ছবিয়ে শব্দবিহীনভাৱে বহু কথা কৈ যায়৷ ওপৰৰ আলোকচিত্ৰখনত পৰিয়ালটোৰ মুখত বিৰিঙি থকা হঁহিটোলৈ মন কৰকচোন৷ এই হাঁহিৰ আঁৰত আছে এক সফলতা আৰু প্ৰাপ্তিৰ কাহিনী৷ “আজি মোৰ বাবে বৰ আনন্দৰ দিন৷ মই হোমগাৰ্ড হিচাপে কৰ্মৰত গৃহ বিভাগটোৰ অধীনতে আজি মোৰ পুত্ৰই অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদত নিযুক্তি লাভ কৰিলে৷ এটা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰে যোগ্যজনক চৰকাৰী চাকৰি দিয়াৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ,” অসম আৰক্ষীৰ হোমগাৰ্ড হিচাপে কৰ্মৰত নগাঁও জিলাৰ ৰহাৰ ৰামপ্ৰসাদ হাজৰিকাই অসম বাৰ্তাক কয়৷
নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশস্বৰূপে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যোৱা ২৩ ছেপ্টেম্বৰত পুনৰ ১১,২৩৬টা পদত নিযুক্তি প্ৰদান কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত পিতৃ-মাতৃৰ সৈতে উপস্থিত হোৱা অসম আৰক্ষীৰ নৱনিযুক্ত উপ-পৰিদৰ্শক পল্লৱ হাজৰিকাই কয়, “২০১৬ চনৰ পৰাই মই অসম আৰক্ষীত নিযুক্তি লাভৰ বাবে সাক্ষাৎকাৰ/পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছোঁ৷ অৱশেষত এইবাৰ মই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’লো৷”
তেওঁ লগতে কয়, “লিখিত, শাৰীৰিক আৰু মৌখিক পৰীক্ষাৰ বাবে মই যিমানিখিনি কষ্ট কৰিছিলোঁ আজি যেন সেই কষ্টৰ মূল্য পালোঁ৷ নিকা পদ্ধতিৰে এই তিনিওটা পৰ্যায় সম্পন্ন হোৱাৰ বাবেই আমাৰ দৰে আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ পৰাও যোগ্যতাৰ ভিত্তিত চৰকাৰী নিযুক্তি লাভ কৰিলোঁ৷”
অসম চৰকাৰৰ ২১টা বিভিন্ন বিভাগত (বক্সত চাওক) মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰি সততা আৰু নিষ্ঠাৰে নিজ কৰ্তব্য পালন কৰাৰ লগতে দুৰ্নীতিক প্ৰশ্ৰয় নিদিবৰ বাবে আহ্বান জনায়৷
“কোনো ধৰণৰ হাৰাশাস্তি নোহোৱাকৈ এনেদৰে সহজ-সৰল আৰু নিকা পদ্ধতিৰে চৰকাৰী নিযুক্তি লাভ কৰাৰ কথা কেতিয়াও কল্পনাই কৰা নাছিলোঁ৷ মোৰ গৱেষণাপত্ৰখন জমা দিয়াৰ পাছত আন আন ৰাজ্যত নিযুক্তিৰ অভাৱৰ বাতৰিবোৰ পঢ়ি বৰ উৎকণ্ঠাৰে সময় পাৰ কৰিছিলোঁ,” কৰিমগঞ্জ মডেল কলেজত উচ্চ শিক্ষা বিভাগৰ অধীনত নিযুক্তি লাভ কৰা লামডিঙৰ কণিকা চক্ৰৱৰ্তীয়ে কয়৷ “কঠোৰ পৰিশ্ৰম আৰু নেৰানেপেৰা চেষ্টাৰ ফল সদায় মিঠা৷ দুৰ্নীতিক প্ৰশ্ৰয় নিদি আমাৰ পৰিশ্ৰমক সাৰ্থক কৰাৰ বাবে চৰকাৰখন প্ৰশংসাৰ পাত্ৰ৷”
উক্ত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