বিগত চাৰি বছৰত অসম চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণ নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আগুৱাই গৈছে। সকলোৰে দৃষ্টিভংগীক প্ৰাধান্য দি প্ৰশাসনে নাগৰিকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছে আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণ সাধনেৰে আৰ্থ-সামাজিক সুৰক্ষা নিশ্চিত কৰিছে।
জিলা আৰু সমজিলা গঠন
সুশাসন ব্যৱস্থাত সংযোজন ঘটাই ২০২৩-২৪ বৰ্ষত বজালী, বিশ্বনাথ, হোজাই আৰু তামুলপুৰ — এই চাৰিখন নতুন জিলা গঠন কৰা হয়। তদুপৰি বিধান সভা সমষ্টিৰ সীমাৰ সৈতে সামঞ্জস্য ৰাখি ৭৮খন সমজিলাও গঠনৰ পদক্ষেপ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত আন্তঃগাঁথনি আৰু মানৱ সম্পদ ব্যৱহাৰেৰে ২০২৪ চনৰ ৪ অক্টোবৰত ৩৯খন সমজিলা কাৰ্যকৰী কৰা হয়।
২০২৫ চনৰ ১৫ আগষ্টৰ পূৰ্বে আৰু ১০খন সমজিলা কাৰ্যকৰী কৰাৰ বাবে অসম কেবিনেট বৈঠকে ২০২৪ চনৰ ১২ এপ্ৰিলৰ বৈঠকত অনুমোদন জনায়।
স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া
বিভিন্ন চৰকাৰী নিযুক্তি পৰীক্ষাত অনিয়ম ৰোধৰ বাবে আৰু স্বচ্ছ আৰু বিশ্বাসযোগ্য নিয়োগ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে “অসম লোক পৰীক্ষা (নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা)” আইন প্ৰণয়ন কৰা হৈছে।
দিছপুৰস্থিত বৰ্তমানৰ চৰকাৰৰ আন এটা উল্লেখযোগ্য পদক্ষেপ হ’ল “তৃতীয় আৰু চতুর্থ বৰ্গৰ পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ গঠন। এই ব্যৱস্থাৰ জৰিয়তে হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থীক স্বচ্ছ পদ্ধতিৰে যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হৈছে।
২০২১ চনৰ ১০ মে’ৰ পৰা অসম লোকসেৱা আয়োগে ৬,১০৯গৰাকী প্ৰাৰ্থীক চৰকাৰী পদত নিয়োগ কৰিছে, যাৰ ভিতৰত ১,৪৭৯গৰাকীক এ চি এছ তথা আনুষংগিক সেৱাৰ বাবে নিৰ্বাচন কৰা হৈছে। এই প্ৰক্ৰিয়াই গেজেটেড আৰু নন-গেজেটেড পদত দক্ষ নিযুক্তি নিশ্চিত কৰিছে। তদুপৰি ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰে ২০২৪ চনত অসম ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ গঠন কৰে।
ই–ফাইল নিষ্পত্তি আৰু মিছন সদ্ভাৱনা
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সদ্ভাৱনা প্ৰকল্পৰ দৰে এক দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰা হয়। যাৰ জৰিয়তে ২০২১ চনৰ ১০ মে’ৰ পূৰ্বৰ আধৰুৱা হৈ থকা ফাইলসমূহ ২০২২ চনৰ ১৪ আগষ্টৰ ভিতৰত নিষ্পত্তি কৰা হয়।
এই অভিযানে ডিজিটেল প্ৰশাসন ব্যৱস্থা নিশ্চিত কৰাৰ লগতে কামৰ গতি ক্ষিপ্ৰ কৰি কাৰ্যপদ্ধতি সক্ৰিয় আৰু নিকা কৰাৰ লগতে স্বচ্ছ পৰিৱেশ গঢ়ি তুলিছে। সামগ্ৰিকভাৱে ৭.৭ লাখ কাগজৰ ফাইল ই-ফাইলত ৰূপান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাৰ ভিতৰত ১.৩ লাখতকৈ অধিক ইতিমধ্যে ৰূপান্তৰ কৰা হৈছে। অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰতো অসমে ৰাষ্ট্ৰীয় গড় ৩০%ৰ তুলনাত ৬০% নিষ্পত্তিৰ গুণগত মানৰে দুগুণ সফলতা অৰ্জন কৰিছে।
শাসন ব্যৱস্থাক দক্ষতাৰ সৈতে সাজু
অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ে এল বি এছ এন এ এ, নতুন দিল্লীৰ আই এছ টি এম, ৱাধৱানী ফাউণ্ডেশ্বন, ইয়াশাদা (পুণে) আৰু আই আই পি এ, নতুন দিল্লীৰ সৈতে সহযোগিতাৰ জৰিয়তে প্ৰশিক্ষণৰ গুণগত মান অধিক উন্নত কৰিছে। প্ৰথমবাৰৰ বাবে এ চি এছ বিষয়াসকলক প্ৰকল্প পৰিচালনা আৰু নেতৃত্ব সম্পৰ্কীয় প্ৰশিক্ষণৰ বাবে আই আই এম শ্বিলঙলৈ প্ৰেৰণ কৰা হয়।
২০২৪ বৰ্ষৰ এ চি এছ প্ৰশিক্ষণাৰ্থীসকলৰ বাবে প্ৰথমবাৰৰ বাবে বড়ো আৰু মিচিং ভাষা তথা ষষ্ঠ অনুসূচীৰ এলেকাৰ প্রশাসন সন্দৰ্ভত এমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
তদুপৰি কাৰ্যক্ষম সুশাসন নিশ্চিত কৰাৰ বাবে কৰ্মযোগী অভিযানৰ অধীনত অসম চৰকাৰ, কেপাচিটী বিল্ডিং কমিশ্যন আৰু কৰ্মযোগী ভাৰতৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছে।
(কিছুমান বিভাগৰ নাম সলনি কৰা হৈছে আৰু কিছুমানক অধিক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে একত্ৰিত কৰা হৈছে| তদুপৰি নতুন সঞ্চালকালয় গঠন কৰা হৈছে। (অনুগ্ৰহ কৰি বাকচত থকা তথ্যখিনি চাওক)
কৰ্মচাৰীসকলক সন্মান
চৰকাৰী কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী (৫ আগষ্ট)ৰ দিনটো “লোক কল্যাণ দিৱস” হিচাপে পালন কৰা হয়। এই দিনটোত “লোক সেৱা পুৰস্কাৰ” প্ৰদান কৰা হয়। চৰকাৰী কৰ্মচাৰীসকলৰ উৎকৃষ্ট কামৰ স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। প্ৰতিবছৰে প্ৰতিখন জিলাৰ ৫গৰাকী কৰ্মচাৰী আৰু ৰাজ্যিক পৰ্যায়ত ১০গৰাকী কৰ্মচাৰীক লোক সেৱা পুৰস্কাৰ প্ৰদান কৰা হয়।










