ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ সামাজিক সুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে শূন্য-ব্যয় বীমা আঁচনি প্ৰৱৰ্তন কৰিছে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ সকলো স্থায়ী আৰু নিয়মীয়া চৰকাৰী কৰ্মচাৰীক কোনো ধৰণৰ আৰ্থিক বোজা নোপোৱাকৈ বিস্তৃত বীমা সুৰক্ষা প্ৰদান কৰা হ’ব।
এই আঁচনি সফলভাৱে ৰূপায়ণ কৰিবলৈ চৰকাৰে এক্সিছ বেংক, ইণ্ডিয়ান বেংক, পঞ্জাৱ নেচনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্ব কৰিছে। এই বেংকসমূহৰ জৰিয়তে সকলো নিয়মীয়া আৰু স্থায়ী চৰকাৰী কৰ্মচাৰীক শূন্য প্ৰিমিয়ামত বীমা কভাৰেজ প্ৰদান কৰা হ’ব। আঁচনিৰ অধীনত বীমা সুবিধা দাবী কৰাৰ প্ৰক্ৰিয়া সহজ আৰু সুসংগঠিত কৰিবলৈ কৰ্মচাৰী তথা মনোনীত ব্যক্তিসকলক সহায় কৰিবলৈ এখন এছ অ’ পি প্ৰণয়ন কৰা হৈছে।
এই আঁচনিৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ~ সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুর্ঘটনাজনিত বীমা, ন্যূনতম ২ কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা, সর্বাধিক ১ কোটি টকাৰ স্থায়ী সম্পূর্ণ পংগুত্বৰ বীমা, সর্বাধিক ৮০ লাখ টকাৰ স্থায়ী আংশিক পংগুত্বৰ বীমা, ন্যূনতম ১০ লাখ টকাৰ ম্যাদী জীৱন বীমা আদি।
এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সংশ্লিষ্ট কৰ্মচাৰীৰ অংশীদাৰ বেংকসমূহৰ যিকোনো এটাত দৰমহা একাউণ্ট থাকিব লাগিব। যদি কোনো কৰ্মচাৰীয়ে নতুনকৈ দৰমহা একাউণ্ট খোলে বা নিজৰ দৰমহা একাউণ্ট অংশীদাৰ বেংকলৈ স্থানান্তৰ কৰে, তেন্তে যোগ্যতা লাভ কৰিবলৈ অন্ততঃ এটা মাহ ধৰি দৰমহা সেই একাউণ্টত জমা হ’ব লাগিব। বীমা দাবী দাখিলৰ ক্ষেত্ৰত মনোনীত ব্যক্তিয়ে মৃত্যু প্ৰমাণপত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ ক্ষেত্ৰত এফআইআৰ, মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন, অক্ষমতাৰ ক্ষেত্ৰত চিকিৎসা ব’ৰ্ডৰ প্ৰতিবেদন, পৰিচয় প্ৰমাণপত্ৰ, একাউণ্টৰ বিৱৰণ আৰু অন্তিম তিনিমাহৰ বেংক ষ্টেটমেণ্ট আদি অত্যাৱশ্যকীয় নথিপত্ৰ দাখিল কৰিব লাগিব। ঘটনাৰ তাৰিখৰ পৰা ৬০ দিনৰ ভিতৰত দৰমহা একাউণ্ট থকা বেংক শাখাত দাবী নথিপত্ৰ দাখিল কৰিব লাগিব। যদি এই সময়সীমা পাৰ হয়, তেন্তে অতিৰিক্ত ৩০ দিনৰ সুযোগো প্ৰদান কৰা হৈছে।










