১৯৯২ চনৰ জইণ্ট এডমিছন টেষ্টৰ ফলাফলৰ তালিকাত এটা নাম জিলিকি আছিল- ‘মনোজ কুমাৰ বসুমতাৰী’৷ কিন্তু, বসুমতাৰীয়ে দিল্লীলৈ যাবলৈহে ইচ্ছা কৰিলে আৰু নামভৰ্তি কৰিলে চেইণ্ট ষ্টিফেনচ কলেজত৷ লক্ষ্য আছিল- ভাৰতীয় লোকসেৱা৷ গণিত বিভাগত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি তেওঁ কেম্পাছ ল’ চেণ্টাৰত নামভৰ্তি কৰে৷ ১৯৯৭ চনত মধ্যবিত্ত পৰিয়ালটোৰ দায়িত্ব ল’বলৈ তেখেতে চাকৰি বিচািৰবলৈ আৰম্ভ কৰিলে৷ তিনিটা বেংক পিঅ’ৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তিনিওটাতে সফল হ’ল আৰু তেওঁ ইউনিয়ন বেংক অফ ইণ্ডিয়াত চাকৰি আৰম্ভ কৰে৷ দহমাহৰ পাছত তেওঁ ভাৰতীয় ষ্টেট বেংকত যোগদান কৰে৷ জীৱনত কেতিয়াও বেংকাৰ হ’ম বুলি নভবা বাবেই হয়তো মনোজ কুমাৰ বসুমতাৰীয়ে চাকৰি জীৱনৰ সন্তুষ্টি লাভ কৰিব পৰা নাছিল৷
অৱশেষত ২০১৩ চনত তেওঁ বেংকৰ চাকৰিৰ পৰা পদত্যাগ কৰে৷ গাঁৱৰ মাটিৰ সুবাসে বসুমতাৰীক শোণিতপুৰ জিলাৰ ঘোৰামাৰীৰ ঢেকীদ’ল গাঁৱলৈ ওভতাই আনিলে৷
গাঁৱলৈ আহি গ্ৰামীণ অৰ্থনীতি আৰু কৃষি খণ্ডতেই কিবা এটা কৰাৰ পৰিকল্পনা কৰে বসুমতাৰীয়ে৷ তেনে এটা দিনতে ভাতৃৰ বন্ধু খনীন্দ্ৰ কলিতাই বসুমতাৰীক গাহৰি পালন কৰিবলৈ পৰামৰ্শ দিয়ে৷ তেওঁ গাহৰি পালনৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ লৈ দেখা পালে যে এই খণ্ডটোত প্ৰত্যাহবানৰ লগতে সুবিধাও বহুত আছে৷ সেয়ে ২০১৪ চনত ২৫জনী মাইকী গাহৰি আৰু দুটা মতা গাহৰিৰে বসুমতাৰীয়ে নিজৰ এখন ফাৰ্ম আৰম্ভ কৰে৷ সেই বছৰতে তেওঁ নিজৰ পৰিবাৰৰ চাকৰিসূত্ৰে বেলজিয়ামলৈ যায়৷ তাতেই তেওঁ ইউৰোপৰ গাহৰি ফাৰ্মসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰে৷ ২০১৫ চনত বসুমতাৰীয়ে নেদাৰলেণ্ডৰ এখন গাহৰি ফাৰ্ম পৰিদৰ্শন কৰাৰ সুবিধা পায়, যি তেওঁৰ গাহৰি পালনৰ ব্যৱসায়িক লাভৰ ক্ষেত্ৰত থকা দৃষ্টিভংগী সলনি কৰিলে৷
২০১৬ চনৰ মে’ মাহত মনোজ কুমাৰ বসুমতাৰী আৰু খনীন্দ্ৰ কলিতাই প্ৰতিষ্ঠা কৰা ‘ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেড’ এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু উদ্যমীৰ বাবে এটা পৰিচিত নাম৷ প্ৰথমতে ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে গাহৰি পোৱালী বিক্ৰী কৰিছিল৷ কিন্তু এতিয়া গাহৰি পালন আৰু সফলতাৰ এক বৰ্ণিল যাত্ৰা ইয়াৰ পৰিসৰ বৃদ্ধি পাইছে৷ বৰ্তমান তেওঁলোকে গাহৰি পোৱালীৰ লগতে ব্ৰিডিং ষ্টক, খাছী গাহৰি, গাহৰিৰ খাদ্য আদিও বিক্ৰী কৰে৷ লগতে, ওচৰৰ গাহৰি পালকসকলক ভেকচিন বা আন প্ৰয়োজনীয় সামগ্ৰীও যোগান ধৰে৷ লকডাউনৰ সময়ত ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে ‘শ্লাইছ অফ গাহৰি’ নামেৰে এটা মাংসৰ ব্ৰেণ্ড আৰম্ভ কৰে৷
