যোৰহাটৰ এগৰাকী অভিজ্ঞ চাইক্লিষ্ট হৈছে অঞ্জুমণি বৰা। পঞ্চাশৰো ঊৰ্ধৰ অঞ্জুমণিয়ে খেল মহাৰণ ২.০-ত অংশগ্ৰহণ কৰি ক্ৰীড়াৰ প্ৰতি থকা আৱেগ, ভালপোৱাক পুনৰবাৰ প্ৰতিফলিত কৰিলে। শিশুকালৰ পৰাই চাইকেল চলোৱাটো আছিল তেখেতৰ বাবে এক মানসিক শান্তিৰ উৎস। এই প্ৰতিযোগিতাই তেখেতক কেৱল বিচাৰক হিচাপেই নহয়, প্ৰতিযোগী হিচাপেও অংশগ্ৰহণৰ সুযোগ দিলে।
“নৱপ্ৰজন্মৰ প্ৰতিযোগীসকলক চাই মোৰ মনতো ইচ্ছা জাগিল। কৰ্তৃপক্ষৰ অনুমতি লৈ মই ‘১৭ বছৰৰ ঊৰ্ধৰ’ শাখাত চাইক্লিঙত অংশগ্ৰহণ কৰিলোঁ,” এই কথা তেখেতে ‘অসম বাৰ্তা’ৰ প্ৰতিৱেদকক কয়।
প্ৰথম পৰ্যায়ত ১০ কিলোমিটাৰ ইউ এল বি স্তৰৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি বিধান সভা আৰু জিলা পৰ্যায়ত ২০ কিলোমিটাৰ চাইক্লিঙত তেখেতে শীৰ্ষস্থান দখল কৰে। ৰাজ্যিক পৰ্যায়ত ৫৫গৰাকী প্ৰতিযোগীৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰি তেখেতে ২০ কিলোমিটাৰ শাখাত ১২সংখ্যক স্থান লাভ কৰে। তেখেতে কয়, “মোৰ বাবে এয়া এক অনন্য সাফল্য। অনুশীলন নোহোৱা সত্ত্বেও মই অংশগ্ৰহণ কৰিলোঁ কেৱল নিজক অনুপ্ৰেৰণা যোগাবলৈ। মনোবল আৰু উৎসাহ থাকিলে সকলো সম্ভৱ।”

তেখেতে নিজৰ সহনশীলতাৰ উৎস হিচাপে যোগাসনৰ শক্তিৰ বিষয়ে উল্লেখ কৰে, “বহু বছৰ ধৰি মই নিয়মিত যোগাসন কৰি আহিছোঁ, যিয়ে এই যাত্ৰাত মোৰ মনোবল বৃদ্ধি কৰি শক্তি হিচাপে কাম কৰিছে।”
অঞ্জুমণিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া তথা যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গার্লোছাক খেল মহাৰণৰ দৰে পৰিৱর্তনশীল পদক্ষেপ আৰম্ভ কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। “খেল মহাৰণ হৈছে ক্ৰীড়া সুপ্ত প্ৰতিভাবোৰ বিকাশ সাধনৰ এক উৎকৃষ্ট পদক্ষেপ। বিশেষকৈ মহিলা আৰু শিশুসকলৰ বাবে এয়া এক অনন্য মঞ্চ।”
খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ হৈছে প্ৰথম সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ ফলশ্ৰুতি। ৰাজ্যজুৰি উৎসাহ আৰু মনোবল বৃদ্ধিৰে তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিভা বিকাশৰ এয়া এখন উৎকৃষ্ট মঞ্চ। গ্ৰামাঞ্চল তথা দুৰ্গম এলেকাত বাস কৰা ক্ৰীড়াপ্ৰেমী আৰু প্ৰতিভাৱান খেলুৱৈসকলৰ বাবে এই প্ৰতিযোগিতাই এখন মঞ্চ আগবঢ়াইছে।
এই প্ৰতিযোগিতাৰ এক বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ ”সকলো বয়সৰ খেলুৱৈসকলৰ অংশগ্ৰহণ”। অঞ্জুমণিৰ দৰে শিৱসাগৰৰ আঠ বছৰীয়া নাহিদ বেগম আছিল কনিষ্ঠ প্ৰতিযোগীৰ ভিতৰত অন্যতম, যিয়ে ১৪ বছৰৰ অনুৰ্ধৰ চাইক্লিং প্ৰতিযোগিতাত নিজৰ বয়সতকৈ ডাঙৰ খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে।
