ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বছৰজোৰা উদযাপনৰ কথা ঘোষণা কৰাৰ পাছত শেহতীয়াকৈ অসম কেবিনেটে মোহনবাৰী-ডিব্ৰুগড় বিমান বন্দৰক ড° ভূপেন হাজৰিকা বিমান বন্দৰৰ নামেৰে নামকৰণত অনুমোদন জনায়।
এই সিদ্ধান্তৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক্স’যোগে প্ৰকাশ কৰে, “ডিব্রুগড়ৰ মোহনবাৰী বিমান বন্দৰ অতি সোনকালে ড° ভূপেন হাজৰিকা বিমান বন্দৰ নামেৰে পৰিচিত হ’ব৷ এই নাম সলনিকৰণেৰে অসমৰ দুখন ৰাজধানীৰ বিমান বন্দৰৰ নাম ৰাজ্যখনৰ দুগৰাকী ভাৰত ৰত্ন সন্মানপ্ৰাপক ব্যক্তিৰ নামেৰে নামকৰণ কৰা হ’ব – এয়া হ’ব তেওঁলোকৰ অৱদানৰ প্ৰতি আমাৰ উপযুক্ত শ্ৰদ্ধা নিবেদন।”
তদুপৰি বিমান বন্দৰটোৰ নাম সলনি কৰাৰ সন্দৰ্ভত বিধান সভাত অনুমোদন লাভ কৰিবলৈ ৯ জুনত অসম বিধান সভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব।
ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১৫ কিল’মিটাৰ দূৰত্বত অৱস্থিত এই বিমান বন্দৰটো ১৯৫০ চনৰ আৰম্ভণিতে প্ৰথমে সম্পূৰ্ণ কাৰ্যক্ষম সুবিধাৰে পৰিপূৰ্ণ হৈ উঠিছিল। মুঠ ৩৮৬ একৰ এলেকাত নিৰ্মিত এই বিমান বন্দৰটো উত্তৰ-পূৰ্বাঞ্চলৰ গুৱাহাটী, আগৰতলা আৰু ইম্ফল বিমান বন্দৰৰ পাছতেই চতুৰ্থটো ব্যস্ত বিমান বন্দৰ।









