অসমৰ প্ৰতিটো কোণৰ সামগ্ৰিক উন্নয়নৰ বিষয়ত গুৰুত্ব দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাৰ বাবে ১০০ কোটিৰো অধিক উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা কৰে।
পথ আৰু দলং নিৰ্মাণ, পথ বহলীকৰণ, উন্নয়ন আৰু আধুনিকীকৰণক ধৰি বহুতো প্ৰকল্পৰ জৰিয়তে কাৰ্বি আংলঙৰ যোগাযোগ ব্যৱস্থাত এক অভূতপূৰ্ব পৰিৱর্তন আশা কৰা হৈছে।
ডিফুত এক সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই সকলো প্ৰকল্পই কাৰ্বি আংলঙত এক অভূতপূৰ্ব উন্নয়ন অনাৰ বাট প্ৰশস্ত কৰিছে। অংগনৱাড়ী কেন্দ্ৰসমূহত বিদ্যালয় সামগ্ৰী প্ৰদানৰ জৰিয়তে শিশুসকলৰ সামগ্ৰিক বিকাশ আৰু বন্ধুত্বপূৰ্ণ শৈক্ষিক পৰিৱেশ সৃষ্টি হ’ব, য’ত খেল-ধেমালিৰ মাজেৰে শিক্ষাৰ ব্যৱস্থা থাকিব।”
তেখেতে ঘোষণা কৰে যে এইবাৰ ১ অক্টোবৰৰ পৰা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰা হ’ব আৰু এককালীন অনুদানো প্ৰদান কৰা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে শিক্ষাৰ পৰিৱেশ আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্ত:গাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয়লৈকে এক উন্নত আন্ত:গাঁথনি গঢ়ি তোলাৰ চেষ্টা কৰিছে যাতে কাৰ্বি আংলঙৰ শিক্ষাৰ্থীসকল মানৱ সম্পদ হিচাপে গঢ়ি উঠিব পাৰে।
তেখেতে লগতে কয়, “আমাৰ শিক্ষাৰ মান উন্নয়ন কৰিবলৈ আমি অবিৰতভাৱে বিভিন্ন আন্ত:গাঁথনিমূলক প্ৰকল্প গ্ৰহণ কৰি আহিছোঁ আৰু এই প্ৰচেষ্টা আগলৈয়ো অব্যাহত থাকিব। শিশুৱে উচ্চমানসম্পন্ন শিক্ষা লাভ কৰিব বুলি যদি আমি আশা কৰোঁ, তেন্তে সেই শিক্ষাৰ আধাৰ অংগনৱাড়ী কেন্দ্ৰতেই নিশ্চিত কৰিব লাগিব।”
ডিফুত যাতায়াতৰ সমস্যা হ্ৰাস কৰিবলৈ ডিফু ষ্টেডিয়ামৰ পৰা জেনেৰেল পোষ্ট অফিচলৈ নিৰ্মাণাধীন ১.৪ কিল’মিটাৰ দৈৰ্ঘ্যৰ চাৰিলেন উৰণ সেতু ২০২৫ চনৰ ৩১ ডিচেম্বৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। লগতে, হামৰেনৰ পৰা তুমপ্ৰেংলৈ ২৯.৭০ কিল’মিটাৰ দৈৰ্ঘ্যৰ পথৰ নিৰ্মাণৰ কাম ২০২৫ চনৰ ডিচেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যও স্থিৰ কৰা হৈছে।