২০২১-২২ বিত্তীয় বৰ্ষত ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডৰ উপাৰ্জন আছিল ৩ কোটি টকা আৰু ভেলুৱেচন প্ৰায় ১৫ কোটি টকাৰ৷ “এতিয়া আমাৰ পৰিকল্পনা চলি আছে কৃত্ৰিম গৰ্ভধাৰনৰ ওপৰত, লগতে আমি আমাৰ সামগ্ৰী ৰপ্তানি কৰাৰ পৰিকল্পনাও কৰিছোঁ,’’ মনোজ কুমাৰ বসুমতাৰীয়ে কয়৷
‘‘সফলতাৰ সংজ্ঞা ব্যক্তিভেদে সুকীয়া৷ মোৰ ক্ষেত্ৰত কিছুমান লক্ষ্যত উপনীত হ’বলৈ এতিয়াও বাকী আছে৷ কিন্তু, মই এটা কথাত সন্তুষ্টি পাওঁ যে মোৰ এই ফাৰ্মকেইখনৰ বাবে আজি বহুকেইজন যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছে,” মনোজ কুমাৰ বসুমতাৰীয়ে কয়৷
ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে এতিয়া শতাধিক লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন প্ৰদান কৰিছে৷ ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডৰ ডেকাৰগাঁৱত থকা এটা খুচুৰা বিক্ৰী কেন্দ্ৰত কৰ্মৰত জোনমণি বৰুৱাই কয়, ‘‘চাৰে বহু যুৱক যুৱতীক আত্মনিৰ্ভৰশীল হ’বলৈ বাট দেখুওৱাইছে৷ তাৰ লগতে আমাৰ দৰে অঞ্চলটোৰ বহু লোকক সংস্থাপন দিছে৷”
তেজপুৰৰ ধলাইবিলৰ পৰী বৰ্মন শইকীয়াই গাহৰি পালনৰ পৰিকল্পনা কৰি মনোজ কুমাৰ বসুমতাৰীৰ সৈতে যোগাযোগ কৰিছিল৷ ২০১৭ চনৰ পৰা কেৱল উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতীৰ বাবে গাহৰি পালনৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে চলাই আহিছে, য’ত এতিয়ালৈকে প্ৰায় ১৫০০গৰাকী যুৱক-যুৱতী প্ৰশিক্ষিত হৈছে৷ পৰীয়ে এই তিনিদিনীয়া প্ৰশিক্ষণত অংশ লয়৷
“এই ক্ষেত্ৰখন মোৰ বাবে একেবাৰে নতুন আছিল৷ তেখেতে আমাক বিজ্ঞানসন্মত প্ৰণালীবোৰ খুটি-নাটি মাৰি শিকালে, তেওঁ আমাক নিজৰ ফাৰ্মত কামবোৰ কৰিও দেখুওৱালে, আৰু তেওঁৰ ফাৰ্মৰ চিকিৎসকজনৰ পৰা আমি প্ৰয়োজনীয় সময়ত পৰামৰ্শও ল’ব পাৰোঁ,” পৰিয়ে কয়৷ পৰি বৰ্মন শইকীয়া, ঢেকীয়াজুলিৰ ডেভিদ বসুমতাৰী বা শিৱসাগৰৰ ৰাজা দত্তৰ দৰে বহু যুৱক-যুৱতীয়ে মনোজ কুমাৰ বসুমতাৰীৰ ওচৰত প্ৰশিক্ষণ লৈ ব্যৱসায় ভিত্তিত গাহৰি পালন আৰম্ভ কৰিছে৷
যোৱা ছেপ্টেম্বৰত ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে, ষ্টেট বেংক অফ ইণ্ডিয়া আৰু কৃষকৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে, য’ত শোণিতপুৰ জিলাৰ ৫০ৰো অধিক কৃষকে বেংকৰ পৰা ঋণ পাইছে আৰু ছীমবায়’টিক ফুড্ছ প্ৰাইভেট লিমিটেডে তেওঁলোকক বাই বেক গেৰাণ্টীৰ সৈতে গাহৰি পালনৰ প্ৰয়োজনীয় নীতি নিৰ্দেশনা আৰু আহিলা প্ৰদান কৰিছে ৷
পৰম্পৰাগত গাহৰি পালনে অসমত কেতিয়াও এক লাভজনক ব্যৱসায়িক পৰিৱেশ গঢ় দিব নোৱাৰে৷ এই ক্ষেত্ৰখনত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ তেওঁৰ যাত্ৰা অব্যাহত আছে৷ গাহৰি পালন উদ্যোগলৈ আগবঢ়োৱা বৰঙণিৰ বাবে মনোজ কুমাৰ বসুমতাৰীলৈ অসম চৰকাৰে ‘অসম গৌৰৱ’ সন্মান প্ৰদান কৰে৷