অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ ডিব্ৰুগড়ৰ আন্তঃগাঁথনিমূলক উন্নয়নক প্ৰাধান্য দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ উজনি অসম ভ্ৰমণৰ সময়ত ডিব্ৰুগড় জিলাত ৫০০ কোটি টকাৰো অধিক ব্যয়ৰ উন্নয়নমূলক প্ৰকল্পৰ ঘোষণা কৰে।
ভ্ৰমণৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে চাপাখোৱা, শদিয়াত থকা ঐতিহাসিক বুঢ়া-বুঢ়ী থানৰ উন্নয়ন প্রকল্পৰ ভূমিপূজন সম্পন্ন কৰে। ৮.৭২ কোটি টকাৰ এই প্রকল্পৰ অন্তৰ্গত হৈছে মূল থানভাগৰ ঐতিহ্য সংৰক্ষণ, নতুন আন্তঃগাঁথনি আৰু ভক্তসকলৰ বাবে আন আন সা-সুবিধাৰ সৃষ্টিৰ ব্যৱস্থা কৰা।
তেখেতে মাকুম বাইপাছত অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পৰিচালিত শক্তি কেন্দ্ৰ উদ্বোধন কৰে।
১৪৬.৪৩ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন আন্ত:গাঁথনিমূলক কাম-কাজৰো তেখেতে আধাৰশিলা স্থাপন কৰে।
মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত নিৰ্মাণ হ’ব – ছাত্ৰী নিৱাস, অভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, আৱাসযুক্ত হাউছিং ব্লক, ক্ৰীড়া কমপ্লেক্স, ব্যায়ামশালা। আনহাতে পিএম ঊষা আঁচনিৰ অধীনত নিৰ্মাণ হ’ব – ছাত্ৰী নিৱাস, শৈক্ষিক ভৱন, শৈক্ষিক গৱেষণা কেন্দ্ৰ, ইনকিউবেশ্যন চেণ্টাৰ, বিদ্যমান গ্ৰন্থাগাৰ আৰু কম্পিউটাৰ লেবৰ আধুনিকীকৰণ।
এই সকলো উন্নয়নমূলক কাম সম্পূৰ্ণ হোৱাৰ পাছত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত হ’ব আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সহায় হোৱাৰ লগতে সংযোগ তথা ৰাজহুৱা সেৱা লাভ কৰাটো অধিক সুবিধাজনক হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭ কোটি টকাৰ অধ্যাপকৰ আৱাস আৰু শিক্ষাৰ্থীৰ হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে। এই বৃহৎ প্রকল্পৰ অন্তৰ্গত থাকিব – জ্যেষ্ঠ অধ্যাপকৰ আৱাস, কনিষ্ঠ অধ্যাপকৰ আৱাস, অধ্যক্ষৰ আৱাস, উপাধ্যক্ষৰ আৱাস, চিকিৎসা অধীক্ষকৰ আৱাস, তৃতীয় বৰ্গৰ কৰ্মচাৰী আৰু নাৰ্ছিং স্টাফৰ আৱাস, চতুর্থ বর্গৰ কর্মচাৰীৰ আৱাস, এম বি বি এছ হোস্টেল (মহিলা), এম বি বি এছ হোস্টেল (পুৰুষ), পি জি হোস্টেল (মহিলা), পি জি হোস্টেল (পুৰুষ), জি এন এম হোস্টেল (মহিলা) আদি।
সভাত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম চৰকাৰে চিকিৎসা শিক্ষাত পৰিৱৰ্তন অনা আৰু উজনি অসমসহ সমগ্ৰ ৰাজ্যজুৰি স্বাস্থ্য সেৱাৰ সুবিধাৰ সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে একাধিক গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰিছে।”

তেখেতে ঘোষণা কৰে যে আগন্তুক পাঁচ বছৰত প্ৰতিবছৰে ১,০০০গৰাকীকৈ চিকিৎসক নিযুক্তিৰ লক্ষ্য ৰাখিছে ৰাজ্য চৰকাৰে। ২০৩৫ চনৰ ভিতৰত অসমত ৩০খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব। “বহুতো ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আবেদন কৰা হয়, কিন্তু আমাৰ প্ৰাথমিকতা হৈছে ৰাজহুৱা শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰা।”
নাহৰকটীয়াত তেখেতে ১৩০ কোটি টকাৰ উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। এই প্ৰকল্পত অন্তৰ্ভুক্ত থাকিব – সমজিলা আয়ুক্ত কাৰ্যালয়ৰ শিলান্যাস, নামৰূপ-নাহৰকটীয়া পথ উৰণ সেতু, হকী ষ্টেডিয়াম, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱন, নাহৰকটীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৰ্ষ কেন্দ্ৰলৈ ৰূপান্তৰ আদি।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগলৈ নাহৰকটীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হস্তান্তৰ কৰে। অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিগত পাঁচ বছৰত নাহৰকটীয়াই পথ, ঔদ্যোগিক পৰিসৰ, মিনি ষ্টেডিয়াম, আই টি আই আদিৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নয়ন দেখিবলৈ পাইছে।”
তেখেতে লগতে কয়, “নাহৰকটীয়া আৰু নামৰূপ দুয়োখনেই এতিয়া উন্নয়নৰ বাটেৰে আগবাঢ়ি গৈছে। বিশেষকৈ গ্ৰীণফিল্ড ফার্টিলাইজাৰ প্লান্ট, এন আৰ এলৰ ঔদ্যোগিক পদক্ষেপ আদিৰ জৰিয়তে এই উন্নয়ন সম্ভৱ হৈছে।”
হকী ষ্টেডিয়ামৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “নাহৰকটীয়াত আমি এখন আধুনিক হকী ষ্টেডিয়ামৰ নিৰ্মাণ আৰম্ভ কৰিছোঁ৷ এই ষ্টেডিয়াম তৃণমূল পৰ্যায়ৰ উদীয়মান খেলুৱৈসকলৰ বাবে প্ৰশিক্ষণ আৰু খেলাধুলাৰ সুবিধা প্ৰদানেৰে সপোনক বাট দেখোৱাৰ সাৰথি হৈ পৰিব। আগতে গুৱাহাটীকেন্দ্ৰিক উল্লেখযোগ্য ক্ৰীড়া আন্ত:গাঁথনি নিৰ্মাণৰ পৰিৱৰ্তে এতিয়া আমি সমগ্ৰ অসমতে সম গুৰুত্বৰে ক্ৰীড়া আন্ত:গাঁথনি নিৰ্মাণত মনোনিৱেশ কৰিছোঁ।”
মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত উদীয়মান হকী প্ৰতিভাসকলক সাক্ষাৎ কৰি তেওঁলোকক উৎসাহিত কৰে।
প্ৰশাসনিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত ৬৫ কোটি টকাৰ মন্ত্ৰীসকলৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পত অন্তৰ্ভুক্ত থাকিব – মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ বাবে পৃথক ব্লক, আধুনিক সন্মিলন কেন্দ্ৰ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ডিব্ৰুগড়ত অসম বিধান সভা ভৱন নিৰ্মাণৰ উপৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ বিধায়ক হোষ্টেল, প্ৰেক্ষাগৃহ নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।










