‘বড়োসকলৰ পিতৃ’ হিচাপে পৰিচিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ জাতিটোৰ উত্তৰণৰ বাবে অনন্য অৱদান আগবঢ়াই গৈছে। তেখেতৰ এই অৱদানৰ প্ৰতি সন্মান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত বডোফাৰ ৯ ফুট উচ্চতাৰ এটি প্ৰতিমূর্তি উন্মোচন কৰাৰ লগতে দিল্লীৰ এটি গুৰুত্বপূৰ্ণ পথৰ নতুন নামকৰণ ‘উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ’ হিচাপে কৰে।
গৃহমন্ত্ৰীগৰাকীয়ে বডোফাৰ গৌৰৱ, পৰিচয় আৰু জনগোষ্ঠীটোৰ অধিকাৰৰ বাবে কৰা অবিৰত সংগ্ৰামক প্ৰশংসা কৰি কয়, “জনজাতীয় লোকৰ স্বাভিমান, পৰিচয় আৰু সম অধিকাৰৰ শক্তিশালী কণ্ঠস্বৰ হৈ পৰা বডোফাই তেখেতৰ জীৱনকালত এই সমাজখনক একত্ৰিত কৰি শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰৰ বাবে যুঁজিবলৈ প্ৰেৰণা যোগাইছিল।”
দেশৰ ৰাজধানীৰ এটা গুৰুত্বপূৰ্ণ পথৰ নাম সলনি কৰি ৯ ফুটৰ প্ৰতিমূৰ্তি স্থাপনৰ সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীয়ে কয়, “দিল্লীত স্থাপন কৰা এই প্ৰতিমূৰ্তিয়ে বড়োলেণ্ডৰ প্ৰতি সন্মান জনোৱাৰ লগতে দেশৰ ভিন্ন জনগোষ্ঠীয় লোকসকলে নিজৰ ভাষা, ধৰ্ম, জাতি আৰু জনসাধাৰণৰ বিকাশ আৰু প্ৰগতিৰ বাবে কৰা সংগ্ৰামৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হৈছে।”
বড়োলেণ্ড গেষ্ট হাউছৰ কাষেৰে পাৰ হৈ যোৱা কৈলাশ কলনী মেট্ৰ’ ষ্টেশ্যনৰ সমীপত ৮৩৫ মিটাৰ দীঘল আৰু ৫০ ফুট বহল এ৫-এ১৮ কৈলাশ কলনী ৰোডৰ অংশৰ নাম সলনি কৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ নামেৰে নামাকৰণ কৰা হৈছে। তদুপৰি কৈলাশ কলনীৰ পথত স্থাপন কৰা হৈছে বডোফাৰ প্ৰতিমূৰ্তি।
“বডোফা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেখেতৰ স্মৃতি আমাৰ মাজত জীয়াই ৰাখিবলৈ বড়োলেণ্ড আৰু জনজাতীয় সমাজে সবল পদক্ষেপ গ্ৰহণ কৰিছে। হাজাৰ হাজাৰ যুৱক-যুৱতীৰ ত্যাগৰ বাবে আজি বড়োলেণ্ডে শান্তি আৰু উন্নয়নৰ পথত আগবাঢ়িছে। দেশৰ সকলো জনসাধাৰণৰ দৰেই আমাৰ দেশত বড়ো সমাজৰ সম-অধিকাৰ আছে,” অমিত শ্বাহে কয়।

৯ মাহৰ বিস্তৃত আলোচনাৰ অন্তত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত বহু যুৱক-যুৱতীয়ে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ উভতি অহাৰ কথা তেখেতে উল্লেখ কৰে, “বড়ো চুক্তিৰ ৯৬% সমস্যা আমি সমাধান কৰিছোঁ আৰু অতি সোনকালে ১০০% সমাধান কৰিম। এয়া মোদী চৰকাৰৰ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণলৈ এক বৃহৎ উপহাৰ।”
গৃহমন্ত্ৰীগৰাকীয়ে বড়ো যুৱক-যুৱতীসকলক বাথৌ ধৰ্মক আগবঢ়াই নিবলৈ আৰু অসমৰ উন্নয়নত অৰিহণা যোগাবলৈ আহ্বান জনায়।
সামৰণী ভাষণত তেখেতে কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি আৰু শক্তি হৈছে অমূল্য অৱদান আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত সমগ্ৰ জাতিৰ শক্তিক ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে মোদী চৰকাৰে কাম কৰি আছে।”
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানৰ ভাষণত কয়, “বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই মহাত্মা গান্ধীৰ দ্বাৰা অনুপ্ৰাণিত হৈ এক অহিংস আন্দোলনৰ নেতৃত্ব দি নিজৰ জনসাধাৰণৰ অধিকাৰৰ বাবে সাহসেৰে যুঁজিছিল।”
এই দিনটোক অসমৰ বাবে গৌৰৱৰ দিন বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “বড়ো জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষাৰ বাবে বডোফা ব্ৰহ্মই নিজৰ জীৱন উৎসৰ্গা কৰিছিল।”

“এসময়ত পৃথক বড়োলেণ্ডৰ বাবে কৰা দাবীয়ে অসমক বিভাজিত কৰাৰ ভাবুকি দিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত আৰম্ভ হোৱা ২০২০ বড়ো শান্তি চুক্তিয়ে অঞ্চলটোৰ বাবে শান্তি আৰু একতাৰ নতুন যুগৰ সূচনা কৰিছিল। বডোফা ব্ৰহ্মৰ লগতে যিসকল জনতাই আত্মবিশ্বাসেৰে গণতান্ত্ৰিক সংগ্ৰামখনত যুঁজ দিছিল, তেওঁলোকেও এই সন্মানৰ যোগ্য,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
আনহাতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে এক্স’ত প্ৰকাশ কৰে, “আমাৰ বডোফা, আমাৰ গৌৰৱ! বডোফা — বড়ো জনগোষ্ঠীৰ পিতৃ হৈছে বড়ো সমাজৰ পৰিচয়, আকাংক্ষা আৰু মৰ্যাদাৰ চিৰন্তন মূৰ্তি। ৰাজধানীৰ বুকুত তেখেতক প্ৰদান কৰা এই সন্মানে ভাৰতৰ ইতিহাসত বড়ো জনগোষ্ঠীৰ এক শক্তিশালী ভূমিকা থকাৰ কথাটো প্ৰতিফলিত কৰিছে।”










