অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই গুৱাহাটীত অনুষ্ঠিত এক কাৰ্যসূচীত বিশিষ্ট শাস্ত্ৰীয় নৃত্যশিল্পী ড° সোণাল মানসিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে। অসম চৰকাৰে ১৯৮৬ চনৰ পৰা আগবঢ়োৱা এই বঁটা চলিত বৰ্ষত ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে প্ৰদান কৰাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ তেখেত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।
অনুষ্ঠানত এটি বাৰ্তাৰ জৰিয়তে ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “ড° সোণাল মানসিং হৈছে দেশৰ নাগৰিকৰ বাবে এক প্ৰেৰণাৰ উৎস। তেখেতে বিভিন্ন সমস্যাৰ সন্মুখীন হৈও সাহস আৰু দৃঢ় সংকল্পৰে সকলো অতিক্ৰম কৰি সাংস্কৃতিক জগতখনলৈ অপৰিসীম অৱদান আগবঢ়াইছে,” এই কথা উল্লেখ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমাজ শক্তিশালী কৰিবলৈ সকলো স্তৰৰ ৰাইজৰ মাজত ঐক্য আৰু সমতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই কয়, “ড° সোণাল মানসিঙে শাস্ত্ৰীয় নৃত্য, সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰতি থকা সচেতন ভূমিকা আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হৈছে। এই বঁটা কেৱল তেখেতৰ ব্যক্তিগত স্বীকৃতিয়েই নহয়, এয়া হৈছে ভাৰতীয় সংস্কৃতি-ঐতিহ্যক ৰাখিবলৈ তেখেতে কৰি অহা অবিৰাম সেৱাৰো স্বীকৃতি।”
ৰাজ্যপালগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেৰাক আধ্যাত্মিক চিন্তা-চেতনাৰ দ্ৰষ্টা আৰু সাংস্কৃতিক সংস্কাৰকৰূপে বৰ্ণনা কৰে। গুৰুজনাই অসমতেই সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ঐক্য, শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা অহোপুৰুষাৰ্থৰ বিষয়েও ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে।
সোণাল মানসিঙে এই বঁটা দেশৰ সকলো শিল্পীৰ বাবে উৎসৰ্গা কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনায়। তেখেতে কয়, “ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱ সংগীত নাটক একাডেমীৰ অধ্যক্ষ হৈ থাকোতে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে ঘোষণা কৰিব পাৰি নে নাই, সেই দিশটো নিশ্চিত কৰিবলৈ কৈছিল। মই আৰু আন কেইবাগৰাকী ব্যক্তিয়ে বিস্তৃত ৰূপত গৱেষণা কৰি নিশ্চিত হৈছিলোঁ যে সত্ৰীয়া নৃত্য ভাৰতৰ অষ্টম শাস্ত্ৰীয় নৃত্যৰূপ হিচাপে স্বীকৃতি লাভ কৰা উচিত।”
বঁটা প্ৰদান অনুষ্ঠানৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰে, “কেইবাটাও দশক ধৰি শাস্ত্ৰীয় নৃত্য সাধনাৰ লগতে সমাজ-সাহিত্য আৰু সাংস্কৃতিক দিশত অগাধ পাণ্ডিত্যৰে সন্মানীয় ড° সোণাল মানসিং ডাঙৰীয়ানীয়ে ভাৰতবৰ্ষলৈ অমূল্য অৱদান আগবঢ়াইছে। শাস্ত্ৰীয় নৃত্যৰে দেশ তথা বিশ্বৰ জনতাৰ নয়নৰ মণি হোৱা ড° সোণাল মানসিং ডাঙৰীয়ানীয়ে তেখেতৰ দুৰন্ত সাধনাৰে শাস্ত্ৰীয় নৃত্যৰ প্ৰসাৰৰ বাবে নিজক উৎসৰ্গা কৰি গৈছে নিৰৱচ্ছিন্নভাৱে,” তেখেতে পুনৰ কয়, “পদ্মবিভূষণকে ধৰি দেশৰ বিভিন্ন বঁটা-সন্মানপ্ৰাপক সংস্কৃতিৰ অম্লান সাধকগৰাকী নাৰী সবলীকৰণৰ উজ্জ্বল প্ৰতীক। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ বিশাল ক্ষেত্ৰখখনত তেখেতৰ গভীৰ জ্ঞান আৰু অৱদানে উত্তৰ প্ৰজন্মক সদায়ে উদ্বুদ্ধ, অনুপ্ৰাণিত কৰি আহিছে আৰু ভৱিষ্যতলৈ এক আকৰ হিচাপে তেখেত জিলিকি থাকিব।”
ড° সোণাল মানসিঙক এই বঁটাৰ সৈতে এখন অংগবস্ত্ৰ, সোণৰ পদক, অসমীয়াৰ পৰম্পৰাগত ‘শৰাই’, এখন প্ৰশংসাপত্ৰ আৰু ৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।










