১৮৩৭ চনত অসমৰ প্ৰথমখন চাহ বাগিচা স্থাপন হোৱাৰেপৰা চাবুৱাৰ চাহে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ পিয়লাত স্থান পাই আহিছে৷ সেউজীয়া চাহ বাগিচাৰে পৰিৱেষ্টিত অঞ্চলটোত গুণগত শিক্ষাৰ প্ৰসাৰ আৰু সাংস্কৃতিক উত্তৰণৰ দিশত কাম কৰাটোকে লক্ষ্য হিচাপে লৈছে ১২১নম্বৰ চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই৷
চাবুৱা সমষ্টিত মহাপুৰুষ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱৰ ভাবাদৰ্শৰে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰও আছে৷ জনগণৰ মাজত আধ্যাত্মিকতা আৰু ভক্তিভাৱৰ প্ৰচাৰৰ বাবে মহাপুৰুষগৰাকীয়ে প্ৰায় ১৮১জনা গীত ৰচনা কৰিছিল যিবোৰ মায়ামৰাসকলৰ মাজত মুখে মুখে পৰম্পৰাগতভাৱে প্ৰচলিত হৈ আহিছে৷ এই গীতসমূহক সংৰক্ষণ কৰাৰ বাবে বিধায়কগৰাকীয়ে এক বিশেষ পদক্ষেপ হাতত লৈছে৷ এইপৰ্যন্ত ৰেকৰ্ডিং নোহোৱা বৰগীত পৰ্যায়ৰ প্ৰায় চাৰিশ বছৰ পুৰণি এই গীতসমূহৰ ৰেকৰ্ডিং আৰু স্বৰলিপি কৰাৰ বাবে ইতিমধ্যে বিশেষজ্ঞ সংগীতজ্ঞৰ সৈতে আলোচনা কৰি কাম আৰম্ভ কৰাৰ বিষয়ে বিধায়ক বৰুৱাই অসম বাৰ্তাক অৱগত কৰে৷
“ভৌগোলিক দিশৰপৰা চাবুৱা এখন সৰু ঠাই হ’লেও অসমৰ আৰ্থ-সামাজিক দিশত অঞ্চলটোৱে বৃহৎ অৱদান আগবঢ়াইছে৷ কিন্তু, বিগত সময়ছোৱাত বিভিন্ন আন্দোলন আদি নানা ৰাজনৈতিক কাৰণত অঞ্চলটোৰ উন্নয়নৰ লগতে শিক্ষা, সংস্কৃতি, ক্ৰীড়া ইত্যাদিৰ উত্তৰণত বাধাৰ সৃষ্টি হৈছে৷ গতিকে, চাবুৱাত এতিয়া শৈক্ষিক জাগৰণ অনাটো অতিকৈ প্ৰয়োজনীয়৷ এই উদ্দেশ্যে আমি যোৱা বছৰ প্ৰথমবাৰৰ বাবে চাবুৱাত পূৰ্ণাংগ চাৰিদিনীয়াকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিলোঁ য’ত আমি ৰাইজৰপৰা ব্যাপক সহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ,” পোনাকণ বৰুৱাই কয়৷
তদুপৰি, শিক্ষানুষ্ঠানসমূহত যাতে অধ্যয়নৰ এটি সুস্থ পৰিৱেশ গঢ় লৈ উঠে তাৰ বাবে বিধায়কগৰাকীৰ উদ্যোগত সমষ্টিৰ বিদ্যালয়সমূহত শিক্ষাবিদৰ দল আৰু ছাত্ৰ-ছাত্ৰীৰ বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ মাজত শিক্ষামূলক মত-বিনিময় কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন শিক্ষাবিদ, কৃতী ছাত্ৰ-ছাত্ৰীৰ লগতে বিধায়কগৰাকীৰ নিজৰও লেখা সন্নিৱিষ্ট মৌচাক প্ৰকাশনে প্ৰকাশ কৰা এখন বিশেষ আলোচনী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়৷
“শৈক্ষিক বিকাশ অবিহনে এখন সমাজ আগুৱাই যাব নোৱাৰে৷ বিশেষকৈ চাহ বাগিচাসমূহত ইমানদিনে শিক্ষাৰ প্ৰসাৰ কমকৈ হোৱাত চাহ বাগিচা অঞ্চলৰ ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু, মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত এতিয়া চাহ বাগিচাসমূহত বিদ্যালয় স্থাপনৰ যি পদক্ষেপ হাতত লোৱা হৈছে, তাৰ বাবে ৰাইজে অন্তৰেৰে চৰকাৰখনৰ প্ৰসংশা কৰিছে,” বিধায়কগৰাকীয়ে কয়৷
ৰাজ্যজুৰি ৩,০০০ নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ইয়াৰ ভিতৰত চাবুৱা সমষ্টিত নিৰ্মাণ হৈছে ১১টা৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৰা মূল্যাংকণ অনুসৰি চাবুৱা সমষ্টিয়ে মানসম্পন্ন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এ প্লাছ (A+) লাভ কৰিবলৈ সক্ষম হৈছে বুলি বিধায়ক পোনাকণ বৰুৱাই কয়৷
অসম দৰ্শন আঁচনি, বান নিয়ন্ত্ৰণ ব্যৱস্থা, গেছ পাইপলাইন সেৱাৰ সূচনাৰ লগতে প্ৰতিটো আঁচনিৰ সফল ৰূপায়ণেৰে চাবুৱাক ন-ৰূপত জিলিকাই তোলাৰ সপোন দেখা বিধায়কগৰাকীৰ প্ৰচেষ্টাত স্থানীয় ৰাইজৰ সহযোগিতাও সমানেই উল্লেখনীয়৷