কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (ড’নাৰ) মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই শেহতীয়াকৈ অসম ভ্ৰমণলৈ আহি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে আৰু মন্ত্ৰ্যালয়ৰ অধীনত অসমত চলি থকা আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণৰ পৰ্যালোচনা কৰে।
এক চৰকাৰী বিবৃতি অনুসৰি আন্তঃগাঁথনি, শক্তি আৰু সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত যোগান ব্যৱস্থাটো সুশৃংখলিত কৰাৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
বৈঠকত মুগা ৰেচম উৎপাদন, তৈল খেজুৰ উৎপাদন আৰু অগৰু খেতি বৃদ্ধিকৰণ, পৰ্যটনৰ সুযোগ প্ৰসাৰিত কৰাৰ সম্ভাৱনা আৰু বিশেষকৈ সীমান্তৱৰ্তী গাঁওসমূহৰ উন্নয়নৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰা হয়।
ড’নাৰ মন্ত্ৰ্যালয়ে স্বাস্থ্য, শিক্ষা, পথ, কৃষি আৰু খাদ্য সংসাধন, পৰ্যটন, হস্ততাঁত, হস্তশিল্প আৰু বস্ত্ৰশিল্প, শক্তি খণ্ড আদি বিভিন্ন খণ্ডত অসমৰ শেহতীয়া অগ্ৰগতিৰ এক আভাস দাঙি ধৰে।
এই বৈঠকত পিএম-ডিভাইনৰ দৰে আঁচনিৰ অগ্ৰগতিৰ লগতে অসমত ৰূপায়িত হৈ থকা উত্তৰ-পূৰ্বাঞ্চল পৰিষদৰ পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰ্যালয়ে উল্লেখ কৰে যে এছ ডি জি ইণ্ডিয়া সূচাংক ২০২৩-২৪ত অসমে আগশাৰীৰ স্থান দখল কৰিছে। ৰাজ্যখনৰ বৰ্তমানৰ উন্নয়নৰ গতিক আৰু অধিক ত্বৰান্বিত কৰিবলৈ হ্ৰস্বম্যাদী, দীৰ্ঘম্যাদী পৰিকল্পনা কৌশলৰ বিষয়েও আলোচনা কৰা হয়।
বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে কয়, “অসম এতিয়া ভাৰতৰ উন্নত ৰাজ্যসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছে। বৰ্তমান অসমৰ জি ডি পি বৃদ্ধিৰ হাৰ ১৪% আৰু এই গতি অব্যাহত থাকিলে আগন্তুক বছৰবোৰত ৰাজ্যখনৰ জি ডি পি ১০ লাখ কোটি টকা হ’ব বুলি আশা কৰা হৈছে।”
মুখ্যমন্ত্রীয়েগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যত চলি থকা উন্নয়নমূলক প্রকল্পসমূহে শক্তিৰ চাহিদা যথেষ্ট বৃদ্ধি কৰিছে, “২০৩২ চনৰ ভিতৰত ৰাজ্যখনলৈ অতিৰিক্ত ৪,০০০ মেগাৱাট শক্তিৰ প্রয়োজন হ’ব৷ ইতিমধ্যে ৰাজ্য চৰকাৰে ভৱিষ্যতৰ এই চাহিদা পূৰণৰ বাবে প্রয়োজনীয় পদক্ষেপ হাতত লৈছে৷”
ড’নাৰ মন্ত্র্যালয়ে বিভিন্ন প্রকল্পৰ বাবে আবণ্টন দিয়া ধনৰাশি প্রত্যক্ষভাৱে জনসাধাৰণৰ কল্যাণৰ বাবে ব্যয় কৰা হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰি ড’নাৰ মন্ত্র্যালয়ৰ পৰা অব্যাহত থকা সাহায্যৰ বাবে কেন্দ্রীয় মন্ত্রী সিন্ধিয়াক কৃতজ্ঞতা জ্ঞাপন কৰে৷
আনহাতে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে তেখেতৰ মন্ত্র্যালয়ে ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়াই যাব।









