বজালী জিলাৰ বাঘমাৰা নিৱাসী, ‘জীৱিকা সখী’ কণিকা কলিতাই নিজৰ ঘৰুৱা দায়িত্ব পালনৰ উপৰি যোগ্য পৰিয়ালসমূহক পকী ঘৰ লাভ কৰাত সহায় কৰিছিল। তেখেতে প্ৰধানমন্ত্ৰী আৱাস যোজনা–গ্ৰামীণৰ অধীনত স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে ঘৰ আবণ্টনৰ বাবে কেচাঁ বাসগৃহবোৰৰ জিঅ’-টেগিং কৰাৰ কামত নিজকে উৎসৰ্গা কৰিছে।
“যদিও কামটো কঠিন আছিল, কিন্তু মই ইয়াৰ পৰা যথেষ্ট আনন্দ লভিলোঁ। মোৰ অধীনত পাঁচখন গাঁও আছিল আৰু প্ৰতিদিনাই মই ভিন্ন গাঁৱলৈ গৈ শ শ গাঁওবাসীক সহায় কৰিছিলোঁ,” কণিকাই অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত এনেদৰে কয়।
কণিকাই এই অভিজ্ঞতাক এক বহুমূলীয়া শিকন প্ৰণালী বুলি অভিহিত কৰে। জনসংযোগৰ মাধ্যমেৰে সমাজক বিভিন্নধৰণে সহায় কৰাৰ বিষয়টো তেখেতে বুজি উঠিছিল। জীৱিকা সখী হিচাপে আমি সাধাৰণতে আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে কাম কৰোঁ, কিন্তু এই নতুন দায়িত্বৰ জৰিয়তে মই বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে যোগাযোগ কৰাৰ সুযোগ পাইছিলোঁ। যাৰ জৰিয়তে চৰকাৰী প্ৰক্ৰিয়াসমূহ বুজি পোৱাত সহায় হৈছিল,” তেখেতে কয়।
কণিকাই লগতে কয়, “সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সময়ছোৱাত সাধাৰণ ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াইছিল। গাঁৱৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ সুযোগ পোৱাটো মোৰ বাবে সৌভাগ্যৰ বিষয় আছিল।”
ঠিক একেদৰে মৰিগাঁও জিলাৰ আন এগৰাকী জীৱিকা সখী অঞ্জুমা খাতুনে নিজৰ কৰ্তব্য সুকলমে পালন কৰিবলৈ প্ৰতিদিনে ৭-৮ কিল’মিটাৰ যাত্ৰা কৰিছিল। কেতিয়াবা নদী পাৰ হৈও তেখেতে জৰীপ চলাবলগীয়া হৈছিল বুলি উল্লেখ কৰে। “কিছুমান ঠাইত জব কাৰ্ডৰ নবীকৰণ বিলম্ব হোৱাৰ বাবে সমস্যা হৈছিল যদিও এই অভিজ্ঞতাৰ জৰিয়তে বহু কথা শিকিব পাৰিছিলোঁ,” তেখেতে কয়।
“প্ৰতিকূল বতৰৰ মাজতো মই প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে হিতাধিকাৰী চিনাক্ত কৰিবলৈ অক্লান্তভাৱে কাম কৰিছিলোঁ। আমাৰ এই প্ৰয়াসে আৰ্থিকভাৱে পিছপৰা বহু পৰিয়ালক ঘৰ নিৰ্মাণেৰে সকাহ দিব বুলি মই আনন্দিত হৈছোঁ,” অঞ্জুমাই লগতে কয়।
কণিকা আৰু অঞ্জুমাৰ দৰে ৪,০০০তকৈও অধিক জীৱিকা সখী, পশু সখী, কৃষি সখী, বেংক সখী আৰু সমল ব্যক্তিয়ে ১৭-২৬ মাৰ্চলৈকে সম্ভাব্য হিতাধিকাৰীসকলক চিনাক্ত কৰা আৰু নথিভুক্ত কৰাৰ কামত নিজকে নিয়োগ কৰিছিল। তেওঁলোকৰ এই প্ৰচেষ্টাই গাঁও পৰ্যায়ত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণক শক্তিশালী কৰি তুলিছে, যাৰ ফলত অসম এনে এটি আদৰণীয় পদক্ষেপ লোৱা প্ৰথমখন ৰাজ্য হিচাপে পৰিণত হোৱাৰ দিশে আগবাঢ়িছে।
এই পদক্ষেপৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰিৱৰ্তে কাষৰীয়া গাঁওসমূহৰ জীৱিকা সখীসকলে এই প্ৰক্ৰিয়াৰ তদাৰক কৰিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কৰা প্ৰাথমিক সমীক্ষাখন ‘অন্বেষা’ প’ৰ্টেলত আপলোড কৰা হ’ব, যাৰ জৰিয়তে পূৰ্বৰ সমীক্ষাসমূহত বাদ পৰা পৰিয়ালসমূহক চিনাক্ত কৰিব পৰা যাব।”

এই সকলো প্ৰচেষ্টাৰ ফলস্বৰূপে ৰাজ্যজুৰি হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৩,৮৮,৩৫৮খন অনুমোদন পত্ৰ বিতৰণ কৰা হৈছে। পকী ঘৰ নিৰ্মাণত সহায় কৰাৰ উদ্দেশ্যে প্ৰথমটো কিস্তি হিচাপে ৩৭,৫০০ টকা হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হ’ব।
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অনুমোদন পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, “সকলোৰে বাবে আৱাসৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ৰাজ্য চৰকাৰে এনে এটা সবল পদক্ষেপ গ্ৰহণ কৰিছে। আমি ভৱিষ্যতে আঁচনিৰ অধীনত ২৬ লাখ ঘৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ আৰু লগতে ১৫ লাখ অতিৰিক্ত ঘৰ আগবঢ়োৱাৰ চিন্তা-চৰ্চা কৰিছোঁ, যাতে অসমৰ প্ৰতিটো আৰ্থিকভাৱে পিছপৰা পৰিয়ালে নিজৰ সপোনৰ পকী ঘৰ লাভ কৰে।”
প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত গৃহহীন ব্যক্তি আৰু যিসকল পৰিয়ালৰ কেঁচা সামগ্ৰীৰে নিৰ্মিত দুটা কোঠা আছে, তেওঁলোক এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব। যিসকলৰ দুটাতকৈ অধিক কোঠা আছে (ৰন্ধনঘৰ বাদ দি), তেওঁলোক এই যোজনাৰ যোগ্য নহয়। চাহ বাগিচাৰ অঞ্চলসমূহত সকলো যোগ্য শ্ৰমিকে নিৰ্ধাৰিত চৰ্তাৱলী অনুযায়ী বাগিচাৰ ভিতৰতে ঘৰ লাভ কৰিব।










