কেইদিনমানৰ পৰা নন্দিতা দাসৰ ব্যস্ততা বাঢ়িছে৷ অন্য দিনতকৈ বিদ্যালয়ত সোনকালে উপস্থিত হৈছে কামৰূপ মহানগৰস্থিত জ্যোতিনগৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰীগৰাকী৷ এই ব্যস্ততাৰ মূল কাৰণ গুণোৎসৱ৷ নন্দিতা দাসৰ লগতে বিদ্যালয়খনৰ আন শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলেও গুণোৎসৱৰ বাবে বিশেষভাৱে সাজু হৈছে৷
১৮ জানুৱাৰীত আৰম্ভ হোৱা চলিত বৰ্ষৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা ১৮ ফেব্ৰুৱাৰীত সফলভাৱে সামৰণি পৰে৷ চৰকাৰী/প্ৰাদেশিকৃত বিদ্যালয়, চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়সমূহ সামৰি ৪৪,৫৩০খন বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত ৪১,২৭,৯০৭ লাখ ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰা হয়৷ মন্ত্ৰী, বিধায়ক, সাংসদ, প্ৰশাসনিক বিষয়া, আৰক্ষী বিষয়া,অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়া আদি বিদ্যালয়সমূহত বহিঃমূল্যায়ক হিচাপে উপস্থিত থাকে৷ মূল্যায়নৰ প্ৰক্ৰিয়া হিচাপে বিদ্যায়তনিক, সহ-বিদ্যায়তনিক কাৰ্যৰ লগতে আন বিভিন্ন দিশ অন্তৰ্ভুক্ত কৰা হয়৷
১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়া, পশ্চিম কাৰ্বি আংলং, হোজাই (নগাঁও জিলাৰ অংশ) আৰু বিশ্বনাথৰ (শোণিতপুৰ জিলাৰ অংশ) ১১৪খন বিদ্যালয়ত গুণোৎসৱৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হয়৷ ১৫,৬০০ৰো অধিক বিদ্যালয়ৰ ১৪.৬২ লাখ
ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে৷
“গুণোৎসৱৰ দিনকেইটা আমাৰ বাবে বিশেষ৷ এই উৎসৱৰ বাবে আমি বহুদিন আগৰপৰাই প্ৰস্তুতি চলাওঁ৷ গুণোৎসৱৰ প্ৰথম দিনত স্ব-মূল্যায়ন কৰা হয়৷ দ্বিতীয়দিনা বহিঃমূল্যায়কৰ উপস্থিতিত প্ৰাতঃসভাৰে মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয়৷ ইয়াৰ অংশ হিচাপে লঘু ব্যায়াম, সাঁথৰ, মহৎ লোকৰ বাণী, কুইজ আদি অনুষ্ঠিত হয় আৰু পৰ্যায়ক্ৰমে নিৰ্ধাৰিত নিয়ম অনুসৰি বিদ্যায়তনিক পাঠ্যক্ৰমৰো মূল্যায়ন কৰা হয়,” নন্দিতা দাসে কয়৷
জ্যোতিনগৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তনুশ্ৰী কলিতাই কয় “এই দিনকেইটিৰ বাবে আমি ৰৈ থাকোঁ৷ বিদ্যালয় পৰিদৰ্শন কৰিবলৈ অহা নতুন ছাৰ-বাইদেউৰ সৈতে চিনাকি হওঁ৷ নতুন নতুন কথা শিকিবলৈ পাওঁ৷”
বঙাইগাঁও, কাছাৰ, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, মৰিগাঁও, নলবাৰী, বিশ্বনাথ (শোণিতপুৰ জিলাৰ অংশ) সামৰি গুণোৎসৱৰ তৃতীয় পৰ্যায় ১৫-১৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয়৷ এই পৰ্যায়ত ১১,৯০০ৰো অধিক বিদ্যালয়ৰ ১১.৫৬ লাখ গৰাকী ছাত্ৰ-ছাত্ৰীক মূল্যায়ন কৰা হয়৷
ডিব্ৰুগড়ৰ চাচনী যমুনামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভূপেন গোহাঁইয়ে কয়, “গুণোৎসৱে শিক্ষাৰ লগত জড়িত নতুন তথা আধুনিক পদ্ধতিসমূহৰ সৈতে আমাক পৰিচয় কৰাই দিছে৷ গুণোৎসৱৰ বাবে বিশেষকৈ ভিতৰুৱা অঞ্চলৰ বিদ্যালয়সমূহৰ বিষয়ে মানুহে সামাজিক বা অন্য মাধ্যমযোগে জানিবলৈ পাইছে৷ শিক্ষাৰ ক্ষেত্ৰত মানুহ সজাগ হৈছে৷ নীতি-নিয়ম, শৃংখলাবদ্ধতা প্ৰতিদিনেই মানি চলিবলৈ গুণোৎসৱে আমাৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজক অনুপ্ৰেৰণা যোগাইছে৷’’
“২০২৩ চনৰ গুণোৎসৱত চিৰাং জিলাত মোৰ তিনিখন বিদ্যালয়ত দায়িত্ব পৰে৷ ইয়াৰ ভিতৰত এখন প্ৰাথমিক আৰু আন দুখন মজলীয়া বিদ্যালয়৷ প্ৰাথমিক বিদ্যালয়খনত বিভিন্ন জনগোষ্ঠীয় ৭৫গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে৷ ইয়াত অসমীয়া আৰু বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলক তিনিগৰাকী শিক্ষকে পাঠদান কৰায়৷ মজলীয়া বিদ্যালয়ৰ এখনত ১২গৰাকী শিক্ষকৰ সৈতে ১০০ৰো অধিক শিক্ষাৰ্থী আছে আৰু আন এখনত ১৩গৰাকী শিক্ষকৰ সৈতে ৩০০ৰো অধিক শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে৷ ইয়াৰে এখন মজলীয়া বিদ্যালয়ত বাল্য বিবাহৰ দৰে ঘটনাও সংঘটিত হৈছে৷ বিশুদ্ধ খোৱাপানীৰ উপলভ্যতা, আন্তঃগাঁথনিগত সমস্যাকে ধৰি আন বহু বাধাৰ মাজতো বিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ অংশগ্ৰহণ কিন্তু উৎসাহজনক আছিল,” অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত অসম চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়াই এনেদৰে কয়৷