আনোৱাৰ হুছেইনেও আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰা ঘৰটিত গৃহপ্ৰৱেশ কৰিছে৷
কেন্দ্ৰীয় চৰকাৰে ‘২০২৪ চনৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ’ৰ লক্ষ্য হাতত লৈছে৷ ইয়াৰ অধীনতেই প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহ অনুদানৰ কাম অসমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পূৰ্ণগতিত অব্যাহত ৰাখিছে৷
ছিপাঝাৰ উন্নয়ন খণ্ডৰ পশ্চিমচুবা গাঁৱৰ যামিনী নাথে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ গৃহটিৰ বাবে ধন্যবাদ জনাই কয়, “এই ঘৰটো লাভ কৰাৰ আগতে মোৰ ল’ৰা দুটাৰ পঢ়া-শুনাত যথেষ্ট ক্ষতি হৈছিল৷ ঘৰটোৰ লগতে মই বিদ্যুৎ সংযোগ লাভ কৰাৰ লগতে এটা শৌচাগাৰ আৰু গেছৰ সংযোগো পাইছোঁ৷”
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ১ লাখ ৩০ হাজাৰ টকাৰ লগতে এমজি এনৰেগাৰ অধীনত ৯৫ দিনৰ অকুশলী মজুৰিৰ বাবদ প্ৰায় ২১ হাজাৰ টকা হিতাধিকাৰীসকলে লাভ কৰিছে৷ হিতাধিকাৰীসকলৰ গৃহত স্বচ্ছ ভাৰত অভিযান – গ্ৰামীণৰ অধীনত একোটাকৈ শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে সৌভাগ্য যোজনাৰ অধীনত বিদ্যুৎ সংযোগো প্ৰদান কৰা হৈছে৷ হিতাধিকাৰীসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত এলপিজি সংযোগ লাভ কৰাৰ ব্যৱস্থাও আছে আৰু লগতে প্ৰতিটো ঘৰতে বিশুদ্ধ খোৱাপানী উপলভ্য কৰা হ’ব৷
দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে এই প্ৰতিৱেদকক জনায়, “আমি সময়ে সময়ে ঘৰসমূহৰ নিৰ্মাণ কাৰ্য নিৰীক্ষণ কৰোঁ৷ গাঁও পঞ্চায়ত সমন্বয়কসকলে ভেটি নিৰ্মাণৰ সময়ত জিঅ’ টেগ কৰে আৰু পাছৰ পৰ্যায়ত আমাৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তাসকলে ঘৰটোৰ নিৰীক্ষণ কৰি থাকে৷”
দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে কয়, “পোনপটীয়া ধন হস্তান্তৰ প্ৰক্ৰিয়াৰ বাবে মধ্যভোগীৰ অৱসান হৈছে আৰু ঘৰটো নিৰ্মাণৰ সম্পূৰ্ণ দায়িত্ব হিতাধিকাৰীগৰাকীৰ হাতত থাকে৷ হিতাধিকাৰীগৰাকীয়ে নিজৰ ঘৰটোৰ বাবে পছন্দৰ সামগ্ৰী নিৰ্বাচন কৰাৰ স্বাধীনতাও লাভ কৰিছে৷ এতিয়ালৈকে দৰং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত মুঠ ৭১,৫৫৬টা গৃহ আবণ্টন কৰা হৈছে আৰু ৪৭,৯৫৫টা গৃহৰ কাম সম্পূৰ্ণ হৈছে৷
মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতীশ পেগুৱে অসম বাৰ্তাক জনায়, “মৰিগাঁও জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত মুঠ ৯২,০৭২টা ঘৰ আবণ্টন হৈছে আৰু ইয়াৰে ৫৬,৯৩৭টা ঘৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ গৃহ এটা নিৰ্মাণৰ সময়ত আমাৰ বিভাগীয় বিষয়া-কৰ্মচাৰীসকলে ঘৰৰ সঠিক জোখ-মাপ দিয়াৰ উপৰি পৰ্যায়ক্ৰমে কিস্তিৰ ধন সময়মতে মোকলাই দিয়াৰ লগতে নিয়মীয়াকৈ মজুৰি প্ৰদানত সহযোগিতা আগবঢ়ায় আৰু গৃহসমূহৰ মান উন্নত কৰাৰ বাবে ক্ষেত্ৰ পৰ্যায়ৰ অভিযন্তাসকলে গৃহৰ হিতাধিকাৰীসকলক উপযুক্ত
দিহা-পৰামৰ্শ আগবঢ়ায়৷”
দৰং জিলাৰ বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ চমতীয়াপাৰাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ এগৰাকী হিতাধিকাৰী সব্যা কলিতা(৬৬)ই কয়, “যোৱাবাৰ কৃত্ৰিম বানত খেতি আৰু পোহনীয়া মাছ নষ্ট হ’ল৷ এনেধৰণৰ সমস্যাৰে জুৰুলা আমি নিজে এখন পকী ঘৰ নিৰ্মাণৰ কথা হয়তো কল্পনাই কৰিব নোৱাৰিলোঁহেঁতেন৷ ঘৰটোৰ লগতে আমি শৌচাগাৰ আৰু গেছৰ সংযোগো লাভ কৰিছোঁ৷” ২০১৬ চনতে স্বামীক হেৰুওৱা সব্যা কলিতাই কয়, “আজি আমাৰ পৰিয়ালটোৱে বহু সমস্যাৰপৰা হাত সাৰিছোঁ৷”