নাহিদৰ মাতৃ নজমা বেগমে কয়, “মই মোৰ ছোৱালীজনীৰ প্ৰদৰ্শনত খুবেই আনন্দিত। মাত্ৰ এটা মাহৰ ভিতৰত চাইকেল শিকি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।”
বিধান সভা পৰ্যায়ত ডিমৌত ৮ কিলোমিটাৰ, জিলা পৰ্যায়ত ১৮ কিলোমিটাৰ আৰু ৰাজ্যিক পৰ্যায়ত ১৫ কিলোমিটাৰৰ শাখাত অংশ লৈ তেওঁ সকলোকে আচম্বিত কৰে। “আমি ভবাই নাছিলোঁ যে তেওঁ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পূৰ্ণ কৰিব, কিন্তু এয়া সম্ভৱ কৰি দেখুৱালে।”
এই অনন্য প্ৰদৰ্শনে ক্ৰীড়া মন্ত্ৰী নন্দিতা গার্লোছাৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁ নাহিদক এখন ৰেচিং চাইকেল উপহাৰ দিয়ে।
খেল মহাৰণ ২.০-ত যোৰহাট জিলাই ৩২টা পদক (১২টা সোণ, ১৫টা ৰূপ আৰু ৫টা ব্ৰঞ্জ) লাভ কৰি প্ৰথম স্থানত থাকে। কামৰূপ (মেট্ৰ’)-য়ে ২৩টা পদক (৯টা সোণ, ৪টা ৰূপ, ১০টা ব্ৰঞ্জ)ৰে দ্বিতীয় স্থানত থাকে। তৃতীয় স্থান দখল কৰে ডিব্ৰুগড় আৰু কামৰূপ, যিয়ে ৭টা পদক (৪টা সোণ, ২টা ৰূপ, ১টা ব্ৰঞ্জ) লাভ কৰে।
মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এক্স’-ত লিখে, “এয়া মোৰ ভাল লগা প্ৰচেষ্টাসমূহৰ ভিতৰত অন্যতম। অসমৰ প্ৰতিটো কোণৰ প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰাৰ বাবে এয়া এক উৎকৃষ্ট মঞ্চ।”
গোৱালপাৰা জিলাৰ শৰীৰিক শিক্ষাৰ প্ৰশিক্ষক আৰু চিৰাঙত কৰ্মৰত গুণ শংকৰ ৱৰিয়ে কয়, “এয়া অসম চৰকাৰৰ এটি সপোনৰ প্ৰকল্প, যিয়ে দুয়োটা সংস্কৰণতে অনন্য সফলতা লাভ কৰিছে। গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে এই প্ৰতিযোগিতাই এক বৃহৎ সুযোগ সৃষ্টি কৰিছে।”
পঞ্চায়ত আৰু ভি চি ডি চি পৰ্যায়ত প্ৰতিযোগিতা আয়োজনৰ দায়িত্বত থকা ৱৰিয়ে জনায়, “মানুহৰ পৰা পোৱা প্ৰতিক্ৰিয়াই মোৰ মনত এক উৎসাহৰ সৃষ্টি কৰিছে। খেল মহাৰণ হৈছে অসম চৰকাৰৰ ক্রীড়া ক্ষেত্ৰৰ উন্নয়ন আৰু ৰাজ্যক ক্রীড়াৰ এটি মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিফলন।”
মন্ত্ৰী নন্দিতা গার্লোছাই সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ ৭টা বিভাগত অনুষ্ঠিত চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত ৭০০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। “মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত খেল মহাৰণে সুপ্ত প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ বাবে মঞ্চ আগবঢ়াইছে। সকলো খেলুৱৈক শুভেচ্ছা,” এইবুলি তেখেতে উল্লেখ কৰে।










